নাই আত্মসমীক্ষা : কংগ্ৰেছত অব্যাহত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি
ৰাজ্যৰ ৰাজনৈতিক পৰিসৰত কংগ্ৰেছ দলৰ সংগঠনমূলক বিপৰ্য্যয়ৰ সময়ছোৱাতো পৰিয়ালকেন্দ্ৰিক ৰাজনীতি অব্যাহত থকাৰ অভিযোগে নতুনকৈ চৰ্চা লাভ কৰিছে। আগন্তুক বিধানসভা নিৰ্বাচনক লৈ প্ৰয়াত মন্ত্ৰী ডাঃ নজৰুল ইছলামৰ পৰিয়ালৰ দুই সদস্যই পৃথক দুটা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচৰাত ৰাজনৈতিক মহলত জল্পনা-কল্পনা বৃদ্ধি পাইছে।
জানিব পৰা মতে, প্ৰয়াত নেতাজনৰ পুত্ৰ তথা বৰ্তমানৰ বিধায়ক ডাঃ আছিফ নাজাৰে লাহৰীঘাট সমষ্টিৰ পৰা পুনৰ প্ৰাৰ্থিত্ব বিচাৰিছে। আনহাতে তেওঁৰ ভতিজা আনোৱাৰ হুছেইনে ধিং সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকট বিচাৰি দলীয় মহলত তৎপৰতা চলাই আছে।
ইয়াৰ উপৰি আনোৱাৰ হুছেইনৰ এজন সম্পৰ্কীয় ভাগিনেও ধিং সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে। তেওঁ হৈছে মহচিন খান। একেটা পৰিয়ালৰ একাধিক সদস্যই একে সময়তে প্ৰাৰ্থিত্ব বিচৰাত স্থানীয় ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।
ধিং সমষ্টিত প্ৰায় ৯০ শতাংশ সংখ্যালঘু ভোটাৰ থকাৰ প্ৰেক্ষাপটত বৰ্তমানৰ বিধায়িকা শিৱামণি বৰাৰ ঠাইত এইবাৰ এগৰাকী সংখ্যালঘু প্ৰাৰ্থীয়ে টিকট লাভ কৰাৰ সম্ভাৱনা অধিক বুলি ধাৰণা কৰা হৈছে। এনে পৰিস্থিতিকেই সুযোগ হিচাপে লৈ আনোৱাৰ হুছেইনে জোৰদাৰ প্ৰচেষ্টা চলাই থকা বুলি ৰাজনৈতিক সূত্ৰে প্ৰকাশ কৰিছে।
ইয়াৰ বিপৰীতে, আনোৱাৰ হুছেইনৰ বিৰুদ্ধে দুৰ্নীতি, অনিয়ম আৰু ধন আত্মসাতৰ অভিযোগ থকাৰ কথাও ৰাজনৈতিক মহলত চৰ্চিত হৈছে। যদিও অভিযোগসমূহ আদালত বা চৰকাৰীভাৱে প্ৰমাণিত হোৱা নাই, তথাপিও এই বিষয়ক লৈ ভোটাৰৰ মাজত প্ৰতিক্ৰিয়া বৃদ্ধি পাইছে।
আনহাতে লাহৰীঘাট সমষ্টিতো বৰ্তমানৰ বিধায়ক ডাঃ আছিফ নাজাৰৰ বিৰুদ্ধে প্ৰতিষ্ঠান-বিৰোধী তীব্ৰ ঢৌ উঠা বুলি কোৱা হৈছে। বহু ভোটাৰে এইবাৰ সমষ্টিটোৰ পৰা ডাঃ নজৰুল ইছলামৰ পৰিয়ালক আঁতৰোৱাৰ সংকল্প লৈছে বুলি স্থানীয় মহলে মন্তব্য কৰিছে।
এই পৰিপ্ৰেক্ষিতত লাহৰীঘাট সমষ্টিত বিশিষ্ট চিকিৎসক ডাঃ ফৰিদুল ইছলামে ডাঃ আছিফ নাজাৰৰ বিৰুদ্ধে এক তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰিবলৈ সক্ষম হোৱা বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে।
সমগ্ৰ ঘটনাক লৈ কংগ্ৰেছ দলৰ ভিতৰতেও নীৰৱ অসন্তোষৰ সুৰ শুনা গৈছে। আগন্তুক নিৰ্বাচনৰ পূৰ্বে প্ৰাৰ্থী নিৰ্বাচনক কেন্দ্ৰ কৰি দলে কেনেদৰে সিদ্ধান্ত গ্ৰহণ কৰে, সেই দিশলৈ এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে।
ডিজিটেল ডেস্ক, ১৬ ফেব্ৰুৱাৰী