শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক অধিৱেশনৰ পৰা আৱেগিক বিদায় ভকত বৈষ্ণৱৰ
যোৱা তিনি দিন ধৰি লক্ষ লক্ষ ভকত বৈষ্ণৱৰ পদধূলাৰে ধন্য হোৱা জামুগুৰিহাটৰ ধলাইবিল নাহৰবাৰীৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ আজি নিজম পৰিল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক বাৰ্ষিক অধিৱেশন উপলক্ষে যোৱা ৬,৭ আৰু ৮ ফেব্ৰুৱাৰীত লাখ লাখ ভকতৰ সমাগম হোৱা জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আজি নীৰৱ নিতাল পৰিবেশ।
কালি নিশাৰ ভাগত অধিবেশনৰ সামৰণি পৰাৰ লগে লগে দূৰ দূৰণিৰ ভকত বৈষ্ণৱ নিশাই ঘৰমুৱা হোৱাৰ লগতে থাকি যোৱা ভকত বৈষ্ণৱ সকলো আজি পুৱাৰ ভাগত ঘৰ মুৱা হয়। তিনি দিন অধিবেশনস্থলীত থাকি গুৰুজনাৰ আদৰ্শ সৰোগত কৰি কৃষ্ণ ভকতিত গদগদ হোৱা দূৰ দূৰণিৰ ভকত বৈষ্ণৱে অধিবেশনস্থলী এৰাৰ সময়ত হৈ পৰিল আৱেগিক।
গুৰুজনাৰ গুনানুকীৰ্তন তথা কৃষ্ণ ভক্তিৰ প্ৰাৰ্থনা কৰি ঘৰমুৱা হোৱা বহু ভকত বৈষ্ণৱক দেখা গ’ল ক্ৰন্দনৰত অৱস্থাত। জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ অলেখ স্মৃতি বুকুত বান্ধি ঘৰমুৱা হোৱা উজনি নামনিৰ ভকত বৈষ্ণৱে অধিবেশনস্থলী এৰি যোৱাৰ সময়ত দিলে ‘জয়তু শ্ৰীমন্ত শংকৰদেৱ’ ধ্বনি।
অহা বৰ্ষত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৬সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ’ব লক্ষীমপুৰত। ইয়াৰ বাবে কালি সন্ধিয়াৰ ভাগত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ পৰা গায়ন বায়নৰে শোভাযাত্ৰা কৰি গাড়ীত উঠাই লৈ যোৱা হ’ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পতাকা।
ইফালে যোৱা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত অতি সুশৃংখলিতভাৱে অধিবেশনখনি সফল সমাপ্তি ঘটাৰ বাবে সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ৯৫সংখ্যক অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি প্ৰভাকৰ বৰ্মন, কাৰ্যকৰী সভাপতি তথা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু সাধাৰণ সম্পাদক বিপুল বৰাই।
নিয়মীয়া বাৰ্তা, জামুগুৰিহাট, ৯ ফেব্ৰুৱাৰী