নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান মহাবিদ্যালয়ত ‘সমকালীন অসমীয়া ভাষা আৰু সাহিত্য’ শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চ: দুলীয়াজান মহাবিদ্যালয়ৰ সভাকক্ষত আজি দেওবাৰে ‘সমকালীন অসমীয়া ভাষা আৰু সাহিত্য’ শীৰ্ষক এখনি বক্তৃতানুষ্ঠান অনুষ্ঠিত হৈ যায়।মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ উদ‍্যোগত আয়োজিত উক্ত বক্তৃতানুষ্ঠানটিত সমল ব‍্যক্তি হিচাপে অংশগ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ‍্যাপক, বিশিষ্ট ভাষাবিদ, লোক-সংস্কৃতিৰ গৱেষক, অভিধান প্ৰণেতা, সাহিত্যিক ডঃ উপেন ৰাভা হাকাচামে । তেখেতে নিজ ভাষণত কয় যে সমকালীন অসমীয়া ভাষা আৰু সাহিত্যই কেতবোৰ অনালোকিত দিশত পোহৰ পেলায়। প্ৰসংগক্ৰমে সমকালীন অসমীয়া লোক ভাষা আৰু লোক সাহিত্যৰ মাজৰপৰা কিছুমান আকৰ্ষণীয় উদাহৰণ বুটলি প্ৰত‍্যয়জনকভাবে সৰস, তথ‍্যপূৰ্ণ আৰু মনোগ্ৰাহী বক্তব্য আগবঢ়াই সমল ব্যক্তি ডঃ ৰাভা হাকাচামে। অনুষ্ঠানটিৰ প্ৰাৰম্ভতে সমল ব‍্যক্তিগৰাকীক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ তৰফৰপৰা ফুলাম গামোছাৰে আদৰণি জনোৱা হয়। দুলীয়াজান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ‍্যাপক ডঃ চিত্ৰজিৎ শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত সমল ব্যক্তিগৰাকীৰ কৰ্মময় জীৱনৰ বিষয়ে চমু পৰিচয় আগবঢ়াই অসমীয়া বিভাগৰ সহকাৰী অধ‍্যাপক ডঃ লক্ষ্যজিৎ বুঢ়াগোহাঁয়ে। আজিৰ বক্তৃতানুষ্ঠানটিত উপস্থিত থাকি নিজা অভিমত ব‍্যক্ত কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে ডিব্ৰু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ‍্যাপকদ্বয় ক্ৰমে ডঃ মনোজ কুমাৰ শৰ্মা, ডঃ বিজু মৰাণ আৰু একেখন মহাবিদ্যালয়ৰে হিন্দী বিভাগৰ সহকাৰী অধ‍্যাপক সমীৰ কুমাৰ ঝায়ে । তদুপৰি দুলীয়াজান মহাবিদ্যালয়ৰ অধ‍্যক্ষ ডঃ লোক বিকাশ গগৈ, অসমীয়া বিভাগৰ সহকাৰী অধ‍্যাপিকা ডঃ মুনমী কোঁৱৰ, ডঃ ববী দাওদুং লাংথাছাকে প্ৰমুখ্যে কৰি ডিব্ৰু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অংশকালীন শিক্ষক বাবুল দাস, দুলীয়াজান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন ছাত্র ইব্ৰাহিম আনচাৰীসহ অন্যান্য শিক্ষকবৃন্দ আৰু অধ‍্যয়নৰত অৰ্ধ-শতাধিক ছাত্র-ছাত্ৰীয়ে অনুষ্ঠানটিত অংশগ্ৰহণ কৰে। বক্তৃতানুষ্ঠানটিৰ শেষত মহাবিদ্যালয়খনৰ অধ‍্যক্ষ ডঃ লোক বিকাশ গগৈয়ে উপস্থিত সুধীবৃন্দক উদ্দেশ্যি ধন‍্যবাদসূচক মন্তব্য আগবঢ়ায়। ইফালে আজিৰ বক্তৃতানুষ্ঠানৰ মজিয়াতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৫ সংখ্যক মৃত্যু দিৱস উপলক্ষে বৰেণ্য অসমীয়াগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰা হয় আৰু জাতীয় সংগীত পৰিৱেশনেৰে বক্তৃতানুষ্ঠানটিৰ সামৰণি মৰা হয়।

কৃষ্ণা গগৈ

You might also like