মৰ্মন্তুদ : যমদূতৰূপী ট্ৰাকে প্ৰাণ কাঢ়িলে পিতা-পুত্ৰসহ এগৰাকী কণমানিৰ
ঢেকীয়াজুলিৰ ধলগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনাত পিতা-পুত্ৰৰ লগতে এটি কণমানি ছাত্ৰীসহ মুঠতে তিনিগৰাকী লোকৰ কৰুণ মৃত্যু হৈছে ৷ ঘটনা অনুসৰি তীব্ৰবেগী ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষত পিতাপুত্ৰৰ লগতে এগৰাকী কণমাণি ছাত্ৰী নিহত হয় ৷
বিদ্যালয়ৰ ছুটীৰ পিছত পিতৃয়ে বাইকেৰে দুই কণমানিক ঘৰলৈ লৈ আহি থকাৰ পথত বিপৰীত দিশৰ পৰা দলগাঁও হৈ অসমমালা পথেৰে ঢেকীয়াজুলিলৈ আহি থকা এখন তীব্ৰবেগী AS O1 NC 6987 নম্বৰৰ ট্ৰাকে মহটিয়াই নিয়ে বাইকখনক ৷
ফলত থিতাতে নিহত হয় পিতৃ ইমান আলী (৩৭) আৰু ৭ বছৰীয়া পুত্ৰ ছামাদুল উদ্দিনৰ ৷ তেজপুৰ অসামৰিক চিকিৎসালয়লৈ নি থকা পথত ৯ বছৰীয়া আন এগৰাকী কণমানি ছাত্ৰী ইয়াছমিনৰ মৃত্যু ঘটে ৷
ইফালে উত্তেজিত লোকে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন ভাঙি চূৰমাৰ কৰে৷ এই শোকাৱহ দুৰ্ঘটনাই শোঁকৰ ছাঁ পেলাইছে বৃহত্তৰ অঞ্চলটোত ৷ নিহত দুই কণমানি শিঙৰী শংকৰদেৱ শিশু নিকেতনৰ দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত আছিল ৷
ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰিছে শিঙৰী আৰক্ষীয়ে ৷ দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাকখনৰ চালকে।
নিয়মীয়া বাৰ্তা, ঢেকীয়াজুলি, ৮ ডিচেম্বৰ