নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুক্ষেত্ৰীত বিকল্প সংস্থাপন নোহোৱালৈ উচ্ছেদ কাৰ্য বন্ধ ৰখাৰ দাবীত বৰপেটা উপায়ুক্তলৈ স্মাৰক-পত্র

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বেতবাৰী মৌজাৰ অন্তৰ্গত বৰীয়াৰ পাথাৰৰ একাংশ ৰাইজক ইতিমধ্যে প্ৰশাসনে উচ্ছেদৰ জাননী প্ৰেৰন কৰিছে। পিছে আজি বৰপেটা জিলা কৃষক সভাই উক্ত বৰীয়াৰ পাথাৰৰ লোকক বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ উচ্ছেদ কার্য্য বন্ধ ৰখাৰ দাবী জনাই জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্র প্ৰদান কৰে। সভাই স্মাৰক পত্ৰখনৰ জৰিয়তে কয় যে, বেতবাৰী মৌজাৰ বৰীয়া পাথাৰ সহ ৰিজাৰ্ভত বিভিন্ন গাঁৱৰ পৰা ভূমিহীন পৰিয়াল সমুহ আহি যুগ যুগ ধৰি বসবাস কৰি আছে। এতিয়া এইসমুহ পৰিয়ালক সময় নিৰ্ধাৰিতভাৱে বসতি কৰি থকা ৭৯১ বিঘা ২ কঠা ১৮ লেছা মাটিৰ পৰা নিজে নিজে আঁতৰি যাবলৈ নিৰ্দ্দেশ দিয়া হৈছে। যদিও উক্ত গাঁৱত চৰকাৰীভাৱে বিদ্যালয়, উপ-স্বাস্থ্য কেন্দ্ৰ, অংগনৱাড়ী কেন্দ্ৰ, ৰাস্তা-ঘাট আদি নিৰ্মাণ কৰা হৈছে। আনকি গাঁওখনত ইতিমধ্যে বিদ্যুতীকৰণ কৰাও হৈছে। পৰিতাপৰ বিষয় যে,ইয়াৰ পূৰ্বেও বহুবাৰ এই ভূমিহীন পৰিয়ালসমূহক ভোগ দখল কৰি থকা মাটিৰ পট্টা দিয়াৰ বাবে আৱেদন কৰা হৈছিল। কিন্তু আজিলৈকে প্ৰশাসনৰ পৰা কোনো ধৰণৰ ইতিবাচক ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হোৱা নাই। পিছে এনে অৱস্থাত পৰিয়ালসমূহক উচ্ছেদ কৰা হলে বিনামেঘে বজ্ৰপাত হোৱাৰ দৰে হ’ব আৰু তেওঁলোকে জীয়াই থকাৰ কোনো উপায় নাথাকিব। সেয়ে নিখিল ভাৰত কৃষক সভাৰ বৰপেটা জিলা কমিটিয়ে মানৱীয়তাৰ দৃষ্টিভংগীৰে ঘটনাত গুৰুত্ব অনুধাৱন কৰি বিকল্প ব্যৱস্থা নোহোৱাকৈ অমানৱীয় উচ্ছেদ কাৰ্য বন্ধ ৰখা আৰু ভূমিহীন কৃষকক দখলীকৃত মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা আদি দাবী সন্নিবিষ্ট তথা কৃষক সভাৰ বৰপেটা জিলা সমিতিৰ সম্পাদক হাশিম আলী স্বাক্ষৰিত এখন স্মাৰক পত্ৰ প্ৰদান কৰা সময়ত উপস্থিত থাকে পিয়াৰুল ইছলাম, চিত্তৰঞ্জন দাস, কলিমুদ্দিন,জয়নাল আবদীনকে আদি কৰি কেইবাজনো কৃষক নেতা উপস্থিত থাকে ।স্মাৰক পত্ৰ বৰপেটা জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰাৰ লগতে ইয়াৰ প্ৰতিলিপি বৰপেটাৰ সাংসদ তথা বৰপেটা জিলাৰ বিধায়কসকললৈ প্ৰেৰণ কৰে।

প্ৰেৰক আফতাব হুছেইন

You might also like