নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অধ্যাপিকা হোৱাৰ সপোন কলা শাখাত প্ৰথম স্থান লাভ কৰা তিনিচুকীয়াৰ চেৰী গোঁহাইৰ

নিয়মীয়া বাৰ্তা, ২৭ জুন: “বোকাত পদুম ফুলে” -এই কথা সত্যত প্ৰমাণিত কৰিলে তিনিচুকীয়াৰ চেৰী গোঁহাইয়ে ৷ বোকা-পানী গচকি মহাবিদ্যালয়লৈ যোৱা চেৰী গোঁহাইয়ে উচ্চতৰ মাধ্যমিকৰ কলা শাখাত সৰ্বমুঠ ৪৮৭ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰাৰ পিছতে তিনিচুকীয়াত এক আনন্দৰ বন্যা আৰম্ভ হয়। তিনিচুকীয়া ৱিমেনছ্‌ কলেজৰ ছাত্ৰী চেৰী গোঁহায়ে কলা শাখাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰে । তিনিচুকীয়াৰ লাইপুলি কাপ্তানচুক গাঁৱৰ প্ৰবীন গোঁহাই আৰু মৃদুলা গোঁহাইৰ জেষ্ঠ কন্যা চেৰী গোঁহাই । প্ৰথম স্থান লাভ কৰাৰ খৱৰ লাভ পোৱাৰ পাছত স্বেৰী গোঁহায়ে কয় যে, মই স্থান পাম বুলি আশা কৰিছিলোঁ, কিন্তু প্ৰথম স্থান যে পাম সেয়া আশাই কৰা নাছিলোঁ ৷ মই প্ৰতিদিনে নিয়মিতভাৱে পঢ়ি গৈছিলোঁ, পঢ়াৰ সময়ত মা-দেউতাৰপৰা যথেষ্ট মৰম পাইছিলোঁ ৷ মই পঢ়াৰ সময়ত কোনো হাই হুলস্থূল কৰিব দিয়া নাছিল মা-দেউতাই ৷ মহাবিদ্যালয়ৰ চাৰ-বাইদেউ, পৰিয়ালৰ সকলো সদস্যৰ পৰা পোৱা মৰম-স্নেহ আৰু আশীৰ্বাদৰ কাৰণেই এয়া সম্ভৱ হৈছে ৷ ইফালে, চেৰীৰ বাসগৃহলৈ যোৱা পানীয়ে উপচি থকা বোকাময় পথটোৰ কথা জানিব বিচৰাত কয় যে, অলপ কষ্ট হয়, কিন্তু মহাবিদ্যালয়ৰ লগতে টিউচনলৈ যাবলৈ যথেষ্ট কষ্ট হয় ৷ ঘৰৰ পৰা উলায় যাঁওতে জোতা-চেন্দেল খুলি হাতত নিব লগা হয় আৰু মূল পথত ভৰি ধুই পিন্ধি ল’ব লগা হয় ৷ পথটো নিৰ্মাণ কৰি দিলে ভাল হয় আৰু ৷

চেৰীৰ সফলতাৰ সন্দৰ্ভত কৰ বিভাগত কৰ্মৰত পিতৃ প্ৰবীন গোঁহাই আৰু গৃহিণী মাতৃ মৃদুলা গোঁহায়ে কয় যে, তাই মেট্ৰিকত অকণমানৰ কাৰণে স্থান লাভ কৰিব নোৱাৰিলে, আৰু এতিয়া প্ৰথম স্থান লাভ কৰি সকলোকে গৌৰাৱাম্বিত কৰিলে ৷ আমি তেনেকৈ বিশেষ একো কৰিবলগা হোৱা নাই, সকলো তাই নিজৰ কষ্টৰ বলতে এই সফলতা ৷ এই সফলতাৰ খৱৰ আইতাকে লাভ কৰা হ’লে বহুত আনন্দিত হ’ল হয়, কিন্তু দুৰ্ভাগ্য যে আজিৰ পৰা পাঁচ দিনৰ আগতে আইতাকে আমাক এৰি গুচি গ’ল ৷ এতি ভৱিষ্যতে তাই যেনেদৰে আগুৱাই যাব বিচাৰে প্ৰতিটো ক্ষেত্ৰতে আমি সহযোগিতা আগবঢ়াই যাম ৷

ইফালে, চেৰী গোঁহাইৰ সফলতাক লৈ আনন্দিত হৈ পৰে অধ্যয়নগত তিনিচুকীয়া ৱিমেনছ্‌ কলেজ কতৃপক্ষই ৷ কলেজখনত গোঁহাইক অধ্যক্ষ, অধ্যাপক-অধ্যাপিকা, ছাত্ৰী একতা সভাৰ লগতে শুভাকাংক্ষীসকলে ফুলাম গামোচা, ফুলৰ থুপাৰে অভিনন্দন জনোৱাৰ লগতে মিঠাই খোৱাই আনন্দ উল্লাস কৰে ৷ অভিনন্দন জ্ঞাপনৰ সময়তে কলেজখনৰ অধ্যক্ষ ড° ৰাজীৱ বৰদলৈয়ে কয় যে, চৌদিশে কৰ’নাৰ বিভীষিকাৰ সময়তে স্বেৰীয়ে কলেজত নামভৰ্তি কৰিছিল ৷ তাই আৰম্ভণিৰ পৰা অত্যন্ত দায়িত্ববোধ ছাত্ৰী, প্ৰতিটো সময়তে কিবা শিকিবলৈ আগ্ৰহী ৷ ১৩ বছৰৰ পাছত আমাৰ কজেলৰ পৰা প্ৰথম স্থান লাভ কৰি কলেজৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিলে, গতিকে আমি আশীৰ্বাদ কৰিছো যাতে তাই অনাগত দিনতো সফলতাৰে আগুৱাই যাঁওক ৷ চেৰীৰ ফলাফলৰ খবৰ লাভ কৰাৰ পাছতে বাসগৃহত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, চাবুৱা সমষ্টিৰ বিধায়ক পুনাকণ বৰুৱা, মটক যুৱ-ছাত্ৰ সন্মিলন, মৰাণ ছাত্ৰ সন্থা, জাতীয়তাবাদী যু্ৱ-ছাত্ৰ পৰিষদ, তাই আহোম ছাত্ৰ সন্থাৰ লগতে ভালেসংখ্যক দল-সংগঠনৰ নেতৃত্ব উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰে ৷

প্ৰেৰক:- বিবেক বড়া

You might also like