নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুৱাৰীৰ ৰূপত আত্মপ্ৰকাশ বিধায়কৰ! ওৰে নিশা সদৰ থানাত মহৰ কামোৰ খাই কটালে প্ৰাক্তন বিধায়ক নৰেন সোণোৱালে!

  • লক্ষাধিক টকা উদ্ধাৰঃ বিধায়কসহ ৭ জুৱাৰীক ন্যায়িক জিম্মালৈ প্ৰেৰণ

 

নিয়মীয়া বাৰ্তা, ১৭ মার্চ: কিমাচাৰ্যম!এইবাৰ জুৱাৰীৰ ৰূপত আত্মপ্ৰকাশ প্ৰাক্তন বিধায়কৰ।বিষয়টোৱে ব্যাপক চৰ্চা লভিছে সৰ্ব্বত্ৰে।ওৰে নিশা সদৰ থানাতেই মহৰ কামোৰণি খাই এজন অপৰাধীৰ দৰে কটালে প্ৰাক্তন বিধায়ক নৰেন সোণোৱালে।হয়, জুৱা খেলি ডিব্ৰুগড়ৰ সদৰ থানাৰ আলহী হ’ল প্ৰাক্তন বিধায়ক গৰাকীৰ লগতে আন ৭ গৰাকী জুৱাৰী।

জানিব পৰা অনুসৰি নাহৰকটীয়াৰ প্ৰাক্তন অগপৰ বিধায়ক নৰেন সোণোৱাল ওৰফে ‘বতালি’ কালি নিশা ডিব্ৰুগড়ৰ এক জুৱা খেলত নিমগ্ন হৈ থকা অৱস্থাতে আৰক্ষীয়ে হাতেলোটে আটক কৰিবলৈ সক্ষম হোৱাত সকলোতে ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি হৈছে।ডিব্ৰুগড় সদৰ আৰক্ষীয়ে কালি নিশা গোপন সূত্ৰৰ পম খেদি অৰ্তকিতে অভিযান চলাই চহৰখনৰ বৈৰাগীমঠৰ এটা গৃহৰ পৰা এক বৃহৎ জুৱা চক্ৰ উৎখাত কৰাৰ লগতে নাহৰকটীয়াৰ প্ৰাক্তন অগপৰ বিধায়ক নৰেন সোণোৱাল তথা বতালী সহ ৭ টাকৈ জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়।কোটি টকীয়া বৃহৎ জুৱা খেলৰ আদ্দাৰ পৰা ডিব্ৰুগড় আৰক্ষীয়ে হঠাতে অভিযান চলাই হাতে- লুতে নাহৰকটীয়া সমষ্টিৰ প্ৰাক্তন অগপৰ বিধায়ক নৰেন সোণোৱালক আটক কৰা ঘটনাই সৰ্বত্ৰে চাঞ্চল্যৰ স্বৃষ্টি কৰাৰ লগতে দলৰ মজিয়াতো ব্যাপক প্ৰতিক্ৰিয়াৰ স্বৃষ্টি হৈছে।

