নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ ৰাম–টাঙোন খাবলৈ সাজু হওক অসমবাসীঃ এপ্রিলৰ পৰা বাঢ়িব বিদ্যুতৰ মাচুল

  •  বিদ্যুৎ নিয়ামক আয়োগত মাচুল বৃদ্ধিৰ আবেদন
  • ২৮ ফেব্রুৱাৰীত হ’ব ৰাজহুৱা শুনানি
  • ৪ মাহত এফপিপিপিএৰ নিৰিখ তিনিবাৰকৈ বৃদ্ধি
  • ঘাটি বাজেটৰ বাবে জোৰা মাৰিবলৈ মাচুল বৃদ্ধিৰ প্রস্তাৱ
  • প্রতি ইউনিটত ৫০ পইচাকৈ বৃদ্ধিৰ প্রস্তাৱ

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰী: ৰাজ্যৰ প্রায় ৬৭ লাখ বিদ্যুৎ গ্রাহকক পুনৰ মাধমাৰ শোধাবলৈ সাজু হৈছে অসম বিদ্যুৎ বিতৰক কোম্পানী চমুকৈ, এ পি ডি চি এলে৷ ঘাটি বাজেট তথা লোকচনাৰ অজুহাত দেখুৱাই এপ্রিল মাহৰ পৰাই বিদ্যুৎ মাচুল বৃদ্ধিৰ বাবে এ পি ডি চি এলে শেহতীয়াকৈ বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত দাখিল কৰিছে আবেদন৷ উল্লেখ্য যে ইন্ধন আৰু বিদ্যুতৰ জোৰা মাৰিবলৈ প্রতিবাৰেই বিদ্যুৎ মাচুল বৃদ্ধি কৰা এ পি ডি চি এলে বিগত চাৰি মাহত তিনিবাৰকৈ মাচুল বৃদ্ধি কৰিছিল৷ প্রতিবাৰেই লোকচানৰ অজুহাত দেখুৱাই ৰাইজৰ জেপ কাটিবলৈ সাজু হোৱা এ পি ডি চি এলৰ শেহতীয়া আবেদনক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ এনে অৱস্থাত বিদ্যুৎ নিয়ামক আয়োগে এ পি ডি চি এলৰ আবেদন সন্দর্ভত কি সিদ্ধান্ত লয়, সেয়া লক্ষণীয় হৈ পৰিছে৷ ইয়াৰ বাবে অহা ২৮ ফেব্রুৱাৰীত নিয়ামক আয়োগে ৰাজহুৱা শুনানিৰ দিন স্থিৰ কৰিছে৷

প্রশ্ণ হয় এ পি ডি চি এলে প্রতিবাৰে এনেদৰে মাচুল বৃদ্ধি কৰি থকাৰ পাছতো বিদ্যুৎ নিয়ামক আয়োগে কেৱল মাত্র শুনানি গ্রহণ কৰিয়েই দায়িত্ব সামৰিব নেকি? কিয়নো প্রতিবাৰেই নিয়ামক আয়োগে এ পি ডি চি এলৰ আবেদনৰ ওপৰত জনাই আহিছে সন্মতি৷ ইয়াৰ বিপৰীতে আয়োগৰ ওচৰত বিদ্যুৎ গ্রাহক তথা উপভোক্তা সংস্থাসমূহে বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে দি অহা আবেদনক নস্যাৎ কৰি আহিছে আয়োগে৷ এ পি ডি চি এলৰ তথ্য অনুসৰি এইবাৰ প্রতি ইউনিটত ৫০ পইচাকৈ বৃদ্ধিৰ বাবে আবেদন দাখিল কৰিছে৷ ইয়াৰ পূর্বে এ পি ডি চি এলে বিগত বর্ষৰ আগষ্ট মাহত ১৫ পইচাকৈ আৰু নৱেম্বৰ মাহত ৩০ পইচাকৈ প্রতি ইউনিটত মাচুল বৃদ্ধি কৰিছিল৷ ফুৱেল এণ্ড পাৱাৰ পার্ছেছ প্রাইজ এডজাষ্টমেণ্ট (এফ পি পি পি এ) নিৰিখত ইতিমধ্যে দুবাৰকৈ মাচুল বৃদ্ধি কৰা এ পি ডি চি এলে পুনৰ ৫০ পইচাকৈ বৃদ্ধি কৰিবলৈ বিচৰা বিষয়টোৱে উপভোক্তাসকলৰ মাজত সৃষ্টি কৰিছে তীব্র অসন্তুষ্টি৷ বিগত বর্ষৰ নৱেম্বৰ মাহত এ পি ডি চি এলে এফ পি পি পি এৰ নিৰিখত ৩০ পইচাকৈ বৃদ্ধি কৰাৰ পাছত এই বর্ধিত মাচুল ডিচেম্বৰ মাহৰ পৰা উপভোক্তাসকলে আদায় দি আহিছে৷

