আজি বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰী উপস্থিত হয় চি আই ডি কাৰ্যালয়ত। সোমবাৰে ফোনযোগে বিশিষ্ট সাহিত্যিকগৰাকীক তলব কৰিছিল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত তদন্ত চলাই থকা এছ আই টিয়ে । সেই অনুসৰি আজি প্ৰায় ১১ বজাত চি আই ডি কাৰ্যালয়ত হাজিৰ হোৱা বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰীৰ সাক্ষ্য গ্ৰহণ কৰে এছ আই টিয়ে।
এছ আই টিক সাক্ষ্যদানৰ অন্তত বিশিষ্ট সাহিত্যিকগৰাকীয়ে চি আই ডি কাৰ্যালয়ৰ পৰা ওলাই আহি সাংবাদিকৰ আগত কয়- মূলত: ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে প্ৰাণৰ শিল্পীগৰাকীৰে হোৱা পডকাষ্টটোক লৈয়ে কথা-বতৰা হয় এছ আই টিৰ সৈতে। মই কি ভাবো বা মই কি Anlysis কৰোঁ তাক লৈয়ে কথা-বতৰা হৈছে।
তদুপৰি সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়- ছিংগাপুৰ যাব বুলি গম পালে মই নিশ্চয়কৈ ক’লোঁহেতেন যে জুবিন যোৱাটো উচিত নহয়। তেওঁক আচলতে যাবই দিব নালাগিছিল বুলি মই ভাবোঁ। কাৰণ যিখিনি সময় মই তেওঁক পাইছোঁ বহুত সুস্থ যেন লগা নাছিল।
উল্লেখ্য যে ৰীতা চৌধুৰীৰে হোৱা উক্ত পডকাষ্টত প্ৰিয় শিল্পীগৰাকীয়ে উল্লেখ কৰা বহু কথাৰ দ্বাৰা জুবিনক নতুন ৰূপত বিচাৰি পাইছিল অসমবাসীয়ে। যথেষ্ট চৰ্চাও হৈছিল উক্ত পডকাষ্টটোৰ। পডকাষ্টটোৰ দ্বাৰা জুবিন গাৰ্গ সন্দৰ্ভত বহু কথাৰ ইংগিত পাইছিল জুবিন অনুৰাগীয়ে। সাক্ষাৎকাৰৰ পূৰ্বে অফ কেমেৰাও হিয়াৰ আমঠু জুবিনৰ সৈতে বহু কথা পাতিছিল ৰীতা চৌধুৰীয়ে। এই সকলোবোৰক লৈয়ে এছ আই টিয়ে আজি সাক্ষ্য গ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীৰ।
ডিজিটেল ডেস্ক, ২৮ অক্টোবৰ