নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমচাঙৰ ভূমি বেদখলকাৰীক উচ্ছেদ

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কঠোৰ নির্দেশৰ পিছতে মঙলবাৰে আমচাং অভয়াৰণ্যৰ ভূমি বেদখল কৰা একাংশ লোকক উচ্ছেদ কৰা হয়৷ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ পিছফালে থকা অভয়াৰণ্যখনৰ পাহাৰীয়া অঞ্চলটোত বিগত কিছুদিন ধৰি এই লোকসকলে বেদখল কৰিছিল৷ ইয়াৰ বিষয়ে মুখ্যমন্ত্রী ড০ শর্মা জ্ঞাত হোৱাৰ পিছত সংশ্লিষ্ট কর্তৃপক্ষক বেদখলকাৰীসকলক উচ্ছেদৰ নির্দেশ দিছিল৷

ইয়াৰ ভিত্তিতে কালি বন বিভাগ আৰু কামৰূপ মহানগৰ জিলা প্রশাসনে যুটীয়াভাৱে অভিযান চলাই বেদখল কৰি থকা লোকসকলক উচ্ছেদ কৰে৷ বিগত কিছুদিনৰ ভিতৰতে খানাপাৰা পাহাৰত নির্মাণ কৰা সৰু সৰু কাঠ–বাঁহৰ ঘৰসমূহ আজি ভাঙি পেলায় প্রশাসনৰ লোকে৷

উল্লেখ্য যে ক’ভিডৰ সংক্রমণ প্রতিৰোধৰ বাবে ৰাজ্য চৰকাৰে কেতবোৰ নিষেধাজ্ঞা ঘোষণা কৰিছিল৷ আন্তঃজিলা যাতায়াত বন্ধকে ধৰি দুপৰীয়াৰ পৰা বলৱৎ কৰা হৈছিল সান্ধ্য আইন৷ এই সময়ছোৱাতে উক্ত লোকসকলে পাহাৰখনৰ ভূমি খনন কৰাৰ লগতে ঘৰ নির্মাণ কৰে৷

প্রাপ্ত তথ্য অনুসৰি, উক্ত পাহাৰখনৰ বহুসংখ্যক মূল্যৱান চেগুন গছ কাটি তেওঁলোকে ঘৰ নির্মাণ কৰিছে৷ লাখ লাখ টকা মূল্যৰ চেগুন গছসমূহ কাটি তহিলং কৰাৰ লগতে বহু গছ পুতি পেলোৱা বুলিও অভিযোগ উত্থাপন হৈছে৷

ন বিভাগৰ যাতে চকুত নপৰে তাৰ বাবে এই মূল্যৱান গছসমূহ কাটি পুতি পেলোৱাৰ লগতে জ্বলাই দিয়া বুলি স্থানীয় একাংশ লোকে প্রকাশ কৰিছে৷ ৰহস্যজনকভাৱে পূব কামৰূপ বন সংমণ্ডলৰ অধীনস্থ এই অঞ্চলটোত তেওঁলোকৰ অজ্ঞাতে কিদৰে বেদখলকাৰীসকলে ঘৰ নির্মাণ কৰিবলৈ সক্ষম হ’ল বুলিও উদয় হৈছে প্রশ্ণৰ৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে বেদখল হোৱা অঞ্চলটোত হৰিণৰ লগতে কেটেলা পহুৰ বাসস্থান আছিল৷ কিন্তু ক্রমান্বয়ে অঞ্চলটোত হোৱা বেদখলে এই বন্যজীৱসমূহৰ বিচৰণস্থলী সংকুচিত কৰি অনাৰ লগতে একাংশই হত্যা কৰা বুলিও অভিযোগ উত্থাপন হৈছে৷ পৰৱর্তী সময়ত এই অঞ্চলসমূহ বেদখলমুক্ত কৰি ৰাখিবলৈ বন বিভাগে কি পদক্ষেপ গ্রহণ কৰিব সেয়া লক্ষণীয় হ’ব৷

You might also like