নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইস্কুল শিক্ষান্ত পৰীক্ষাত চতুৰ্থ স্থানেৰে উজলিল দুলীয়াজানৰ স্বাতী কিৰণ গগৈ

নিয়মীয়া বাৰ্তা, ২৩ মেঃ সদ্যঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে দুলীয়াজান ছেন্ট জেভিয়াৰ্চ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী স্বাতী কিৰণ গগৈ। দুলীয়াজানৰ টিংৰাই চাৰিআলি হাইস্কুলৰ শিক্ষক তথা তিৱাৰীগোলাৰ নিবাসী জয়ন্ত গগৈ আৰু অৰুণাচল সীমান্ত বৰডুমচা কঠালগুৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী মাতৃ অনিতা সন্দিকৈ গগৈৰ সু-কন্যা তথা মেধাৱী ছাত্ৰীগৰাকীৰ এই সাফল্যত বিদ্যালয়ৰ লগতে অঞ্চলবাসী অত্যন্ত উৎফুল্লিত হৈ পৰিছে। ছাত্ৰীগৰাকীয়ে মুঠ ৫৯১ নম্বৰ লাভ কৰি ৯৮’৫ শতাংশৰে ৰাজ্যৰ ভিতৰতে চতুৰ্থ স্থান পাবলৈ সক্ষম হৈছে। লক্ষণীয় যে পাঠ্যপুথিৰ সমান্তৰালকৈ ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰখনতো সমানেই আগৰণুৱা মেধাৱী ছাত্ৰী স্বাতী কিৰণ। সৰুৰে পৰাই নিয়মীয়াকৈ পঢ়া-শুনা চলাই অহা স্বাতী কিৰণে সংগীতৰ ক্ষেত্ৰখনত ভাটখাণ্ডে বিশাৰদ আৰু আৰ্টত পঞ্চম বৰ্ষ সম্পূৰ্ণ কৰিলে। আনহাতে কাৰাটেত ব্লেকবেল্ট লাভ কৰা স্বাতী কিৰণে যুৱ বিজ্ঞানী হিচাপে ইচ’ৰ’ অধীনত বিগত বৰ্ষত শ্বিলঙৰ এন ই এচ এ চি-ত ১৫ দিনীয়া প্ৰশিক্ষণ লৈ অন্ধ্ৰপ্ৰদেশৰ হৰিকোটাত ইছ’ৰ’ চেয়াৰমেন এছ. সোমনাথৰ সৈতে মত বিনিময় কৰাৰ লগতে সেইসময়তে ৰোহিনী আৰ এইছ ২০০ ৰ’কেট লাঞ্চ প্ৰত্যক্ষ কৰিবলৈ বিৰল সুযোগ লাভ কৰিছিল। কেৱল মেট্ৰিক পৰীক্ষাৰ পূৰ্বে ঐচ্ছিক গণিতত তিনিমাহ ঘৰুৱা শিক্ষকৰ সহায় লোৱাৰ বিপৰীতে অন্যান্য বিষয়সমূহ নিজা প্ৰচেষ্টা আৰু শিক্ষক পিতৃৰ পৰা শিকি-বুজি লোৱা বুলি ছাত্ৰী গৰাকীয়ে ব্যক্ত কৰিছে। বৰ্তমান ডিব্ৰুগড় ৰাধাকৃষ্ণ বিদ্যালয়ত বিজ্ঞান শাখাত নামভৰ্ত্তি কৰা মেধাৱী ছাত্ৰী স্বাতী কিৰণে ভৱিষ্যতে এগৰাকী মহাকাশচাৰী হোৱাৰ সপোন লৈ বিদ্যায়তনিক দিশটো আগবঢ়োৱাৰ প্ৰচেষ্টা চলাইছে ।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like