নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁৱত ইউৰিয়া সাৰ বিচাৰি হাহাকাৰ নৈপৰীয়া কৃষকৰঃ সাৰৰ বিক্ৰী কেন্দ্ৰ স্থাপনৰ আহ্বান

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চ : বানে ধোৱা মৰিগাঁও জিলাৰ ভূৰাগাঁও,লাহৰীঘাট আদি অঞ্চলত বৰ্তমান সময়ত বৰোধান আৰু মাকৈ খেতিৰ কৃষক সকলে ইউৰিয়া সাৰ বিচাৰি হাহাকাৰ কৰিব লগা হৈছে।বৰ্তমান বৃহত্তৰ অঞ্চলটোৰ কৃষকসকলে জিলাখনৰ উত্তৰাঞ্চল তথা ভূৰাগাঁৱত ইউৰিয়া সাৰৰ বিক্ৰী কেন্দ্ৰ এটা স্থাপন কৰিবলৈ চৰকাৰক আহ্বান জনাইছে।উল্লেখযোগ্য যে কৃষি প্ৰধান নৈপৰীয়া অঞ্চলত এইবেলি ইউৰিয়া সাৰ বিচাৰি বৰোধানৰ কৃষক সকলে সাৰৰ দোকানে দোকানে বোন্দাপৰ দি ফুৰিব লগা হৈছে। ভূৰাগাঁও,গেৰুৱা, লাহৰীঘাট,কছাৰীবড়ি,বৰালিমাৰী আদিত অনুজ্ঞাপত্ৰ থকা কেইবাখনো সাৰৰ দোকান আছে যদিও চৰকাৰীভাৱে অনুমোদিত ইউৰিয়া সাৰৰ বিক্ৰী কেন্দ্ৰ নাই।যাৰ বাবে অনুজ্ঞাপত্ৰ থকা সাৰৰ ব্যৱসায়ীসকলে নগাঁও আৰু ঝাৰগাঁৱৰ পৰা ইউৰিয়া সাৰ সমূহ ক্ৰয় কৰি আনিব লগা হয়।বিভাগীয় ভাৱে পোনপটীয়াকৈ ইউৰিয়া সাৰৰ বিক্ৰী কেন্দ্ৰ এটা নথকাত জিলাখনৰ সমগ্ৰ উত্তৰাঞ্চলৰ কৃষকসকলৰ লগতে চৰ চাপৰিৰ কৃষক সকলো ইউৰিয়া সাৰৰ বাবে হাবুডুবু খাব লগা হৈছে।এই বছৰ বৰোধানৰ কৃষক সকলে ইউৰিয়া সাৰৰ বাবেই ফচল উৎপাদনত লোকচান ভৰিব লগা হব।একেদৰে ইউৰিয়া সাৰৰ অবিহনেই চৰ চাপৰি আৰু নৈপৰীয়া একাংশ কৃষকে মাকৈ খেতি কৰিব লগা হৈছে।যাৰ বাবে মাকৈ কৃষক সকলে খেতি পথাৰত সাৰ প্ৰয়োগ কৰিব নোৱাৰি অধিক লোকচান খাবলগীয়া হব।বৃহত্তৰ অঞ্চলটোৰ কৃষক সকলে পৰ্যাপ্ত পৰিমাণে আৰু উচিত মূল্যত ইউৰিয়া সাৰ নাপাই এতিয়া মূৰে কপালে হাত দিব লগা হৈছে।সেয়েহে কৃষক সকলৰ সুবিধা হোৱাকৈ নৈপৰীয়া অঞ্চলটোৰ কৃষক সকলে ভূৰাগাঁৱত ইউৰিয়া সাৰৰ পোনপটীয়া বিক্ৰী কেন্দ্ৰ এটা স্থাপন কৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীৰ লগতে কৃষিমন্ত্ৰী গৰাকীক দাবী জনাইছে।

প্ৰেৰক আবুল কালাম

You might also like