নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৩০০ৰ পৰা ১৪০০ টকালৈ নামিল মাকৈৰ দাম : মূৰে-কপালে হাত দিছে মৰিগাঁৱৰ কৃষকে

নিয়মীয়া বাৰ্তা, ২৩ মে : বান গৰাখহনীয়াই অৰ্থনৈতিক ভেটি তচ নচ কৰা মৰিগাঁৱৰ বৰ্তমান কৃষি অৰ্থনীতিত গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হৈছে মাকৈ খেতিয়ে। জিলাখনৰ ভূৰাগাঁও, লাহৰীঘাট আৰু মায়ং ৰাজহ চক্ৰত কেইবছৰ মানৰ পৰা ব্যাপক হাৰত কৃষক সকলে অন্য কৃষিৰ পৰিবৰ্তে মাকৈ কৃষিত মনোনিবেশ কৰিছে। চলিত বৰ্ষতো তিনিওটা ৰাজহ চক্ৰত বানাক্ৰান্ত কৃষক সকলে গাঁথিৰ ধন ভাঙি হাজাৰ হাজাৰ বিঘা কৃষি ভূমিত মাকৈ খেতি কৰি কৃষি ক্ষেত্ৰত এক নৱজাগৰণৰ সৃষ্টি কৰিছিল। বছৰ টোত এডৰা মাটিতে দুবাৰকৈ কৰিব পৰা মাকৈ খেতি কৰিবলৈ আগবাঢ়ি আহিছিল বহু শিক্ষিত যুৱক। গেৰুৱা, জামুগুৰি, জামাদাৰী, বৰালিমাৰী, বৰুণগুৰী, নিজ চহৰীয়া, ৰজাবড়ী, বৰশিবন্ধা, কুশতলি, টেঙাগুৰী, তিনিচুকীয়া, ৰজাগাধোৱা, বৃহত্তৰ মায়ঙকে প্ৰমোখ্য কৰি শতাধিক গাঁৱৰ কৃষক সকলে বিঘাই বিঘাই মাকৈ খেতি কৰি জিলা খনত কৃষি বিপ্লৱৰ সূচনা কৰিছিল। উল্লেখ্য যে মাকৈ খেতি প্ৰতি বিঘাত ১৪- ১৫ কুইণ্টল উৎপাদন লাভ কৰে কৃষক সকলে। এই বৰ্ষতো মাকৈ কৃষক সকলে সম্প্ৰতি যথেষ্ট পৰিমাণে উৎপাদন লাভ কৰিছিল যদিও বৰ্তমান স্থানীয় বজাৰত মাকৈ দৰ যথেষ্ট হ্ৰাস পোৱাত মুৰে কপালে হাত দিব লগা হৈছে কৃষক সকলে। আজিৰ পৰা ১৫ – ২০ দিনৰ আগত স্থানীয় বজাৰত মাকৈৰ দৰ প্ৰতি কুইণ্টলত ২২০০-২৩০০ টকা পৰ্যন্ত আছিল যদিও বৰ্তমান স্থানীয় বজাৰত মধ্যভোগী ব্যৱসায়ীৰ বাবে মাকৈৰ স্থানীয় বজাৰত প্ৰতি কুইণ্টলত ১৩০০-১৪০০ টকালৈ হ্ৰাস পোৱাত বিবুধিত পৰিছে কৃষকসকল। এই সন্দৰ্ভত প্ৰতিক্ৰীয়া প্ৰকাশ কৰি গেৰুৱাৰ যুৱ কৃষক অংকুৰ ডেকা, উৎপল বৰদলৈ, অমুল্য বৰদলৈ, হৰেণ চৌহান আদিয়ে একমুখে কয় যে এইবৰ্ষত বহু মাকৈ কৃষকে উৎপাদন ব্যয়ো ঘুৰাই নাপাব। প্ৰথম অৱস্থাত মাকৈৰ বজাৰত কুইণ্টল ২২০০-২৩০০ টকা আছিল যদিও এতিয়া স্থানীয় ব্যৱসায়ী সকলে ৰহস্যজনক ভাৱে প্ৰতি কুইণ্টল মাকৈত মাত্ৰ ১৩০০ – ১৪০০ টকাহে দিবলৈ বিছাৰে। যাৰ বাবে মাকৈ কৃষক সকলে ব্যাপক লোকচানৰ সন্মুখিন হৈছে। বিশেষকৈ চৰকাৰৰ বজাৰ সমূহত কোনো নিৰন্ত্ৰণ নথকাত মধ্যভোগী ব্যৱসায়ী সকলে নিজা খেয়াল খুচি মতে স্হানীয় বজাৰত সকলো কৃষিজাত সামগ্ৰীৰ দৰ নিৰ্ধাৰণ কৰি কৃষক সকলক শোষন কৰি আহিছে। এইক্ষেত্ৰত চৰকাৰক সুব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছে মাকৈ কৃষক সকলে।

প্ৰেৰক আবুল কালাম

You might also like