নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাজেটত বৃদ্ধপেন্সনৰ ধন বৃদ্ধিৰ ব্যৱস্থা নকৰাত জ্যেষ্ঠ নাগৰিকৰ গভীৰ উদ্বেগ

নিয়মীয়া বাৰ্তা, ১৭ মার্চ: অসমৰ প্ৰায় ত্ৰিশ লক্ষতকৈ অধিক জ্যেষ্ঠ নাগৰিকৰ প্ৰতিনিধিত্ব কৰা সংগঠন অসম জ্যেষ্ঠ নাগৰিক সন্মিলনে সদ্য ঘোষিত চৰকাৰৰ বাজেটত মাহেকত আঢ়ৈশ টকা বৃদ্ধপেন্সন প্ৰাপ্ত জ্যেষ্ঠ নাগৰিকৰ আঢ়ৈশ টকা বৃদ্ধিৰ কোনো ব্যৱস্থা নকৰাত অতি দুখেৰে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। সন্মিলনৰ প্ৰধান সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰ আৰু প্ৰচাৰ ও জন সম্পৰ্ক সম্পাদক ৰমনী বৰ্মনে যুটীয়া বিবৃতিত প্ৰকাশ কৰিছে যে একোগৰাকী ষাঠিৰ্দ্ধো বৃদ্ধ নাগৰিকে আঢ়ৈশ টকাৰে জীৱনযাপন কৰাত বিভিন্ন দুখজনক সমস্যাৰ সন্মুখীন হ’ব লগা হয়।এনে সমস্যা সমাধানৰ বাবে আঢ়ৈশ মাহেকীয়া ধন দুহেজাৰলৈ বৃদ্ধি কৰিবলৈ চৰকাৰক দীৰ্ঘদিনৰ পৰা আহ্বান জনোৱা হৈছে।

ৰাজ্যিক নীতি-২০১৬ত সন্নিৱিষ্ট থকা আঁচনি সম্পৰ্কতো চেতনা আঁচনিৰ অধীনত অসমৰ বিভিন্ন ঠাইত জনসভা , আলোচনা আদিও অনুষ্ঠিত কৰা হৈছে। সাম্প্ৰতিক বয়-বস্তুকে ধৰি ঔষধৰ মূল্য বৃদ্ধিয়ে জনজীৱনৰ যাতনা ভুগাইছে। এনে ক্ষেত্ৰত আঢ়ৈশ টকা পেন্সন পোৱা জ্যেষ্ঠ নাগৰিকৰ জীৱনৰ দুখময় অৱস্থা অনুধাৱন কৰি জনপ্ৰতিনিধি সকলক বৃদ্ধপেন্সনৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা ল’বলৈ আহ্বান জনায়। ইপিনে সদ্য সংঘটিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল সনদৰ্ভত “ছেবা”ৰ একে বিষয়া কেইগৰাকীমানৰ কাৰ্যকালতে দুটাকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত দুবাৰ ফাদিল হোৱা ঘটনাত উদ্বেগ প্ৰকাশ কৰি ভবিষ্যতে এনে ঘটনা পুনৰাবৃত্তি সংঘটিত নোহোৱাৰ বাবে চৰকাৰে ঘটনাৰ সঠিক বিশ্লেষণেৰে “ছেবা”ৰক্ষা কৰি সূব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

You might also like