নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ম’বাইল ফোন আসক্ত প্রজন্ম

সময় সলনি হৈছে৷ সময়ৰ লগে লগে উঠি অহা প্রজন্মৰ মাজত ম’বাইলৰ প্রতি আসক্তি বৃদ্ধি পাহছে৷ অনলাইন ক্লাছৰ নামত অভিভাৱকসকলে সন্তানক ম’বাইল কিনি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ আৰু ইয়াৰ পিছতে মাৰাত্মক নিচাত পৰি বহু ল’ৰা–ছোৱালী বিপথে পৰিচালিত হৈছে৷

মন কৰিবলগীয়া বিষয় যে ম’বাইল আধুনিক জনজীৱনৰ অপৰিহার্য অংশ, যাৰ অবিহনে আমাৰ জীৱন অচল৷ কিন্তু প্রতিটো বস্তুৰে ভাল–বেয়া দুয়োটা দিশেই আছে৷ ম’বাইল ফোনৰ সঠিক ব্যৱহাৰ কৰিব পাৰিলে ইয়াৰ পৰা আমাৰ স্বাভাৱিক জীৱন যাত্রাত কোনো ক্ষতি নহয়৷ কিন্তু অত্যধিক ব্যৱহাৰ বিপজ্জনক৷

এক অধ্যয়নত প্রকাশ পাইছিল যে ম’বাইল আসক্তিৰ বাবে বিদ্যালয়–মহাবিদ্যালয়ৰ যুৱক–যুৱতীসকলে চৰম মানসিক অস্থিৰতাত সময় অতিবাহিত কৰিবলগীয়া হৈছে৷ ২৮ শতাংশ যুৱক–যুৱতীয়ে দৈনিক প্রায় ৬ ঘণ্টাতকৈ অধিক সময় ছ’চিয়েল মিডিয়াত সময় অতিবাহিত কৰে৷ ২৬ শতাংশই ৪ৰ পৰা ৬ ঘণ্টা আৰু ৩১ শতাংশই ২ৰ পৰা ৪ ঘণ্টা সময় ছ’চিয়েল মিডিয়াত অতিবাহিত কৰে৷ ইয়াৰ বাবে কম–বেছি পৰিমাণে অভিভাৱকো জগৰীয়া৷

ম’বাইল এটা শিক্ষার্থীৰ হাতত তুলি দিয়াৰ পিছত বহু সময়ত অভিভাৱকে তদাৰক কৰিবলৈ এৰি দিয়ে৷ বহুতে তথ্য–প্রযুক্তিৰ নামত সন্তানক প্রযুক্তিগত উন্নতি সাধন কৰি সন্তানৰ শিক্ষাৰ মান সুদৃঢ় কৰিব বুলিও হাতত ম’বাইলটো তুলি দিয়ে৷ ফলত ক্রমাত ল’ৰা–ছোৱালীৰ ম’বাইলৰ প্রতি আসক্তি বৃদ্ধি পাইছে৷ অভিভাৱকসকলৰো আজিকালি ম’বাইলৰ প্রতি দুর্বলতা বৃদ্ধি পাইছে৷ অভিভাৱকেও বহু সময় ম’বাইলত সময় অতিবাহিত কৰে৷ ইয়ো এক চিন্তনীয় বিষয়৷

এক গৱেষণাত প্রকাশ পোৱা তথ্য অনুযায়ী, পূর্বৰ যৌথ পৰিয়ালৰ গাঁথনি ভাঙি একক পৰিয়াল গঠন হোৱাৰ বাবেও অধিকসংখ্যক শিশু ম’বাইলৰ প্রতি আসক্ত হৈ পৰিছে৷ এই আসক্তিৰ ফলত বহু যুৱক–যুৱতীৰ দৃষ্টিশক্তি, শ্রৱণ ক্ষমতাও হ্রাস পাহছে৷ শাৰীৰিকভাৱে সুস্থ হ’বলৈ এজন ব্যক্তিৰ ৬ৰ পৰা ৮ ঘণ্টা পর্যন্ত টোপনিৰ প্রয়োজন৷ কিন্তু ম’বাইল আসক্তিয়ে এই টোপনি হৰণ কৰিছে৷

যোগাযোগৰ সহজ প্রযুক্তি হৈছে ম’বাইল ফোন৷ গতিকে, ইয়াৰ ব্যৱহাৰ অনিবার্য৷ কিন্তু ম’বাইলৰ অপব্যৱহাৰৰ প্রতি সাৱধান হোৱাটো অতিকৈ প্রয়োজন৷ বিশেষকৈ শিশুসকলক ম’বাইলৰ প্রতি আসক্ত হ’বলৈ নিদি আকর্ষণীয় কিতাপ–বাতৰিকাকত– আলোচনী হাতত তুলি দিব লাগে৷ মানৱ জীৱনৰ শৈশৱ আৰু কৈশোৰ কালছোৱা অতিকৈ গুৰুত্বপূর্ণ সময়৷ এই সময়ছোৱাত গঢ় লোৱা বহু অভ্যাসে আজীৱন ব্যক্তি এজনক ভিন্ন প্রকাৰে প্রভাৱান্বিত কৰে৷ সেয়ে এই সময়ছোৱাত ল’ৰা–ছোৱালীক কিতাপ–বাতৰিকাকত– পঢ়াৰ প্রতিও আগ্রহী কৰিব লাগে৷

