নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টীম ইণ্ডিয়াৰে টেষ্ট শৃংখলা : দক্ষিণ আফ্রিকাৰ দল ঘোষণা

অন্তিমখন টেষ্ট ২২ নৱেম্বৰৰ পৰা গুৱাহাটীৰ বর্ষাপাৰাৰ এচিএ ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব

পুনৰ দললৈ প্রত্যাৱর্তন ঘটিল টেম্বা বাভুমাৰ৷ ঘৰুৱা দল টীম ইণ্ডিয়াৰ বিপক্ষে খেলিবলগীয়া আসন্ন দুখন টেষ্ট মেচৰ শৃংখলাটোৰ বাবে দক্ষিণ আফ্রিকাৰ ১৫জনীয়া দলটো ঘোষণা কৰিছে দক্ষিণ আফ্রিকা ক্রিকেট ব’র্ডে৷

ঘোষিত দলটোৰ অধিনায়ক হিচাপে পুনৰ দায়িত্ব লৈ ঘূৰি আহিছে বাভুমা৷ পাকিস্তানৰ বিৰুদ্ধে সদ্যসমাপ্ত দুখনীয়া টেষ্ট মেচৰ শৃংখলাটোত আঘাতৰ বাবে অংশগ্রহণ কৰিব পৰা নাছিল বাভুমাই৷

সম্প্রতি আঘাতৰ পৰা সুস্থ হৈ পুনৰ টেষ্ট দলটোৰ দায়িত্ব প্রদান কৰা হয় বাভুমাক৷ ঘোষিত দলটোত তিনিজন বিশেষজ্ঞ স্পিনাৰক অন্তর্ভুক্ত কৰা হৈছে৷ তেওঁলোক হ’ল– কেশৱ মহাৰাজ, ছামিন হাৰমাৰ আৰু ছেনুৰন মুথুস্বামী৷

ইফালে পেচ বলাৰৰ দায়িত্বত থাকিব কাগিছো ৰাবাডা, মার্কো জানছেন আৰু ক’র্বিন বছ৷ অৱশ্যে পাকিস্তানৰ বিৰুদ্ধে খেলা ডেভিদ বেডিংহামক বাদ দিয়া হৈছে৷ টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্রিকাৰ মাজৰ দুখনীয়া টেষ্ট শৃংখলাৰ প্রথমখন টেষ্ট ১৪ নৱেম্বৰৰ পৰা কলকাতাৰ ইডেন গার্ডেনত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় তথা অন্তিমখন টেষ্ট ২২ নৱেম্বৰৰ পৰা গুৱাহাটীৰ বর্ষাপাৰাৰ এচিএ ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷

শৃংখলাটোৰ বাবে ঘোষিত দক্ষিণ আফ্রিকাৰ দলটো হ’ল– টেম্বা বাভুমা, এইডেন মার্কৰাম, ডেৱাল্ড ব্রেভিছ, ক’র্বিন বছ, ট’নী ডি জর্জি, জুবেইৰ হামজা, ছাইমন হাৰমাৰ, মার্কো জানছেন, কেশৱ মহাৰাজ, ৰিয়ান ৰিকেল্টন, ৱিয়ান মুল্ডাৰ, ছেনুৰন মুথুস্বামী, কাগিছো ৰাবাডা, ত্রিষ্টান ষ্টাবছ আৰু কাঈল ভেৰেনী৷

নিয়মীয়া বাৰ্তা ডেস্ক, ২৮ অক্টোবৰ

You might also like