নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানৱ দেহত নতুন অংগ আৱিষ্কাৰ বিজ্ঞানীৰ

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰঃ মানৱ শৰীৰত এক নতুন অংগৰ সন্ধান পাইছে বিজ্ঞানীয়ে। নেডাৰলেণ্ডছৰ এদল বিজ্ঞানীয়ে প্ৰষ্টেট কৰ্কট সম্বন্ধীয়া এক পৰীক্ষাৰ সময়ত আৱিষ্কাৰ কৰে এই অংগবিধ। মানৱৰ গলৰ ওপৰ অংশত থকা গ্ৰন্থীৰ এটা জুম আছে, যিটো তেতিয়ালৈ আৱিষ্কাৰ হোৱা নাছিল।

বিজ্ঞানীয়ে নতুনকৈ সন্ধান পোৱা এই অংগবিধৰ নাম দিছে টিউবেৰিয়েল ছেলিভাৰী গ্লেণ্ডছ। বিজ্ঞানীসকলে ধাৰণা কৰা মতে, এই গ্ৰন্থীয়ে নাকৰ লুব্ৰিকেশ্বনত সহায় কৰে। ৰেডিঅ থেৰাপি এণ্ড অংকোলজী জাৰ্নালত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি ৰেডিয়েচন চিকিৎসাৰ দ্বাৰা ইয়াক প্ৰভাৱিত নকৰিলে ই মানুহৰ বহুখিনি উপকাৰ সাধিব পাৰে।

উল্লেখ্য, প্ৰথমাৱস্থাত গ্ৰন্থীৰ সম্ভেদ পোৱাৰ পিছত নিশ্চিত হোৱাৰ বাবে ১০০গৰাকী লোকৰ দেহত পৰীক্ষা কৰা হয় আৰু এনেদৰে আৱিষ্কাৰ হয় উক্ত গ্ৰন্থী।

You might also like