নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে খোল খাব চান্দাকা-দামপাড়া বন্যপ্রাণী অভয়াৰণ্য

নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ ক’ভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত দেশজুৰি চলা লকডাউনৰ বাবে বিগত ২৭ মাৰ্চৰ পৰা পৰ্যটকৰ বাবে বন্ধ হৈ থকা ওড়িশাৰ চান্দাকা-দামপাড়া বন্যপ্রাণী অভয়াৰণ্য পুনৰ খোলাৰ কথা প্ৰকাশ কৰিছে অভয়াৰণ্যখনৰ কৰ্তৃপক্ষই। সেই অনুসৰি অহা ২ অক্টোবৰৰ পৰা সকলোধৰণৰ দৰ্শনাৰ্থীৰ বাবে অভয়াৰণ্যখনৰ দোৱাৰ মুকলি কৰা হ’ব বুলি মন্তব্য কৰে সহকাৰী বন সংৰক্ষক এইচএছ মহান্তিয়ে।

সংবাদ সংস্থা এএনআইক মহান্তিয়ে জনোৱা মতে ক’ভিড প্ৰট’কল মানি অভয়াৰণ্যখনলৈ অহা দৰ্শনাৰ্থীসমূহক থাৰ্মেল স্কেনিং, ছেনিটাইজেছনৰ লগতে মুখত মাস্ক পৰিধানৰ দৰে প্ৰাৰম্ভিক পৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে।

You might also like