নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূমি বন্দৱস্তি প্রাধিকাৰীৰ কার্যালয় কঁপালে চাৰি শতাধিক প্রতিবাদকাৰীয়ে

নিয়মীয়া বাৰ্তা ২১ জুলাইঃ চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিলৰ দাবীত চলি থকা ধাৰাবাহিক প্রতিবাদৰ আজি ২৫ দিন অতিক্রম কৰাৰ পিছতো অসম চৰকাৰৰ গা লৰা নাই৷ মঙলবাৰে পুনৰ চন্দ্রপুৰত হাজংবডিস্থিত ভূমি বন্দৱস্তি আৰু প্রাধিকাৰী বিষয়াৰ কার্যালয়ৰ সন্মুখত ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিলৰ দাবীত প্রায় চাৰি শতাধিক লোকে সত্যাগ্রহ কার্যসূচী ৰূপায়ণ কৰে৷ ডাম্পিং গ্রাউণ্ডবিৰোধী মঞ্চ চন্দ্রপুৰৰ আহ্বানত চন্দ্রপুৰ আঞ্চলিক ছাত্র সন্থা, জ্যেষ্ঠ নাগৰিক সন্থা, প্রাগজ্যোতিষপুৰ জিলা ট্ৰাইবেল সংঘ, চন্দ্রপুৰ সাহিত্য সভা, চন্দ্রপুৰ আঞ্চলিক বিহু সন্মিলনী, চন্দ্রপুৰ নাগৰিক সমিতি, চন্দ্রপুৰ গাঁও পঞ্চায়তৰ প্রতিনিধি আদিকে ধৰি চন্দ্রপুৰৰ বিভিন্ন দল–সংগঠন আৰু গাঁওসমূহৰ স্থানীয় বাসিন্দাৰ লগতে ভালেসংখ্যক শিল্পী–কলাকুশলীৰ দলে সত্যাগ্রহ কার্যসূচীত অংশগ্রহণ কৰি বিভিন্ন শ্লোগান সম্বলিত প্লে’কার্ড হাতে হাতে লৈ হাজোংবডি বিহুমঞ্চৰ পৰা ভূমি বন্দৱস্তি প্রাধিকাৰী কার্যালয়লৈ গৈ সত্যাগ্রহ কার্যসূচী ৰূপায়ণ কৰে৷

সত্যাগ্রহ কার্যসূচীত অংশগ্রহণ কৰি শিল্পী অৰুণিমা দেৱীয়ে কয় যে চন্দ্রপুৰত যাতে কোনো কাৰণতে প্রকৃতিৰ ওপৰত প্রভাৱ পৰিব পৰা পদক্ষেপ চৰকাৰে গ্রহণ নকৰে৷ কাৰণ অসমীয়া শিল্প জগতৰ বহু সৃষ্টিৰ আঁৰত আছে চন্দ্রপুৰৰ এই প্রকৃতিৰ প্রভাৱ৷ সেয়েহে চৰকাৰে চন্দ্রপুৰবাসীৰ এই আহ্বান ৰক্ষা কৰিব লাগে৷ অহা ২২ জুলাইত পুনৰ চন্দ্রপুৰ ঠাকুৰকুছিস্থিত খণ্ড বন বিষয়াৰ কার্যালয়ত সত্যাগ্রহ কার্যসূচী ৰূপায়ণ কৰিব৷

এই কার্যসূচীত সদৌ কামৰূপ মহানগৰ জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক টুটুমণি কলিতা, উপ–সভাপতি ৰমেন ঠাকুৰীয়া, সহঃ সাধাৰণ সম্পাদক বিপজ্যোতি মালাকাৰ, শিক্ষা সম্পাদক মৃদুল দাস, কর্যনির্বাহক সদস্য চানবলি মহতো, প্রাগজ্যোতিষপুৰ জিলা ট্ৰাইবেল সংঘৰ সম্পাদক ধীৰেন বসুমতাৰী, উপ–সভাপতি দিগেন বংজাং, জ্যেষ্ঠ নাগৰিক সন্থাৰ কার্যকৰী সভাপতি জগন্নাথ ৰাজবংশী, সম্পাদক প্রফুল্ল তালুকদাৰ, চন্দ্রপুৰ সাহিত্য সভাৰ সভাপতি অনন্ত কলিতা, সম্পাদক মদন কলিতা, চন্দ্রপুৰ বিহু সন্মিলনীৰ সভাপতি প্রসন্ন দৈমাৰী, ডাম্পিং গ্রাউণ্ড বিৰোধী মঞ্চৰ আহ্বায়ক শিৱ ৰাজবংশী, ভোজৰাজ ছেত্রী, ৰঞ্জু পাটৰ, সমাজকর্মী উপেন দৈমাৰী, ডাঃ নৰেন বড়ো, পুলেন ৰহাং আদিকে প্রমুখ্যে কৰি প্রায় শতাধিক লোকে অংশগ্রহণ কৰে৷

You might also like