নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত কাইলৈৰ পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা; মানিব লাগিব এইসমূহ নিয়ম

ডিজিটেল ডেস্ক, ৯ ফেব্ৰুৱাৰী : ৰাজ্যত কাইলৈৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ১,০৪৬টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ৪ লাখ ৩৮ হাজাৰ ৫৬৫গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব।

উল্লেখ্য যে প্ৰতিটো পৰীক্ষা কেন্দ্ৰত চিচি কেমেৰা আৰু সুউচ্চ দেৱাল থকাটো বাধ্যতামূলক। প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ ৫০ মিটাৰ ব্যাসাৰ্ধত চৰকাৰে ১৬৩ ধাৰা জাৰি কৰিছে। পৰীক্ষাৰ সময়ত কেন্দ্ৰৰ ওচৰে-পাঁজৰে কোনো অচিনাকি লোকৰ সমাগমো নিষিদ্ধ কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে কোনোধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী পৰীক্ষাগৃহলৈ নিব নোৱাৰিব। জানিব পৰা মতে, মুঠ ৪৫টা কেন্দ্ৰত অনুষ্ঠিত হ’ব উত্তৰ বহীৰ মূল্যায়ন প্ৰক্ৰিয়া।

আনহাতে, ১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ’ব ৮২১টা কেন্দ্ৰত। এই বৰ্ষত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত মুঠ ৩,৩০,৩৪৪গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব।

You might also like