নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত উদ্যমী যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ, পদপথৰ পৰা উচ্ছেদিত ‘কাঞ্চা’ৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা

নিয়মীয়া বাৰ্তা, শিৱসাগৰ, ৭ ডিচেম্বৰ : শিৱসাগৰৰ এদল যুৱকে পদপথৰ পৰা উচ্ছেদিত এগৰাকী বৃদ্ধক এখন চলন্ত দোকান নিৰ্মাণ কৰি পুনৰ সংস্থাপনেৰে মানৱীয়তাৰ পৰিচয় দি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷

শিৱসাগৰ নাট্য মন্দিৰৰ সন্মুখৰ পদপথত ল’ৰাৰ পৰা বয়োজ্যেষ্ঠজনলৈকে কাঞ্চা নামেৰে পৰিচিত আশী উৰ্ধৰ ব্যক্তিজনে অস্থায়ীভাৱে ক্ষুদ্ৰ তামোল-পাণৰ দোকান দি যোৱা চল্লিশ বছৰে পেট প্ৰৱৰ্তাই আছিল৷ ডেকাকালত অস্থায়ীভাৱে শিৱসাগৰ পৌৰসভাতে চাকৰি কৰা কাঞ্চাই পৰৱৰ্তী সময়ত নিজাকৈ ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰে৷ পিএমশ্ৰী ১নং টাউন প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলেও তেওঁৰ দোকানৰ পৰাই জিৰণিৰ সময়ত ক্ৰয় কৰি খাইছিল চানা-মৰ্টন, চকলেট ৷ তেওঁৰ দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰা একাংশ ছাত্ৰ-ছাত্ৰী আজি চিকিৎসক-অভিযন্তা হোৱাৰ লগতে সমাজৰ একোজন পৰিচিত ব্যক্তি। কেতিয়াবা কাঞ্চা কোনোবা লেখকৰ লেখাৰ চৰিত্ৰও হৈ পৰা দেখা গৈছে।

কিন্তু শেহতীয়াকৈ স্মাৰ্ট চিটী নিৰ্মাণৰ পৰিকল্পনা অনুসৰি শিৱসাগৰ পৌৰসভাই নলা-নৰ্দমা পুনৰ নিৰ্মাণ কৰি পথসমূহ বহল কৰাৰ পৰিপ্ৰেক্ষিতত পদপথৰ পৰা উচ্ছেদিত হ’ল কাঞ্চাৰ ক্ষুদ্ৰ ব্যৱসায়৷ শিৱসাগৰৰ নগৰৰ এখন চিনাকি মুখ অকলশৰীয়া বয়োজ্যেষ্ঠ ব্যক্তিজন যেন দিশহাৰা হৈ পৰিল৷ মাটিতেই বহি কাঞ্চাই চলাই গ’ল জীৱন সংগ্ৰাম৷ সামাজিক মাধ্যমত বিভিন্নজনে এই সম্পৰ্কত লিখা-মেলা কৰি তেওঁৰ দুখৰ সমভাগী হ’ল৷ তেনে সময়তে এই অসহায় অৱস্থাত সকাহ দিবলৈ আগবাঢ়ি আহিল নগৰৰ উদীয়মান আয়ুস গগৈ, অধিবক্তা ঋষিলিমা শৰ্মা, ‘ৰেছকিউ’ৰ নীলম কাকতি, অভিনৱ দত্ত আদি একাংশ যুৱক-যুৱতী৷

এই সম্পৰ্কত আয়ুস গগৈয়ে কয় যে জিলা প্ৰশাসন তথা পৌৰসভাৰ নীতি-নিয়ম পালন কৰাৰ লগতে কাঞ্চাৰ দৰে ব্যক্তিসকলৰ কথাও সকলোৱে চিন্তা কৰিব লাগিব৷ সেয়েহে কাঞ্চাৰ দোকানখন এটা নতুন ৰূপ দিবলৈ তেওঁলোক আগবাঢ়ি আহে৷ অনাগত সময়তো তেওঁলোকে এনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে। এখন চাইকেলকে দোকানসদৃশ ৰূপ দি কাঞ্চাক ব্যৱসায় কৰি যাবলৈ সুবিধা কৰি দিয়ে যুৱকবৃন্দই। মুখত এমোকোৰা হাঁহি লৈ পুনৰ কাঞ্চাই আৰম্ভ কৰিছে জীৱন সংগ্ৰাম৷

কাঞ্চাই নিজৰ মতামত ব্যক্ত কৰি কয় যে তেওঁ এতিয়া আন যিকোনো কাম কৰাৰ বয়স নাই৷ কোনোমতে চলি আছিল তেওঁ৷ তেওঁক এই সুবিধা কৰি দিয়াৰ বাবে যুৱকবৃন্দৰ ওচৰত তেওঁ কৃতজ্ঞ।

You might also like