নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ২৭ জুনঃ ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান। সোমবাৰে প্ৰায় দুই কোটি টকাৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক । ধৃত সৰবৰাহকাৰীজন হৈছে ধুবুৰী জিলাৰ অন্তৰ্গত বিলাসীপাৰাৰ আনোৱাৰ হুছেইন ওৰফে ৰাজু । এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ৰঙিয়াৰ হাইৱে চ’কত এখন বাছৰ পৰা ড্ৰাগছসহ সৰবৰাহকাৰীজনক আটক কৰে । অভিযানকাৰী দলটোৱে ধৃত সৰবৰাহকাৰীজনৰ পৰা ১২ টা চাবোনৰ বাকচত ২৬২ গ্ৰাম হেৰ’ইন জব্দ কৰে । এখন বেগত কঢ়িয়াই অনা ড্ৰাগছখিনি ৰঙিয়াত এজন ড্ৰাগছ ব‍্যৱসায়ীক বিক্ৰী কৰিবলৈ লোৱাৰ আগমুহুৰ্তত আৰক্ষীৰ দলটোৱে সৰবৰাহকাৰীজনক আটক কৰে ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like