নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণতলীত চিকিৎসকৰ অনিয়মীয়া উপস্থিতি, চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়ে চলাইছে চিকিৎসালয়

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত ৰাংগাপানী ৰাজ্যিক পশু চিকিৎসালয়ত চিকিৎসকৰ অনিয়মীয়া উপস্থিতিত কৃষক ৰাইজে পশু চিকিৎসাৰ ক্ষেত্ৰত সমস্যাত পৰিছে৷ জানিব পৰা মতে, উক্ত চিকিৎসালয়ত দেৱৰঞ্জন দাসক নিযুক্তি দিছে যদিও চিকিৎসকগৰাকী নিয়মীয়াকৈ উপস্থিত নথকাৰ অভিযোগ উঠিছে। তদুপৰি চিকিৎসকেগৰাকীয়ে কৰ্তব্য পালন নকৰাকৈয়ে চৰকাৰী দৰমহা ভোগ কৰি আছে বুলি অভিযোগ উঠিছে৷

উল্লেখ্য যে চিকিৎসকগৰাকীৰ অনিয়মীয়া উপস্থিতিৰ বাবে চিকিৎসালয়ত নিয়োজিত চতুৰ্থবৰ্গৰ কৰ্মচাৰী এগৰাকীয়ে পশুধনৰ চিকিৎসা সেৱা আগবঢ়াই আছে। বৃহত্তৰ ৰাংগাপানী অঞ্চলৰ পশুপালকসকলৰ কাৰণে একমাত্ৰ চিকিৎসালয় হৈছে ৰাংগাপানী ৰাজ্যিক পশু চিকিৎসালয়। উল্লেখ্য যে ৰাংগাপানী অঞ্চলৰ পশুধনৰ বেমাৰ হ’লে পশুপালকে চিকিৎসক নাপাই চকীদাৰৰ পৰা ঔষধ নিব লগা হয়৷ কিন্তু চিকিৎসালয়ৰ চকীদাৰৰ পৰা ঔষধ লৈ কেতিয়াবা বিপদতো পৰিছে পশুপালক।

আনকি একাংশ দৰিদ্ৰ লোকে কেৱল পশুধন পালন কৰিয়ে পৰিয়াল চলাই আছে যদিও উপযুক্ত চিকিৎসাৰ অভাৱত কেতিয়াবা পশুধনৰ মৃত্যুপৰ্যন্ত হয়৷ চিকিৎসালয়খনত পৰ্যাপ্ত পৰিমাণে ঔষধ যোগানৰ লগতে চিকিৎসক দেৱৰঞ্জন দাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে।

নিয়মীয়া বাৰ্তা, সোণতলী, ১৯ ডিচেম্বৰ :

You might also like