নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত অগপৰ নিৰ্বাচনী ৰণদুন্দুভিঃ সাংগঠনিক শক্তি বৃদ্ধিৰে নিৰ্বাচনী প্ৰস্তুতি

  • কংগ্ৰেছ আমাৰ মূল শত্ৰু আৰু ৰাহুল গান্ধী অহংকাৰী – অতুল বৰা ৷
  • কংগ্ৰেছক পৰাভূত কৰাটোৱেই মূল লক্ষ্য – কেশৱ মহন্ত ৷

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চ: অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলৰ মাজত নতুনকৈ উৎসাহ-উদ্দীপনাৰ সঞ্চাৰ কৰি দলটোক সঠিকভাৱে আগুৱাই নিয়াৰ উদ্দেশ্যে আজি তেজপুৰত বিশেষ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হয়। আদৰণি ভাষণ প্ৰদান কৰে দলৰ উপ-সভাপতি তথা তেজপুৰ বিধান সভা সমষ্টিৰ বিধায়ক পৃত্থীৰাজ ৰাভাই আৰু উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক প্ৰবীন হাজৰিকাই। তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত অসম গণ পৰিষদৰ তিনিখন জিলা সমিতি আৰু নটা বিধানসভা সমষ্টিৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰা এই সন্মিলনত আঞ্চলিকতাবাদী চিন্তাধাৰাৰ উত্থান ঘটাবলৈ প্ৰণালীবদ্ধভাৱে সাংগঠনিক কাম-কাজ আগবঢ়াই নিয়াৰ বিষয়ে আলোচনা কৰা হয়।

সন্মিলনত অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে, অসমৰ সংগ্ৰামী জনতাৰ অতুলনীয় ত্যাগ আৰু বীৰ শ্বহীদসকলৰ তেজেৰে গঢ়া দল অসম গণ পৰিষদে ৰাজ্যখনৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ হকে অহৰ্নিশে কাম কৰি আহিছে আৰু অগপৰ তৃণমূল কৰ্মীসকলেই হৈছে দলটোৰ মূল চালিকাশক্তি। দলৰ জনসংযোগ বৃদ্ধিৰে দলৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত নিষ্ঠাৰে কাম কৰি যাবলৈ প্ৰতিজন বিষয়ববীয়া, কৰ্মকৰ্তাক আহ্বান জনায়। বৰাই লগতে আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত দলটোৱে যাতে শক্তিশালী ৰূপত অৱতীৰ্ণ হ’ব পাৰে, তাৰ বাবে পূৰ্ণোদ্যমে প্ৰস্তুতি অব্যাহত ৰাখিবলৈ দলৰ কৰ্মকৰ্তাসকলৰ প্ৰতি আহ্বান জনায়।

সন্মিলনত দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই প্ৰগতিশীল জাতীয়বাদৰ মূলমন্ত্ৰৰে অসমত আঞ্চলিক শক্তিৰ উত্থানৰ বাবে অহৰ্নিশে সেৱাৰত দলৰ চিৰনমস্য কৰ্মকৰ্তা সকলৰ অক্লান্ত পৰিশ্ৰমৰ বাবে কৃতজ্ঞতা জনায় ৷ মহন্তই লগতে দেশৰ লোকসভা নিৰ্বাচন, ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন সমাগত বুলি কৈ এই নিৰ্বাচন সমূহত কংগ্ৰেছৰ লগতে অন্যান্য প্ৰতিদ্বন্দী সকলক পৰাভূত কৰাৰ বাবে মিত্ৰজোঁটৰ শক্তিশালী অংশীদাৰ হিচাপে দল অৱতীৰ্ণ হব লাগিব বুলি উল্লেখ কৰে৷ অগপ দলৰ অন্যতম দুৰ্গস্বৰূপ তেজপুৰত বিজয় ধ্বজা উৰুৱাৰ নিমিত্তে দলৰ প্ৰতিটো স্তৰকে শক্তিশালী কৰিবলৈ কাৰ্য্যকৰী সভাপতি গৰাকীয়ে আহ্বান জনায়। সন্মিলনত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ সময়তে সভাপতি অতুল বৰাৰ দিকদৰ্শনত নতুন আৰু পুৰণি সতীৰ্থসকলে সামাজিকভাৱে একত্ৰিত হবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাইয়ো দলীয় সংগঠনৰ ওপৰত বক্তব্য প্ৰদান কৰে। সন্মিলনত দলৰ বিধায়ক, উপ সভাপতি, সাধাৰণ সম্পাদক আৰু সম্পাদক, ভাতৃ আৰু ভগ্নী পৰিষদৰ সভাপতি, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, তেজপুৰ লোকসভা সমষ্টিৰ অৰ্ন্তগত আটাইকেইখন জিলাৰে সভাপতি, আটাইকেইটা বিধান পৰিষদৰ বিষয়ববীয়া আৰু কৰ্মীসকলে অংশগ্ৰহণ কৰে। 

You might also like