কংগ্ৰেছত ভূমিকম্প, কাইলৈ কি সিদ্ধান্ত ল’ব ভূপেন বৰাই
অসমৰ শাসক আৰু বিৰোধী শিবিৰৰ নেতাসকলে ভূপেন বৰাৰ পদত্যাগক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বৰাৰ কংগ্ৰেছ দল ত্যাগে দলটোৰ ভৱিষ্যতক লৈ নতুনকৈ বিতৰ্কৰ সূচনা কৰিছে।
কংগ্ৰেছ দলৰ পৰা ভূপেন বৰাৰ হঠাৎ পদত্যাগে অসমৰ ৰাজনৈতিক পৰিসৰত চাঞ্চল্য সৃষ্টি কৰিছে। বিশেষকৈ এই সিদ্ধান্তটো অতি গোপনে গ্ৰহণ কৰা হৈছিল বুলি কোৱা হৈছে, যাৰ খবৰ বিজেপিৰ বিধায়ক আৰু মন্ত্ৰীসকলেও আগতীয়াকৈ লাভ কৰা নাছিল।
এই ঘটনাক লৈ বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিৰোধী শিবিৰৰ ভিতৰত চিন্তাৰ সুৰ শুনা গৈছে যদিও শাসক বিজেপিয়ে কংগ্ৰেছৰ আভ্যন্তৰীণ বিষয়ক লৈ তীব্ৰ সমালোচনা আগবঢ়াইছে।
সেই অনুসৰি তিতাবৰৰ কংগ্ৰেছ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই কয় যে ভূপেন বৰাৰ দলত্যাগে কংগ্ৰেছ দলক গুৰুত্বপূৰ্ণভাৱে ক্ষতিগ্ৰস্ত কৰিব।
চিপিআই(এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ভূপেন বৰাৰ দলত্যাগক লৈ দুখ প্ৰকাশ কৰি কয় যে তেওঁ দলৰ ভিতৰত গভীৰ অসন্তোষ পোষণ কৰি আছিল। একে সময়তে তেওঁ বৰাক অভিজ্ঞ আৰু ৰাজনৈতিকভাৱে প্ৰভাৱশালী নেতা বুলি স্বীকাৰ কৰে।
আনহাতে, বিজেপিৰ লখিমপুৰৰ বিধায়ক মানৱ ডেকাই কয় যে “আত্মসন্মান থকা কোনো অসমীয়াই কংগ্ৰেছ দলত থাকিব নোৱাৰে।” বিজেপিৰ বিধায়ক পদ্ম হাজৰিকা আৰু ভাবেশ ডেকাই কয় যে “বৰ্তমানৰ কংগ্ৰেছ দলত জাতীয়তাবাদী আৰু খিলঞ্জীয়া অসমীয়াৰ কোনো স্থান নাই।”
সৰুপথাৰৰ বিজেপি বিধায়ক বিশ্বজিৎ ফুকনে কয় যে “কংগ্ৰেছ দল এতিয়া ‘মিঞা মুছলমান’ৰ দলত পৰিণত হৈছে।”
আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই দাবী কৰে যে দলীয় নেতৃত্বৰ ওপৰত তীব্ৰ অসন্তোষৰ বাবে কংগ্ৰেছৰ বহু নেতা আৰু তৃণমূল কৰ্মীয়ে দল ত্যাগ কৰি আছে।
ইফালে, মৰিগাঁৱৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে গৌৰৱ গগৈৰ কৰ্মপদ্ধতিক ভূপেন বৰাৰ দলত্যাগৰ মূল কাৰণ বুলি উল্লেখ কৰি কয় যে কংগ্ৰেছ দলৰ এতিয়া “অস্তিত্বই নাই”।
সমগ্ৰ ঘটনাক লৈ ৰাজ্যৰ ৰাজনৈতিক পৰিসৰত তীব্ৰ আলোচনা অব্যাহত আছে আৰু আগন্তুক দিনত ইয়াৰ প্ৰভাৱ কংগ্ৰেছৰ সাংগঠনিক শক্তিত কেনেদৰে পৰে, সেয়া লক্ষণীয় হ’ব।
ইফালে, পুৱা কংগ্ৰেছৰ ত্যাগৰ বাতৰি ৰাজহুৱা হোৱাৰ পিছতেই প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই বৰাৰ বাসগৃহত তেওঁক লগ কৰি তেওঁৰ পদত্যাপত্ৰ উঠাই লোৱাৰ বাবে আহ্বান জনায় আৰু সেই মৰ্মেই বৰাই সংবাদ মাধ্যমক সম্বোধন কৰে। তেওঁ কয় যে আজি বা কাইলৈৰ ভিতৰত মই জিত্ন্দ্ৰ সিঙক মোৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিম।
এই মন্তব্যই ৰাজনৈতিক মহল উদ্বিগ্ন হৈ পৰিছে কাইলৈ কি ৰাজনৈতিক বাৰ্তা দিয়ে।
ডিজিটেল ডেস্ক, ১৬ ফেব্ৰুৱাৰী