নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত আলফাৰ নামত ব্যৱসায়ীক ধন দাবী 

যোৰহাটত আলফাৰ নামত ব্যৱসায়ীক ধন দাবী কৰাৰ এক ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ব্যৱসায়ীজনক বিভিন্ন সময়ত কৰা ধন দাবী আৰু ভাবুকি ইমানেই অতীষ্ট হৈ পৰিছে যে ব্যৱসায়ীগৰাকী আৰু পৰিয়াল নিৰাপত্তাহীনতাত ভুগি যোৰহাট এৰি যোৱাৰ কথা চিন্তা কৰিছে।

জানিব পৰা মতে যোৰহাটৰ দীপক কুমাৰ আগৰৱালা (দিম্পু) নামৰ ব্যৱসায়ীগৰাকীলৈ এটা ফোন আহিছিল। নিজকে আলফা বুলি চিনাকি দি ব্যৱসায়ীজনক ১৫ লাখ টকা দাবী কৰে। কিন্তু ইমান টকা দিবলৈ অসমৰ্থ ব্যৱসায়ী দীপক কুমাৰ আগৰৱালাক পৰবৰ্তী সময়ত আন এটা মোবাইল ফোন নম্বৰৰ পৰা ফোন কৰি ভাবুকি প্ৰদান কৰে।

দুটা মোবাইল ফোন নম্বৰ ব্যবহাৰ কৰি প্ৰায় পাঁচবাৰ ব্যৱসায়ীজনক দাবী কৰা টকা বিচাৰি হাৰাশাস্তি কৰে। ইফালে শাৰীৰিক অসুস্থতা ভুগি থকা ব্যৱসায়ীগৰাকী চৰম নিৰাপত্তাহীনতাত ভুগি আৰক্ষীৰ কাষ চাপিছে। পৰিয়ালৰ লোকে এয়া কোনো দুষ্টচক্ৰই এই কাম কৰা বুলি সন্দেহ কৰিছে। আৰক্ষীয়ে এই সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে।

বিশেষ বাৰ্তা, যোৰহাট ১০ জানুৱাৰী

You might also like