নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিছপুৰ হাস্পতালত বাঁহীবাদক দীপক শর্মা; চিকিৎসা ব্যয়ৰ বাবে সহায়ৰ আহ্বান

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰী: অসমৰ থলুৱা বাদ্যযন্ত্র বাঁহী বজাই আন্তঃৰাষ্ট্রীয় পর্যায়ত খ্যাতি অর্জনৰ লগতে অসমীয়া সংগীত জগতক বিশেষ মাত্রা প্রদান কৰা বিশিষ্ট বাঁহী বাদক দীপক শর্মা ‘লিভাৰ চিৰোছিছ’ত আক্রান্ত হৈ দিছপুৰ হাস্পতালত চিকিৎসাধীন হৈ আছে৷ দীর্ঘদিন ধৰি চিকিৎসা চলি আছে যদিও তেওঁৰ স্বাস্থ্যৰ বিশেষ উন্নতি হোৱা নাই৷ সেয়ে উন্নত চিকিৎসাৰ বাবে শিল্পীগৰাকীক অহা শুকুৰবাৰে পৰিয়ালৰ লোকে বিভিন্ন কলা–কুশলী আৰু হূদয়ৱান লোকৰ সহযোগত নয়দাৰ জেপি হাস্পতাললৈ লৈ যোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ নয়দাৰ জেপি হাস্পতালৰ বিশেষজ্ঞ চিকিৎসক ডাঃ বাসুদেৱনৰ তত্ত্বাৱধানত শিল্পীগৰাকীৰ অস্ত্রোপচাৰ কৰা হ’ব৷ কিন্তু এই অস্ত্রোপচাৰ অধিক ব্যয়বহুল হোৱা হেতুকে পৰিয়ালৰ লোক বিপাঙত পৰিছে৷ আজি ‘নিয়মীয়া বার্তা’ কাকতৰ সাংবাদিকে হাস্পতালত শিল্পীগৰাকীৰ খবৰ ল’বলৈ যোৱাত তেওঁ কয় যে আন্তর্জাতিক বঁটাপ্রাপক, অভিজ্ঞ চিকিৎসক বাসুদেৱনে মোৰ অস্ত্রোপচাৰ কৰিব৷ সুস্থ হৈ আহি পুনৰ দেশ–বিদেশত অনুষ্ঠান পৰিৱেশন কৰিম৷ ৰাজ্য চৰকাৰক মোৰ চিকিৎসাৰ ব্যয়ৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ কাতৰ অনুৰোধ জনালোঁ৷ আজি সাংবাদিক চন্দন দাস, ৰঞ্জিত পাটগিৰি, ফটো সাংবাদিক মহেশ চৌধুৰী, আব্দুল হালিম আৰু অনুপমা ডেকাই জনপ্রিয় শিল্পীজনৰ স্বাস্থ্যৰ বুজ ল’বলৈ হাস্পতাললৈ যায়৷ তেওঁ সাংবাদিকৰ দলটোক ধন্যবাদ দিয়াৰ লগতে তেওঁৰ অস্ত্রোপচাৰৰ বাবে প্রায় ৩৫ লাখ টকাৰ প্রয়োজন হ’ব বুলি কয়৷ ইচ্ছুকসকলে ৯৮৬৪০–৫৫৪০০ত গুগল পে’ অথবা এছবিআই একাউণ্ট ৩০৫০৯২১৪৫১৫, আইএফএছ–এছবিআইএন ০০০৭২০২ত অনুদান আগবঢ়াব পাৰিব৷

You might also like