নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূজাৰ বতৰত সুখবৰ : ছেপ্টেম্বৰ দিল্লীৰ পৰা শিলচৰলৈ পোনপটীয়া বিমান সেৱা

দিল্লীৰ পৰা গুৱাহাটী হৈ শিলচৰলৈকে বিমান সেৱা আৰম্ভ কৰিবলৈ ওলাইছে ইণ্ডিগ’ই। পূজাৰ বতৰত অহা ২০ ছেপ্টেম্বৰৰ পৰা এই পথত নতুন বিমান সেৱা আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিছে বিমান সংস্থাটোৱে।

দিল্লীৰ পৰা পুৱা ৪:৪৫ বজাত যাত্ৰা কৰিব এই বিমানখনে। গুৱাহাটীত অলপ ৰৈ পুৱা ৮:৪০ বজাত শিলচৰত উপস্থিত হ’ব। পুনৰ শিলচৰৰ পৰা পুৱা ৯:২০ বজাত এই বিমান ৰাওনা হ’ব আৰু পুৱা ১০.৪০ মিনিটত গুৱাহাটী হৈ দুপৰীয়া ১:২০ বজাত দিল্লীত উপস্থিত হ’ব।

উল্লেখযোগ্য যে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইণ্ডিগ’ক শিলচৰৰ সৈতে এই অতিৰিক্ত বিমান চলাচলৰ বিশেষ দাবী জনাই আহিছিল ৷

Niyomiya Barta Desk, 7 August, 2025

You might also like