নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিতৃ–মাতৃ বন্দনাঃ ৰাজ্যিক কর্মচাৰীলৈ ৯–১০ ফেব্রুৱাৰীত বিশেষ ছুটী; ১১–১২ ফেব্রুৱাৰীত কর্মচাৰীয়ে পাব চৰকাৰী বন্ধ

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ:  ৰাজ্যিক কর্মচাৰীসকলৰ বাবে সুখবৰ৷ অহা ২০২৩ বর্ষতো ৰাজ্যিক কর্মচাৰীসকলে পিতৃ–মাতৃ বন্দনাৰ বাবে চৰকাৰৰ পৰা লাভ কৰিব দুদিন বিশেষ ছুটী৷ অহা ৯ আৰু ১০ ফেব্রুৱাৰীত ৰাজ্যিক কর্মচাৰীসকলক পিতৃ–মাতৃৰ সৈতে কটোৱাৰ বাবে বিশেষ ছুটী প্রদান কৰিব৷ চৰকাৰে পিতৃ–মাতৃৰ সৈতে কটোৱাৰ বাবে বিশেষ ছুটী হিচাপে দুদিন মঞ্জুৰ কৰিব যদিও কর্মচাৰীসকলে চাৰি দিনকৈ পিতৃ–মাতৃৰ কাষত থাকিব পাৰিব৷

কিয়নো অহা ১১ ফেব্রুৱাৰীৰ দিনটো হৈছে দ্বিতীয় শনিবাৰ৷ সেইদৰে ১২ ফেব্রুৱাৰী হৈছে দেওবাৰ৷ স্বাভাৱিকতে ১১ আৰু ১২ ফেব্রুৱাৰীৰ দিন দুটা চৰকাৰী বন্ধৰ দিন৷ ফলত বিশেষ ছুটী আৰু চৰকাৰী বন্ধৰ দিন মিলি ৰাজ্যিক কর্মচাৰীসকলে অহা বছৰটোত চাৰি দিন পিতৃ–মাতৃৰ সৈতে কটাব পাৰিব৷

You might also like