নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ আঘাত ২০২০–২১ত অসমত লোকচান হ’ব ৩৪,৯৫২ কোটি টকা

ৰাজ্যৰ প্রতিজন ব্যক্তিৰ গড় আয় হ্রাস পাব ৯,৮০০ টকাকৈঃ ঘৰুৱা উৎপাদন হ’বগৈ ৯.৩ শতাংশ

নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ  মাৰাত্মক ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ৰ সংক্রমণে মোক্ষম আঘাত হানিছে দেশৰ অর্থনীতিত৷ অন্যান্য ৰাজ্যসমূহৰ লগতে অসমো সম্প্রতি ভয়াৱহ অর্থনৈতিক বিপর্যয়ৰ সন্মুখীন হৈছে৷ কেৱল চলিত ২০২০–২১ বিত্তীয় বর্ষত ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰিণতিত অসমৰ লোকচান হ’ব ৩৪,৯৫২ কোটি টকা৷ এই ধনৰাশি অসমৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ প্রায় ১০ শতাংশ৷ ষ্টেট বেংক অৱ ইণ্ডিয়া (এছবিআই)ৰ অর্থনৈতিক গৱেষণা বিভাগৰ শেহতীয়া এক প্রতিবেদনত এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে৷ চলিত মাহত এছ বি আইৰ মুখ্য অর্থনৈতিক উপদেষ্টা সৌম্যকান্তি ঘোষৰ তত্ত্বাৱধানত প্রস্তুত কৰা প্রতিবেদনখনত সন্নিৱিষ্ট তথ্য অনুসৰি সামগ্রিকভাৱে অসমৰ এনে লোকচানতকৈয়ো চিন্তনীয় বিষয়টো হৈছে চলিত বর্ষত ৰাজ্যৰ জনমূৰি আয়ো ব্যাপক হাৰত হ্রাস পাব৷ এছ বি আইৰ গৱেষণালব্ধ তথ্য মতে ২০২০–২১ বিত্তীয় বর্ষত অসমৰ প্রতিজন লোকৰ গড় আয় ৯,৮০০ টকাকৈ হ্রাস হ’ব৷ সেইদৰে ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন ৯.৩ শতাংশ হ্রাস পাব চলিত বিত্তীয় বর্ষত৷ অসমতকৈয়ো শোচনীয় অৱস্থা তুলনামূলকভাৱে উন্নত ৰাজ্যসমূহত৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে বলৱৎ কৰা বাধা–নিষেধ, লকডাউন আদিৰ বাবে ২০২০–২১ বিত্তীয় বর্ষত সমগ্র দেশৰ লোকচান সম্পর্কীয় তথ্য প্রত্যক্ষ কৰিলে কার্যতঃ চকু থৰ হৈ যাব৷ এছ বি আইৰ অর্থনৈতিক গৱেষণা বিভাগে দেশজুৰি চলোৱা অধ্যয়নৰ অন্তত প্রস্তুত কৰা প্রতিবেদনত উল্লেখ কৰা মতে চলিত বিত্তীয় বর্ষত সামগ্রিকভাৱে ভাৰতৰ লোকচান হ’ব ৩৮,০২,৯৮২ কোটি টকা৷ ইয়াৰ ভিতৰত সর্বাধিক ঘৰুৱা উৎপাদনশীল দেশৰ প্রথম পাঁচখন ৰাজ্যৰ লোকচানৰ পৰিমাণ ১৭,৬৩,৪০৪ কোটি টকা হ’ব৷ এই ৰাজ্যকেইখন হৈছে ক্রমে মহাৰাষ্ট্র (৫,৩৯,৩৪৪ কোটি টকা) তামিলনাডু (৩,৫১,১৪০ কোটি টকা) উত্তৰ প্রদেশ (৩,১১,৮৫০ কোটি টকা) গুজৰাট (৩,০৭,০৪১ কোটি টকা) আৰু কর্ণাটক (২,৫৪,০২৯ কোটি টকা)৷ আনহাতে, জনসংখ্যাৰ আনুপাতিক হাৰত দেশৰ সর্বাধিক ধনী ৰাজ্য তথা কেন্দ্রীয়শাসিত অঞ্চল হিচাপে পৰিচিত দিল্লী, গোৱা আৰু চণ্ডীগড়ৰ মুঠ ঘৰুৱা উৎপাদন ১৮.৫ শতাংশকৈ লোকচান হ’ব বুলি এছ বি আয়ে আগজাননী দিছে৷ বাস্তৱত চলিত বর্ষত গোৱাৰ জনমূৰি আয় ১,০৫,৯০৬ টকা দিল্লীৰ ৮৭,২২৩ টকা আৰু চণ্ডীগড়ৰ ৭৭,৫৪৫ টকা হ্রাস পাব৷ লক্ষণীয়ভাৱে এনে অর্থনৈতিক বিপর্যয়ৰ বাবে ক’ৰোনা ভাইৰাছৰ সংক্রমণতকৈ সমগ্র দেশতে অপৰিকল্পিতভাৱে বলৱৎ কৰা লকডাউনকহে অধিক দায়ী কৰা হৈছে৷ উদ্বেগজনক বিষয়টো হ’ল– সমগ্র দেশৰ লগতে অসমৰ এই লোকচান কেৱল চলিত বিত্তীয় বর্ষতেই সীমাবদ্ধ হৈ নাথাকে৷ ইয়াৰ বিৰূপ প্রভাৱ অনাগত কেইবাবছৰ ধৰি পৰিব৷ তদুপৰি ক’ৰোনা ভাইৰাছৰ সংক্রমণে দেশৰ গ্রাম্য অর্থনীতিৰ ৰাজহাড় ভাঙি পেলাব বুলি এছ বি আইৰ অর্থনৈতিক গৱেষণা বিভাগৰ প্রতিবেদনখনত আশংকা ব্যক্ত কৰা হৈছে৷ উল্লেখ্য যে যোৱা জুলাই মাহৰ পৰা দেশৰ গ্রামাঞ্চলত মাৰাত্মক ভাইৰাছবিধৰ ব্যাপক সংক্রমণ হ’বলৈ ধৰিছে৷ এই মুহূর্তত দেশৰ ৫০ শতাংশৰো অধিক ক’ভিড–১৯ আক্রান্ত লোক হৈছে গ্রামাঞ্চলৰ৷ ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণৰ প্রভাৱ ইতিমধ্যে দেশৰ গ্রামীণ অর্থনীতিত পৰিবলৈ আৰম্ভ কৰিছে৷ গ্রাম্য অর্থনীতিয়েই হৈছে দেশৰ অর্থনীতিৰ মূল চালিকা শক্তি৷ পৰিস্থিতি যি দিশে গতি কৰিছে ২০২০–২১ বিত্তীয় বর্ষত ভাৰতৰ বিকাশৰ হাৰ –১০ শতাংশতকৈয়ো হ্রাস পাব বুলি আশংকা ব্যক্ত কৰা হৈছে এছ বি আইৰ প্রতিবেদনখনত৷

You might also like