আনহাতে শেহতীয়াকৈ ডিচেম্বৰ আৰু জানুৱাৰী মাহত পূর্বৰ ৩০ পইচাৰ লগত ৪৯ পইচা সংযোগ কৰি এফ পি পি পি এৰ নিৰিখ ৭৯ পইচালৈ বৃদ্ধিৰ প্রস্তুতি চলাইছিল৷ কিন্তু বিষয়টোক লৈ সৃষ্টি হোৱা তীব্র প্রতিক্রিয়াৰ পাছত এ পি ডি চি এলে ৪৯ পইচাৰ অতিৰিক্ত মাচুল আদায় প্রত্যাহাৰ কৰিবলৈ বাধ্য হয়৷ ইয়াৰ বিপৰীতে ৯ ডিচেম্বৰত এ পি ডি চি এলে প্রতি ইউনিটত ৩০ পইচা এফ পি পি পি এৰ নিৰিখত মাচুল বৃদ্ধি কৰি উপভোক্তাৰ পৰা বর্ধিত হাৰতেই মাচুল আদায় কৰি আহিছে৷ প্রথমে ১৫ পইচাকৈ, বিগত বর্ষৰ শেষভাগত ৩০ পইচাকৈ আৰু এইবাৰ এপ্রিল মাহৰ পৰা ৫০ পইচাকৈ প্রতি ইউনিটত মাচুল বৃদ্ধিৰ বাবে এ পি ডি চি এলে দিয়া আবেদনে কার্যতঃ সাধাৰণ উপভোক্তাক মাধমাৰ শোধোৱাই নহয়, অতিৰিক্ত মাচুল আদায়েৰে এ পি ডি চি এলে যে বৃহৎ লাভৰ অংক কৰিছে, সেয়াও স্পষ্ট হৈ পৰিছে৷

ইফালে এ পি ডি চি এলে নিয়ামক আয়োগৰ ওচৰত দাখিল কৰা আবেদনক লৈ প্রতিক্রিয়াৰ সৃষ্টি হোৱাই নহয়, সাধাৰণ উপভোক্তাৰ মাজতো উত্থাপন হৈছে একাধিক প্রশ্ণৰ৷ কিয়নো প্রতিবাৰেই ঘাটি বাজেটৰ অজুহাত দাঙি ধৰা এ পি ডি চি এলে কিন্তু বিগত সময়ছোৱাত বহু উদ্যোগ, কোম্পানীক বিদ্যুতৰ মাচুল ৰেহাই দি আহিছে৷ সেয়াই নহয়, ৬৭ লাখ গ্রাহকৰ ১০–২৫ শতাংশ গ্রাহকৰ মাচুল আদায়তো ব্যর্থ হৈছে এ পি ডি চি এল৷ সেয়াই নহয়, এ পি ডি চি এলৰ বিৰুদ্ধে উত্থাপন হৈছে আন বহু অভিযোগ৷ কাৰিকৰী আৰু বাণিজ্যিক লোকচানৰ অজুহাত দেখুৱাই অহা এ পি ডি চি এলক এনেবোৰ লোকচান তথা বিষয়সমূহ চোৱাচিতা কৰাৰ বাবে নিযুক্ত হৈ আছে ১২জনকৈ মুখ্য অভিযন্তা, ২৪জনকৈ অতিৰিক্ত মুখ্য অভিযন্তা, প্রায় ১০০জন আই টি বিভাগৰ অভিযন্তাৰ লগতে বহু কর্মচাৰী৷ এই বিষয়সমূহে লোকচানৰ অজুহাত দেখুওৱাৰ বিপৰীতে কিন্তু লোকচানৰ কাৰণসমূহ উদ্ঘাটন কৰাত এটাও পদক্ষেপ গ্রহণ নকৰে৷ কার্যতঃ সীমাহীন দুর্নীতি, অদক্ষতা, ধনৰ অপচয়তহে ব্যস্ত এইসকল বিষয়া৷ সেয়াই নহয়, বিদ্যুৎ বিতৰণৰ বাবে কোটি কোটি টকাৰ সামগ্রী ক্রয় কৰি পেলাই থোৱা এ পি ডি চি এলে প্রতিবর্ষতে এনেধৰণে ৰাজহুৱা ধনৰ অপচয় কৰি আহিছে৷ খোদ এ পি ডি চি এলে তথ্য অনুসৰি বিগত বর্ষৰ জুলাই মাহত শক্তি বিতৰক কোম্পানীটোৱে জুলাই মাহত ১৮ শতাংশ লোকচানৰ সন্মুখীন হৈছে৷

সেইদৰে আগষ্ট মাহত ২৪.৯ শতাংশ, ছেপ্ঢেম্বৰ মাহত ২৭.১ শতাংশ, অক্টোবৰ মাহত ২৫.২ শতাংশ আৰু নৱেম্বৰ মাহত ১৬.৫ শতাংশ লোকচানৰ সন্মুখীন হৈছে৷ এনেদৰে প্রতি মাহতে লোকচানৰ সন্মুখীন হৈ অহা এ পি ডি চি এলে বাৰে বাৰে কিয় এনে সমস্যাত পৰে, তাক লৈ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে এ পি ডি চি এলক জবাবদিহি নকৰাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ ৰাজ্য চৰকাৰৰ শক্তি বিভাগৰ অধীনস্থ কোম্পানীটোৱে সাধাৰণ উপভোক্তাক মাধমাৰ শোধাই এনেদৰে প্রতি দুমাহৰ মূৰে মূৰে মাচুল বৃদ্ধি কৰাৰ পাছতো শক্তি বিভাগ তথা ৰাজ্য চৰকাৰৰ নীৰৱ ভূমিকাই সাধাৰণ উপভোক্তাক ক্ষুব্ধ কৰি তুলিছে৷ এনে অৱস্থাত বিদ্যুৎ নিয়ামক আয়োগৰ ভূমিকাক লৈও সন্দেহৰ দৃষ্টিৰে চাইছে সাধাৰণ ৰাইজে৷

You might also like