নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত নগৰবেৰা চিকিৎসালয়

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰী : সোমবাৰৰ আবেলি কামৰূপৰ নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ উদ্ৰেক ঘটে। এগৰাকী মহিলাৰ মৃত্যুক লৈ পৰিয়ালৰ লোক, আত্মীয়ই সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ, ভুল চিকিৎসাৰ বাবেই মহিলাগৰাকীৰ মৃত্যু ঘটাৰ অভিযোগ। জানিব পৰা মতে নগৰবেৰাৰ জামলাইৰ তাইজুদ্দিন নামৰ এজনৰ পত্নী আবেদা খাতুনৰ মাতটো হঠাৎ বহি যোৱাত দেখুৱাবলৈ নিয়া হৈছিল চিকিৎসালয়খনত। চিকিৎসকে চাই-চিতি এটা ইনজেকচন দিয়াৰ পাছতেই মহিলাগৰাকী সংজ্ঞাহীন হোৱা আৰু পাছলৈ চিকিৎসাধীন অৱস্থাতেই মহিলাগৰাকীৰ মৃত্যু ঘটা বুলি পৰিয়ালৰ অভিযোগ। মহিলাগৰাকীৰ মৃত্যুৰ পাছতেই উত্তেজিত হৈ পৰে পৰিয়ালৰ লোক তথা আত্মীয়সকল আৰু চিকিৎসালয়ৰ ভিতৰত লণ্ডভণ্ড কৰে বিভিন্ন সামগ্ৰী। অৱশেষত আৰক্ষীৰ উপস্থিতিতহে কোনোমতে শাম কাটে উত্তেজনা, ঘটনাটোক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য বিয়পে চিকিৎসালয়খনত।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like