নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰাট কোহলিৰ নতুন মাইলষ্ট’ন

বিশেষ বাৰ্তা, ২৬ মেঃ টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলিয়ে এক নতুন মাইলষ্ট’নত প্রৱেশ কৰিলে৷ অৱশ্যে এইবাৰ খেলপথাৰৰ বাহিৰত৷ ইনষ্টাগ্রামত ক্রিকেটাৰগৰাকীৰ ফ’ল’ৱাৰ হ’ল ২৫০ মিলিয়ন৷ শুকুৰবাৰে তাৰকা বেটাৰগৰাকীয়ে ফটো শ্বেয়াৰিং প্লেটফর্মত ২৫০ মিলিয়ন ফ’ল’ৱাৰৰ সীমা অতিক্রম কৰি ভাৰত আৰু এছিয়াৰ প্রথমগৰাকী ব্যক্তি হিচাপে গৌৰৱ অর্জন কৰে বিৰাট কোহলিয়ে৷ ক্রিকেটাৰগৰাকীয়ে নিজৰ ইনষ্টাগ্রাম একাউণ্টত ১৬০২টা প’ষ্ট কৰাৰ লগতে ২৭৮জন লোকক ফ’ল’ কৰিছে৷ টীম ইণ্ডিয়াৰ তাৰকা বেটাৰগৰাকীয়ে এই প্লেটফর্ম ব্যৱহাৰ কৰি নিজৰ অনুৰাগীসকলক ফিটনেছ, ব্যক্তিগত জীৱন, প্রশিক্ষণ আৰু মেচৰ বিষয়ে অৱগত কৰি ৰাখে৷ ইনষ্টাগ্রামতো তেওঁ সর্বাধিক দৰমহা পোৱা ভাৰতৰ প্রভাৱশালী ব্যক্তি৷ প্রতিটো প’ষ্টত ক্রিকেটাৰগৰাকীয়ে কোটি কোটি টকা উপার্জন কৰে৷ এথলিট হিচাপে ইনষ্টাগ্রামত সর্বাধিক ফ’ল’ৱাৰৰ তালিকাত তৃতীয় স্থান অধিকাৰ কৰি আছে ৩৪ বছৰীয়া কোহলিয়ে৷ এই তালিকাৰ শীর্ষত আছে পর্তুগালৰ তাৰকা ফুটবলাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডো (৫৮৬ মিলিয়ন)৷ দ্বিতীয় স্থান অধিকাৰ কৰি আছে আর্জেণ্টিনাৰ ছুপাৰষ্টাৰ লি’নেল মেচি (৪৬৪ মিলিয়ন)৷

You might also like