নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘন কুঁৱলীৰ বাবে চটাইত পুৱতি নিশা ভয়ানক দুৰ্ঘটনা, ঘটনাস্থলীতে দুজনৰ প্ৰাণহানি

নিয়মীয়া বাৰ্তা, কাকজান, ৮ ডিচেম্বৰ : পূব যোৰহাটৰ চটাইত আজি পুৱতি নিশা ৩ মান বজাত এখন এল্টো বাহন দুৰ্ঘটনাত পতিত হোৱাত দুজন যুৱক নিহত হয়। নিহত যুৱকদ্বয় দীপাংকৰ শইকীয়া আৰু উদীপ্ত শইকীয়া বুলি জানিব পৰা গৈছে। এজনৰ ঘৰ নকাড়ী বামুণ গাঁৱত আৰু আনজন যুৱকৰ ঘৰ চাৰিগাঁৱত বুলি আৰক্ষী সূত্ৰে জানিবলৈ দিয়ে।

উল্লেখ্য যে শীতৰ প্ৰকোপ বৃদ্ধি পোৱাত ঘন কুঁৱলীৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে  AS-03H- 8554 নম্বৰৰ এল্টো বাহনখন । আনহাতে, দুৰ্ঘটনাটো ইমানেই ভয়ানক আছিল যে গাড়ীৰ দৰ্জা কাটি মৃত্যু হোৱা যুৱক দুজনৰ মৃতদেহ গাড়ীৰ পৰা উলিয়াবলগীয়া হয়। কিছুদিন ধৰি কাকজান, চেনিজান, চটাই, টীয়ক আদি অঞ্চলত সঘনাই হোৱা দুৰ্ঘটনাই চিন্তিত কৰি তুলিছে জনসাধাৰণক।

You might also like