নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প’র্টেলত শিক্ষকে দাখিল কৰিব লাগিব পাৰদর্শিতাৰ তথ্য; অচিৰেই মুকলি কৰা হ’ব বিশেষ প’র্টেলঃ শিক্ষামন্ত্রী

  • ৮ হাজাৰ শিক্ষক পদ বিলুপ্তিকৰণক লৈ প্রতিক্রিয়া
  • বিত্তীয় শৃংখলা অটুট ৰখাৰ স্বার্থত এই পদক্ষেপ
  • বিলুপ্তি কৰাৰ বিপৰীতে নিযুক্তি দিয়া হৈছে ১১,৩০৬জন ঠিকাভিত্তিক শিক্ষকক

 

নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰ: বিদ্যালয়ত শিক্ষাদানৰ ক্ষেত্রত শিক্ষকসকলে কি ধৰণৰ পাৰদর্শিতা দেখুৱাবলৈ সক্ষম হৈছে, পাঠদানৰ মান কি পর্যায়ত উপনীত হৈছে এই সন্দর্ভত সবিশেষ শিক্ষা বিভাগক দাখিল কৰিব লাগিব প্রতিগৰাকী শিক্ষকে৷ অচিৰেই শিক্ষকসকলৰ তেওঁলোকৰ পাৰদর্শিতাৰ তথ্য দাখিল কৰিব লাগিব এক প’র্টেলত৷ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি এই কথা জানিবলৈ দিছে৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, ইয়াৰ বাবে শিক্ষা বিভাগে অচিৰে মুকলি কৰিব এক বিশেষ প’র্টেল৷ এই প’র্টেলতে শিক্ষকসকলে তেওঁলোকৰ পাৰদর্শিতাৰ তথ্য দাখিল কৰিব লাগিব৷ উক্ত পাৰদর্শিতাৰ ভিত্তিতে গ্রহণ কৰা হ’ব পৰৱর্তী পদক্ষেপ৷ অর্থাৎ পাৰদর্শিতাৰ তথ্য পৰীক্ষা কৰাৰ পাছত শিক্ষকসকলৰ পদোন্নতি তথা আন বিষয়সমূহ বিবেচনা কৰা হ’ব৷

উল্লেখ্য যে শিক্ষা বিভাগে শেহতীয়াকৈ ৮ হাজাৰ শিক্ষকৰ পদ বিলুপ্তিকৰণৰ সিদ্ধান্ত লৈছে৷ এই বিষয়টোক লৈয়ে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ নিবনুৱাই ভাৰাক্রান্ত কৰি তোলা ৰাজ্যখনত ৮ হাজাৰকৈ শিক্ষক পদ বিলুপ্ত কৰাক লৈ সৃষ্টি হোৱা প্রতিক্রিয়াৰ মাজতে শিক্ষামন্ত্রীয়ে সমগ্র বিষয়টো সন্দর্ভত  দাঙি ধৰিলে স্পষ্টীকৰণ৷ শিক্ষামন্ত্রী পেগুৱে এই সন্দর্ভত কয় যে বিত্তীয় শৃংখলা অটুট ৰখাৰ স্বার্থতে এই পদ বিলুপ্তি কৰা হৈছে৷ বিলুপ্তি ঘটোৱা পদৰ বিপৰীতে কিন্তু ইতিমধ্যে ৰাজ্য চৰকাৰে ১১,২০৬জন ঠিকাভিত্তিক শিক্ষকক নিযুক্তিও দিছে৷ অর্থাৎ উক্ত পদসমূহৰ বিপৰীতে এতিয়া অতিৰিক্ত শিক্ষক নিযুক্তি দিয়া হৈছে৷ সেয়েহে এই পদসমূহৰ বাবে বিত্তীয় শৃংখলা যাতে ভংগ নহয় তাৰ বাবেহে পদসমূহ বিলুপ্ত কৰা হৈছে৷ ঠিকাভিত্তিক শিক্ষকসকলক উক্ত পদৰ সমমর্যাদাৰে প্রায় ৬০ বছৰলৈকে নিয়মীয়া চাকৰিৰ লগতে অন্যান্য চৰকাৰী চাকৰিয়ালে পোৱা সুবিধাসমূহো প্রদান কৰা হৈছে৷ অনুৰূপ ভৱিষ্যতে প্রয়োজন হ’লে পুনৰ এই পদসমূহ সৃষ্টি কৰা হ’ব৷

উল্লেখ্য যে শিক্ষা বিভাগৰ হৈ শিক্ষা সচিব ড০ বিজয় চৌধুৰীয়ে শেহতীয়াকৈ এক জাননীযোগে নিম্ন প্রাথমিক বিদ্যালয়ৰ ৪,২৮৫টা পদ আৰু উচ্চ প্রাথমিক বিদ্যালয়ত ৩,৭১৫টা পদ বিলুপ্তিৰ সিদ্ধান্ত লৈছে৷ জাননীযোগে ইয়াকো উল্লেখ কৰা হৈছে যে সর্বশিক্ষা অভিযানৰ অধীনত ৰাজ্যিক পুল শিক্ষকক সুবিধা প্রদানৰ ক্ষেত্রত বিত্তীয় ভাৰসাম্যতা বজাই ৰখাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে৷ মন কৰিবলগীয়া যে ৰাজ্য চৰকাৰে ইতিমধ্যে ১১,২০৬টা ঠিকাভিত্তিক শিক্ষকক সমগ্র শিক্ষা অভিযানৰ অধীনত নিযুক্তি দিছিল৷ ২০২০ চনত শিক্ষা বিভাগে ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰিৰ কার্যকাল ৬০ বছৰলৈ বৃদ্ধি কৰি উক্ত পদসমূহ নিয়মীয়া কৰিছিল৷

You might also like