নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ পথাৰত ধানৰ সলনি পতান

নিয়মীয়া বাৰ্তা,নগৰবেৰা, ২৯ এপ্ৰিল : কামৰূপৰ বকো উপসংমণ্ডলীয় কৃষি কাৰ্যালয়ৰ অন্তৰ্গত (টুপামাৰী) মন্দিৰা ধাননি পথাৰত ধানৰ সলনি পতান ওলোৱাত দুখীয়া কৃষকৰ মাজত হাহাকাৰ লাগিছে। প্ৰাপ্ত তথ্য অনুসৰি নগৰবেৰাৰ টুপামাৰী মন্দিৰাৰ পথাৰত ধানৰ সীহবোৰ আশ্চৰ্যকৰ ভাবে পতান হৈ পৰিছে। বহু আশা আৰু কষ্টৰে বছৰৰ ভাতমুঠি যোগাৰ কৰিবলৈ অঞ্চলৰ দুখীয়া কৃষক সকলে বছৰ বছৰে মন্দিৰা পথাৰত ইৰিধানৰ খেতি কৰে, ধানবোৰ এইবাৰো লহপহকৈ বঢ়িল যদিও ধান হে নাই, ধানৰ সলনি পতানহে ওলাল। ধানত কাচি দিয়াৰ সময়তেই ধানৰ পৰিৱৰ্তে পথাৰত পতান দেখি এতিয়া অঞ্চলটোৰ দুখীয়া কৃষক সকল বিমোৰত পৰিছে। উল্লেখ্য যে অঞ্চলটোৰ প্ৰায়ভাগ লোকেই কৃষি কৰ্মৰ লগত জড়িত সেই বাবেই মন্দিৰা, টুপামাৰী, বদলা, বদলাপথাৰ, ভখুৰাদিয়া, ৰংঙ্গেশ্বৰীপাম, ৰাংঙ্গাপানী আদি কৰি বিভিন্ন অঞ্চলৰ দৰিদ্ৰ কৃষক ৰাইজে উক্ত পথাৰত বছৰ বছৰে কৰে উন্নত জাতৰ ধান খেতি কৰি পৰিয়াল পোহপাল দিয়ে ৷ অধিক লাভৰ আশাত কৃষকে নিজৰ গাঁঠিৰ ধন ব্যয় কৰাৰ লগতে বহুতেই বেংকৰ পৰা ঋণ লৈ ইৰিধানৰ খেতি কৰিছিল যদিও ধানৰ সলনি পথাৰত পতান দেখা পাই দুখীয়া কৃষক সকলে এক প্ৰকাৰ চিন্তিত হৈ পৰিছে। খেতি কৰা কৃষক সকলে জনোৱা মতে, অঞ্চলটোৰ খেতিয়ক ৰাইজে বহু আশাৰে নগৰবেৰাৰ টুপামাৰী বজাৰস্হিত এগ্ৰোচাৰ্ভিচ চেন্টাৰৰ পৰা (Hybrid Paddy Indom 300-007) হাইব্ৰীড পেড্ডী ইনডম ৩০০-০০৭ নামৰ উন্নত জাতৰ ধানৰ বীজ ক্ৰয় কৰি খেতি কৰিছিল৷ হাড়ভঙা পৰিশ্ৰম কৰি কৰা ধান খেতিত ধানে থোক মেলিছিল ঠিকেই পিছে এই গেৰ ধৰা ধানত পৰীক্ষা কৰি চোৱাৰ পিছতেই সপোন চূৰমাৰ হল অঞ্চলটোৰ দৰিদ্ৰ কৃষক ৰাইজৰ ৷ থোক বোৰত নাই ধান সকলোতে মাথো পতানহে ৷যাৰ বাবে মূৰেকপালে হাত দিছে দৰিদ্ৰ কৃষক ৰাইজে ৷ ধাৰ-ঋণ লৈ বিঘাই প্ৰতি ৮-১০ হাজাৰ টকা খৰচ কৰি ধানৰ সলনি পতান দেখা পাই এতিয়া কৃষক ৰাইজৰ লগতে পৰিয়ালসমূহত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ধানৰ সলনি পাতান দেখা পাই অসহায় হৈ পৰিছে দৰিদ্ৰ কৃষকৰ লগতে কৃষক পৰিয়ালসমূহ ৷ ইপিনে,অঞ্চলটোৰ ইৰিধানৰ পথাৰৰ এই অৱস্থা দেখা পাই কৃষি বিভাগক যোগাযোগ কৰিছিল অঞ্চলটোৰ একাংশ কৃষক ৰাইজে৷ মন্দিৰা পথাৰলৈ কৃষি বিভাগৰ গ্ৰাম সেৱক গৈ ধান গছ পৰীক্ষা কৰি এয়া বীজৰ দোষ বুলি মন্তব্য কৰে। একাংশ বহিৰাগত কোম্পানীৰ বেয়া ধানৰ বীজ ক্ৰয় কৰাৰ ফলতেই ধানৰ সলিন পতান হোৱা বুলি জানিবলৈ দিয়ে গ্ৰাম সেৱকে ৷ এতিয়া বৃহত্তৰ অঞ্চলৰ ইৰিধানৰ খেতিৰ এই অৱস্থাত ক্ষতিগ্ৰস্ত কৃষকক ৰাজ্যৰ বিয়াগোম কৃষি বিভাগক ক্ষতিপূৰণৰ ব্যৱস্থা কৰাৰ লগতে বহিৰাগত কোম্পানীৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে অঞ্চলটোৰ কৃষক ৰাইজে ৷
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like