এই অভ্যাস গঢ় দিয়াৰ বাবে কেৱল অভিভাৱকৰে দায়িত্ব নাথাকে, বিদ্যালয়বোৰেও বিশেষ ভূমিকা পালন কৰিব লাগে৷ অসমৰ বহু চৰকাৰী বিদ্যালয়ৰ পুথিভঁৰালৰ অৱস্থা তথৈৱচ৷ পুথিভঁৰাল থাকিলেও বিদ্যালয়বোৰত শিক্ষার্থীসকলক গ্রন্থৰ প্রতি আগ্রহী কৰি তোলাৰ বাবে বৰ বিশেষ পদক্ষেপ গ্রহণ কৰা দেখা নাযায়৷ অসমৰ চৰকাৰী বিদ্যালয়সমূহত গ্রন্থাগাৰিকো নাথাকে৷ বিদ্যালয়খনৰ যিকোনো এজন শিক্ষককে পুথিভঁৰালৰ দায়িত্ব দিয়ে৷

শিক্ষকজনৰ পুথিভঁৰাল পৰিচালনাৰ জ্ঞান নথকাৰ বাবে বিভিন্ন সমস্যাৰো সন্মুখীন হয়৷ যাৰ বাবে পুথিভঁৰালৰ প্রতি ল’ৰা–ছোৱালীৰ আগ্রহ কমি আহে৷ পিছৰ পর্যায়ত মহাবিদ্যালয়–বিশ্ববিদ্যালয়ৰ পুথিভঁৰাল থাকিলেও গ্রন্থ অধ্যয়নৰ বাবে বহু কমসংখ্যক ল’ৰা–ছোৱালীহে পুথিভঁৰাললৈ গৈ অধ্যয়ন কৰে৷

গতিকে, চৰকাৰে বিদ্যালয়বোৰত পুথিভঁৰাল নির্মাণ কৰি তাত একোজনকৈ গ্রন্থাগাৰিক নিযুক্তি দি শিক্ষার্থীসকলক পঢ়াৰ প্রতি আগ্রহী কৰি তুলিব লাগে৷ অসমৰ সমাজ সচেতন ব্যক্তিসকলেও প্রতিখন গাঁৱত এটা নামঘৰ থকাৰ দৰে এটা পুথিভঁৰাল নির্মাণ কৰি স্থানীয় শিক্ষার্থীসকলক পঢ়াৰ পৰিৱেশ গঢ় দিয়াৰ বাবে এক পৰিৱেশ সৃষ্টি কৰিব লাগে৷ যি অভ্যাসে জাতিক জীয়াই ৰাখিব, জাতীয়তাবাদক জীয়াই ৰাখিব, অসমীয়া ভাষা–সাহিত্যক জীয়াই ৰাখিব৷ ন’হলে ম’বাইল আসক্তিয়ে সকলোৰে মাজত হতাশাৰ সৃষ্টি কৰিব৷

ইতিমধ্যে বহু যুৱক–যুৱতীয়ে ভার্চুৱেল পৃথিৱীখনতেই নিমগ্ন হৈ পৰা দেখিবলৈ পোৱা গৈছে৷ ভাইৰেল হোৱাৰ আশাত নকৰিবলগীয়া কামো বহুজনে কৰিছে৷ ষ্টাৰ হোৱাৰ তাড়নাত নিজকে বিলীন কৰিছে ছ’চিয়েল মিডিয়াত৷ মুঠতে ছ’চিয়েল মিডিয়াই মানুহৰ জীৱন–ভৱিষ্যৎ ভাৰসাম্য লাহে লাহে ধবংস কৰিছে৷ সেয়ে সময় থাকোঁতেই এই দুর্যোগৰ পৰা ৰক্ষা পাবলৈ সকলো সজাগ–সচেতন হোৱাৰ প্রয়োজন৷

অভিভাৱকসকলে নিজৰ সন্তানক সামাজিক কাম–কাজৰ লগত সংযুক্ত কৰাওক৷ সন্তানে যাতে অপ্রয়োজনীয় কামত ম’বাইল ব্যৱহাৰ নকৰে, তালৈও নজৰ দিয়া প্রয়োজন৷ পৰৱর্তী প্রজন্মক এই বিপদৰ পৰা ৰক্ষা কৰিবলৈ অভিভাৱকসকলেও প্রতিৰোধমূলক ব্যৱস্থা সচেতনভাৱে ল’ব লাগিব৷

You might also like