নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাডাখৰ এলএচিৰ সমীপত চীনৰ হেলিকপ্টাৰ; সীমান্তত বায়ু প্রতিৰক্ষা মিছাইল ভাৰতৰ

নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ  লাডাখৰ পূব প্রান্তৰ এল অ’ চিৰ সমীপত চীনৰ হেলিকপ্টাৰৰ কার্যকলাপ বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি ভাৰতেও সীমান্তত বায়ু প্রতিৰক্ষা মিছাইল মোতায়েন কৰিছে৷ সেনাৰ শীর্ষ বিষয়াৰ উদ্ধৃতি দি ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রচাৰিত বাতৰি অনুসৰি সীমান্তত ভাৰতীয় সেনাই ৰাছিয়াত নির্মিত ইগলা বায়ু প্রতিৰক্ষা ছিষ্টেম মোতায়েন কৰিছে৷

ভাৰতীয় আকাশীমার্গ শত্রুৰ বিমান কিম্বা হেলিকপ্ঢাৰে অতিক্রম কৰিলেই এই বায়ু প্রতিৰক্ষা ছিষ্টেমৰ দ্বাৰা প্রতিহত কৰা হ’ব৷ লক্ষণীয় যে ভাৰতীয় সেনাই এই বায়ু প্রতিৰক্ষা মিছাইল কান্ধত লৈ শত্রুপক্ষলৈ নিক্ষেপ কৰিব পাৰে৷ সীমান্তত মোতায়েন কৰা এই বায়ু প্রতিৰক্ষা পদ্ধতি ৰাছিয়ামূলৰ৷ স্থলসেনা বাহিনী আৰু বায়ুসেনা বাহিনীয়ে এই মিছাইল ছিষ্টেম ব্যৱহাৰ কৰে৷ যেতিয়াই চুবুৰীয়া শত্রু ৰাষ্ট্রই আকাশীমার্গ উলংঘন কৰি বিমান অথবা হেলিকপ্টাৰৰ কার্যকলাপ বৃদ্ধি কৰে তেতিয়াই এই মিছাইল ছিষ্টেম মোতায়েন কৰা হয়৷

তাৎপর্যপূর্ণ যে লাডাখত ভাৰত আৰু চীনা সৈন্যৰ মাজত উত্তেজনা বিগত দুমাহতকৈ অধিক সময় ধৰি অব্যাহত আছে৷ দুয়ো দেশে আলোচনাৰ জৰিয়তে এই উত্তেজনা শাম কটাব বিচাৰে যদিও চীনে গোপনে সামৰিক শক্তি বৃদ্ধি কৰি আহিছে৷

You might also like