নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী-ত ঊৰ্ধ্বগামী ফাৰ্মৰ কণীৰ দাম

মাছ-মাংস নহয়; প্ৰ’টিন বুলিলে ফাৰ্মৰ কণীহে দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ প্ৰথম পছন্দ। দৰাচলতে, মাছ-মাংস অথবা লোকেল হাঁহ-মুৰ্গীৰ কণীতকৈ ফাৰ্মৰ কণীৰ দাম তুলনামূলক ভাবে বহুত কম বাবেই সাধাৰণ ৰাইজৰ বহুতোৰে প্ৰথম পছন্দ বৰ্তমানে ফাৰ্মৰ কণী।

কিন্তু, বিগত ১০/১২ দিনৰ পৰা ধুবুৰীত ফাৰ্মৰ কণীৰ দাম হৈ পৰা দেখা গৈছে নিয়ন্ত্ৰণাধীন। মাথো কিছুদিন পূৰ্বে আকাৰভেদে ১৪ পৰা ১৫ টকা দামৰ এযোৰ কণীৰ দাম বৰ্তমানে হৈছেগৈ ১৬ৰ পৰা ১৭ টকা।

ফাৰ্মৰ কণীৰ স্থানীয় খুচুৰা ব্যৱসায়ী সকলৰ দাবী অনুসৰি ফাৰ্মৰ কণীৰ পাইকাৰী দৰ বৃদ্ধি পোৱা বাবে বৃদ্ধি কৰিবলগীয়া হৈছে খুচুৰা মূল্যও। ১২ দিন পূৰ্বে, কাৰ্টুন (২১০টা) ফাৰ্মৰ কণী ১৪৫০ৰ পৰা ১৪৭০ টকা (আকাৰ ভেদে) আছিল যদিও বৰ্তমানে সেয়া হৈছে গৈ ১৫০০ ৰ পৰা ১৫২০ টকা।

পিছে, অকষ্মাতে এইদৰে ধুবুৰীত ফাৰ্মৰ কণীৰ পাইকাৰী আৰু খুচুৰা দৰ বৃদ্ধি পোৱাৰ কাৰণ কি সেয়া লৈ পিছে সদুত্তৰ নাই কাৰোৰে।

ইয়াতে, উল্লেখনীয় যে, চাহিদা পূৰাবলৈ অন্ধ্ৰপ্ৰদেশ, পাঞ্জাবকে ধৰি চুবুৰীয়া পশ্চিমবংগৰ পৰাও ধুবুৰী জিলালৈ কণী আমদানি কৰা হয়। প্ৰাপ্ত তথ্য মতে, অন্ধ্ৰপ্ৰদেশত ফাৰ্মৰ কণীৰ পাইকাৰী মূল্য কণী প্ৰতি ৬-৬৩ টকাৰ পৰা ৬-৭০ টকা, পাঞ্জাৱত ৬-৬৫ টকা আৰু পশ্চিমবংগত ৭-০৫ ৰ পৰা ৭-১০ টকা।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৫ ডিচেম্বৰ

You might also like