জানিব পৰা মতে কালি নিশা অৰ্তকিত অভিযানৰ সময়ত ৫০০ টকীয়া নোটৰ বাণ্ডিল যেনিয়ে তেনিয়ে জুৱাৰী সকলে চটিয়াই দিছিল।কেৱল সিমানেই নহয় বাথৰুম আৰু এটা গডৰেজত ৰখা বিশাল টকাও আৰক্ষীয়ে অভিযানৰ সময়ত জব্দ কৰিছিল বুলি প্ৰকাশ।আনহাতেদি নৰেন সোণোৱালৰ লগতে আৰক্ষীৰ জালত পৰে ক্ৰমে ডিব্ৰুগড় চহৰৰ মিৰ্জাবাগৰ আব্দুল আচিফৰ লগতে মুকুল ঘোষ,মেহৰাজ মহম্মদ,দিপেন্দ্ৰ দত্ত,ৰিত্তিক বৰুৱা আৰু দিপক ৰঞ্জন নামৰ আন ৬টা জুৱাৰী।লগতে জব্দ কৰে প্ৰায় ৭৫ লাখ টকাৰ নগদ ধন।অবশ্যে ডিব্ৰুগড়ৰ আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত অভিযানৰ সময়ত জুৱাৰীৰ পৰা তথা বাসগৃহৰ পৰা কেৱল ৯৬ হাজাৰ টকাহে উদ্ধাৰ বা জব্দ কৰিবলৈ সক্ষম হোৱা বুলিহে সদৰী কৰে।উল্লেখ্য যে অভিযোগ অনুসৰি চহৰখনৰ বৈৰাগীমঠস্থিত ডিব্ৰু মহাবিদ্যালয় আৰু ডনবক্স বিদ্যালয়ৰ সমীপত থকা এটা বাসগৃহত দীৰ্ঘদিন ধৰি দৈনিক এই বৃহৎ অবৈধ জুৱা চক্ৰ গঢ় লৈ উঠিছিল।দুখনকৈ প্ৰতিস্থিত শিক্ষানুষ্ঠানৰ মাজতেই কেনেদৰে দৈনিক বৃহৎ জুৱাৰী আড্ডা হবলৈ পালে সেয়া লক্ষণীয় বিষয়।দীৰ্ঘদিনীয়া অভিযোগ অনুসৰি প্ৰতিদিনে বাসগৃহটোত কোটি টকাৰ জুৱাৰ আদ্দা বহিছিল।

জানিব পৰা মতে ডিব্ৰুগড় পৌৰসভাৰ এগৰাকী কংগ্ৰেছৰ প্ৰাক্তন ৱাৰ্ড মেম্বাৰ ৰণ্টু বৰুৱাৰ বাসগৃহত চলোৱা আৰক্ষীৰ অভিযানত প্ৰাক্তন বিধায়ক সহ ৭ জন জুৱাৰী লগতে প্ৰায় ৭৫ লাখ টকা সদৰ আৰক্ষীয়ে জব্দ কৰে বুলি জানিব পৰা গৈছে যদিও আৰক্ষীয়ে জব্দ কৰা টকাৰ পৰিমাণ ৯৬ হাজাৰ টকা বুলিহে দাবী কৰে।সেয়া যিয়েই নহওক কিয় দীৰ্ঘদিন ধৰি সংঘটিত হৈ অহা এই জুৱাৰ বাবেই বহু সময়ত বহু জুৱাৰীৰ ঘৰ- পৰিয়াল অনেক বিপদৰ সন্মুখীন হৈ অহাৰ লগতে বহু সময়ত সৰ্বস্ৰান্ত হৈ আহিছে বিভিন্ন জন।ইফালে Assam Game & betting Act ১৯৭০ ৰ অধীনৰ ১৪/১৫ ধাৰাত ডিব্ৰুগড় সদৰ থানাৰ ১৫০/২০২৩ গোচৰত আটক হোৱা বিধায়ক সহ সাতজন জুৱাৰীক ডিব্ৰুগড় আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মলৈ প্ৰেৰণ কৰিছে।উল্লেখ্য যে যিটো গৃহত বৃহৎ জুৱা খেল হৈছিল,সেই গৃহৰ গৰাকীক আৰক্ষীয়ে সোধ-পোচ কৰিয়ে দায়িত্ব সামৰি তদন্ত অব্যাহত ৰখা বুলি সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

শেহতীয়াকৈ হলেও ডিব্ৰুগড় আৰক্ষীয়ে চহৰখনৰ এটা স্থানত অৰ্তকিতে অভিযান চলাই চক্ৰটো উৎখাত কৰাত সচেতন মহলে সন্তুষ্টি প্ৰকাশ কৰিছে;যদিও ডিব্ৰুগড়ৰ অন্যান্য কেইবাটাও স্থানত এনেদৰে দৈনিক বৃহৎ জুৱা সংঘটিত হৈ অহাৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰিব,সেয়া লক্ষনীয় হৈ পৰিছে।

অৱশ্যে সন্ধিয়ালৈ প্ৰাক্তন বিধায়ক সহ সাত জুৱাৰী জামিনত মুক্তি লাভ কৰা বুলি জানিব পৰা গৈছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা

You might also like