নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কানাডাত ভগৱান ৰামৰ সুউচ্চ মূর্তি উন্মোচন

উত্তৰ আমেৰিকাত ভগৱান ৰামৰ উচ্চতম মূর্তি উন্মোচন কৰা হৈছে৷ কানাডাৰ অণ্টাৰি’ৰ মিছিছৌগাৰ হিন্দু ঐতিহ্য কেন্দ্রত ৫১ ফুট উচ্চতাৰ থিয় হৈ থকা ভগৱান ৰামৰ মূর্তি এটা আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়৷

১০ সহস্রাধিক ভক্তৰ উপস্থিতিত বিশাল কার্যসূচীৰে বৃহত্তৰ টৰণ্টো অঞ্চলৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্য হিচাপে ফাইবাৰ গ্লাছেৰে নির্মিত ভগৱান ৰামৰ মূর্তিটো উন্মোচন কৰা হয়৷ কানাডাৰ প্রখ্যাত নেতাৰ লগতে দেশখনৰ মন্ত্রী আৰু বিৰোধী নেতাৰ উপস্থিতিত হিন্দু ঐতিহ্য কেন্দ্রত ভগৱান ৰামৰ মূর্তিটো উন্মোচন কৰাৰ লগে লগে কানাডাত থকা হিন্দু সম্প্রদায়ৰ লোকসকলৰ মাজত উছাহ পৰিলক্ষিত হয়৷

অযোধ্যাৰ অনুকৰণেৰে ভাৰতৰ দিল্লীত নির্মাণ কৰা এই সুউচ্চ ভগৱান ৰামৰ মূর্তিটো কানাডাৰ দক্ষ শিল্পীয়ে সজাই তোলে৷ হিন্দু ঐতিহ্য কেন্দ্রৰ প্রতিষ্ঠাতা আচার্য সুৰিন্দৰ শর্মা শাস্ত্রীয়ে ভগৱান ৰামৰ মূর্তিটো সম্প্রদায়টোৰ বাবে বিশেষ উপহাৰ হিচাপে স্বীকৃত হৈ থাকিব বুলি মন্তব্য কৰে৷ ৪ বছৰ পূর্বে নির্মাণৰ পৰিকল্পনা কৰাৰ পাছত ভাৰত–কানাডাৰ দাতাৰ সহযোগত এই মূর্তিটো নির্মাণ কৰি উলিওৱা হৈছে৷ অনুষ্ঠানটোৰ মুখ্য আয়োজক কুসাগৰ শর্মাই প্রকাশ কৰা মতে, মূর্তি উন্মোচন ১০ হাজাৰতকৈ অধিক ভক্তই প্রত্যক্ষ কৰে৷ কানাডাবাসীৰ বাবে এয়া এক গৌৰৱৰ মুহূর্ত৷

Niyomiya Barta Desk, 7 August, 2025

You might also like