নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাৰ জোঙালবলহু সমষ্টিত নিৰ্বাচনী ৰণডংকা

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগা তিৱা স্বায়ত্ত পৰিষদৰ তৃতীয় সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি পৰিষদৰ ২৪নং জোঙালবলহু সমষ্টিত বিজেপি দলীয় প্ৰাৰ্থী প্ৰণৱজ্যোতি মছৰঙৰ হৈ এক দলীয় কৰ্মীসভাত নিৰ্বাচনী ৰণডংকা বজালে তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ আহ্বায়ক সমিতিয়ে।

থেকেৰাগুৰি সভাগৃহত অনুষ্ঠিত বিজেপিৰ দলীয় কৰ্মীসভাখনত উপস্থিত থাকি  আহ্বায়কদ্বয় তথা ডিফু লোকসভা সমষ্টিৰ সাংসদ হৰেনছিং বে’ আৰু ৰাজ্যিক সম্পাদক দিপ্লুৰঞ্জন শৰ্মা, নগাঁও জিলা বিজেপিৰ সভাপতি আৰু ৰহাৰ স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসে বিজেপি দলৰ প্ৰাৰ্থীগৰাকী নিশ্চিতভাৱে জয়লাভ কৰিব বুলি দাবী কৰে।

নিজৰ ভাষণ প্ৰসংগত মুখ্য আহ্বায়ক তথা সাংসদ হৰেনছিং বে’ই কয় যে বিজেপি চৰকাৰৰ জন উন্নয়নমুখী আঁচনিৰ বাবে অসমৰ জনসাধাৰণে বিজেপিক ভোট দান কৰিব। ৰাজ্যিক সম্পাদক তথা সহঃ আহ্বায়ক দিপ্লুৰঞ্জন শৰ্মাই কয় যে কংগ্ৰেছ দলে পৰিয়ালকেন্দ্ৰিক নীতিত গুৰুত্ব দিয়াৰ বিপৰীতে বিজেপি দলে জনসাধাৰণৰ বাবে আৰু জনগণৰ নীতি-আদৰ্শৰে জনগণৰ হৃদয়ত স্থাপিত হৈছে। আগন্তুক নিৰ্বাচনতো বিজেপি দলৰ প্ৰাৰ্থী গৰাকীক ভোট দিব বুলি মন্তব্য কৰে তেওঁ।

 সভাত সমষ্টিৰ সহযোগী পৰ্যবেক্ষক তপন দাস, ৰহা নগৰ সমিতিৰ  প্ৰাক্তন সভাপতি মনজ্যোতি বৰা, ধ্ৰুৱ দাস, মণ্ডল  ইয়াৰ লগতে ২১নং টোপাকুচি সমষ্টিতো এক দলীয় কৰ্মীসভাত আহ্বায়ক মণ্ডলী উপস্থিত থাকে।

You might also like