নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ষট্ পূজাক লৈ উখল-মাখল পৰিৱেশ

ষট্ পূজা উপলক্ষে আজি পুৱতি নিশাৰ পৰা ধুবুৰীৰ বিভিন্ন পাৰঘাট লোকে-লোকাৰণ্য হৈ পৰে। উল্লেখ্য যে, এইবাৰ চহৰখনৰ কাষেৰে বৈ যোৱা বৰলুইত আৰু গদাধৰ নৈৰ মুঠ ৮টাকৈ পূৰ্বনিৰ্ধাৰিত পাৰঘাটত ষট্ পূজা অনুষ্ঠিত হয়।

প্ৰতি বছৰৰ দৰে এইবাৰো ধুবুৰী প্ৰশাসন আৰু পৌৰসভাৰ সহযোগত  ধুবুৰী ষট্ পূজা কমিটিয়ে  পাৰঘাটকেইটা  আগতীয়াকৈ পৰিস্কাৰ কৰি  আটক ধুনীয়াকৈ সজাই-পৰাই তোলে আৰু পুণ্যার্থীৰ সুবিধাৰ বাবে বিশেষ আলোকসজ্জাৰো ব্যৱস্থা কৰা হয়।

যোৱাকালি বিয়লি বেলি মাৰ যোৱাৰ সময়ত পাৰঘাটত উপস্থিত হোৱা হোৱা হাজাৰ হাজাৰ পুণ্যাৰ্থীয়ে  মাংগলিক নীতি-নিয়মনিয়ম মানি পূজা-অৰ্চনা কৰাৰ পিছত আজি পুৱতি নিশা বেলি উঠাৰ পূৰ্বেই  উপস্থিত হোৱা পুণ্যার্থীসকলে পাৰম্পৰিক নিয়ম-নীতিৰ মাজেৰে ষট্ পূজা সম্পন্ন কৰে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৮ নৱেম্বৰ

You might also like