নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীয়ে শিশুক প্রহাৰৰ ভিডিঅ’ ভাইৰেল; কনিষ্টবলক নিলম্বন

নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ  দেশৰ ৰাজধানী দিল্লীত ৰাজপথত এটি শিশুক আৰক্ষীৰ কনিষ্টবল এজনে নির্মমভাৱে প্রহাৰ কৰা ভিডিঅ’ এটি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে৷ দিল্লীৰ সংগম চিনেমা হলৰ সমীপত যোৱা ২২ আগষ্টত শিশুটিক আৰক্ষী কনিষ্টবলে প্রহাৰ কৰা ভিডি’টি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই দিল্লী আৰক্ষীয়ে কনিষ্টবলজনক নিলম্বন কৰিছে৷

উল্লেখ্য যে আৰক্ষীয়ে প্রকাশ কৰা মতে ২.৩০ বজাত শিশুটি ৰাস্তাৰ মাজতে বাগৰি আছিল৷ সেয়েহে আৰক্ষীয়ে শিশুটিক লাঠীৰে কোবাই আঁতৰাই পঠিয়াইছিল৷ কিন্তু শিশু এটিক নির্দয়ভাৱে লাঠীৰে কোবোৱাটো ন্যায় নহয় বুলি ছ’চিয়েল মিডিয়াত আৰক্ষীক কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷ দিল্লীৰ আৰ কে পুৰম আৰক্ষী থানাৰ কনিষ্টবল এজনে শিশুটিক নির্মমভাৱে লাঠীৰে প্রহাৰ কৰিছিল৷ সম্প্রতি ততালিকে বলৱৎ হোৱাকৈ কনিষ্টবলজনক নিলম্বন কৰা হৈছে৷

You might also like