নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত ৫ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিব জুবিন গাৰ্গৰ কালজয়ী গীত

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ৩০ অক্টোবৰ : ঢকুৱাখনাত ৫ হাজাৰ শিল্পীয়ে একেলগে পৰিৱেশন কৰিব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ কালজয়ী গীত। ৩০ নৱেম্বৰত ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ’ব এই বিশেষ সংগীতানুষ্ঠান । এই কথা ঘোষণা কৰিলে ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেই।

এখন সংবাদমেল সম্বোধন কৰি বিধায়ক দলেই কয়- ঢকুৱাখনা সমষ্টিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি চিৰযুগমীয়া কৰাৰ লক্ষ্যৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰে প্ৰথম পদক্ষেপ হিচাপে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই অহা ১৮ নৱেম্বৰত শিল্পীগৰাকীৰ জন্মদিনত মাতমৰাৰ বিষ্টুৰাম দলে ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব এখন প্ৰীতি ফুটবল মেচ। য’ত অংশগ্ৰহণ কৰিব ৰাজ্যৰ দুটাকৈ আগশাৰীৰ ফুটবল দল অইল ইণ্ডিয়া আৰু নৰ্থ ইষ্ট ইউনাটেড ফুটবল ক্লাবে।

জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠান ‘সপ্তশিখা’ৰ উদ্যোগত অনুষ্ঠিত হ’ব বুলি অৱগত কৰি বিধায়ক দলেই সংবাদ মেলত আৰু কয় যে অকালতে হেৰাই যোৱা এই অনন্য প্ৰতিভাৰ স্মৃতি, অৱদানসমূহ যুগমীয়া কৰাৰ বাবে আমি দায়বদ্ধ। জুবিন গাৰ্গৰ ঘনিষ্ঠ তথা অনুৰাগীসকলৰ সৈতে আমি আলোচনা কৰি বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যাতে আমাৰ প্ৰাণৰ শিল্পীগৰাকীক সদায় আমাৰ মাজত জীয়াই ৰাখিব পাৰোঁ।

আনহাতে, ঢকুৱাখনা সমষ্টিৰ দুটাকৈ স্থানত ঘিলামৰা আৰু ঢকুৱাখনা সদৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ একোটিকৈ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ কথা অৱগত কৰি ইতিমধ্যে খ্যাতিমান শিল্পী ভাস্কৰ বীৰেন সিংহক প্ৰতিমূৰ্তি নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰাৰ কথাও অৱগত কৰে। এই সংবাদ মেলতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ২০টাকৈ কালজয়ী গীত ৫০০০ শিল্পীয়ে একেলগে পৰিৱেশন কৰিব বুলি উল্লেখ কৰি নৱ কুমাৰ দলেই কয় যে ১০ বছৰ ঊৰ্ধ্বৰ যিকোনো ব্যক্তিয়ে এই বিশেষ সংগীতেৰে শ্ৰদ্ধাঞ্জলি জনোৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব। ১৫ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব এই বিশেষ অনুষ্ঠানৰ আখৰা। এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অনলাইনযোগে লোৱা হৈছে আবেদন। ইচ্ছুকসকলে অনলাইনযোগে প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব। ইফালে, ঢকুৱাখনা সমষ্টিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি চিৰযুগমীয়া কৰাৰ লক্ষ্যৰে এখন সংগীত মহাবিদ্যালয় স্থাপন কৰাৰ কথাও সংবাদ মেলযোগে ঘোষণা কৰে ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেই। সংবাদ মেলত সপ্তশিখাৰ আহ্বায়ক বাবুল বৰুৱা, হিৰণ্য হাজৰিকা, শিল্পী সুনীল দুৱৰা, অক্ষয়প্ৰীত গগৈ আদি উপস্থিত থাকে।

You might also like