ঢেকীয়াজুলিত আন্তঃজিলা ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল উদ্বোধন দেৱজিৎ লন শইকীয়াৰ
বিশেষ বাৰ্তা, ঢেকীয়াজুলি, ১৭ নৱেম্বৰ : ঢেকীয়াজুলিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত, শোণিতপুৰ জিলা সমিতিৰ আমন্ত্ৰণত অনুষ্ঠিত হোৱা পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি-প্ৰাক্তন ক্ৰীড়ামন্ত্ৰী প্ৰবীণ কুমাৰ গগৈ সোঁৱৰণী চতুৰ্থ বাৰ্ষিক আন্তঃজিলা ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন বিচিচিআইৰ সচিবপ্ৰধান দেৱজিৎ লন শইকীয়াই আজি শুভ উদ্বোধন কৰে ৷
বিচিচিআইৰ সচিবপ্ৰধান দেৱজিৎ লন শইকীয়াই চূড়ান্ত খেলখনৰ শুভ উদ্বোধন কৰি খেলুৱৈসকলক কৰমৰ্দনেৰে উৎসাহিত কৰাৰ পিছতে সংবাদ মাধ্যমৰে হোৱা সাক্ষাৎকাৰত কয় যে আন্তঃগাঁথনি উন্নয়ন বিষয়ত ক্ৰিকেট খেলৰ ক্ষেত্ৰত আন্তঃগাঁথনি উন্নয়ন হৈছে যদিও ফুটবলৰ ক্ষেত্ৰত এতিয়াও আন্তঃগাঁথনি উন্নয়ন হোৱা নাই। অসম ক্ৰিকেট সন্থাই যদি ভৱিষ্যতে নিজে নিজে জিলাসমূহত খেলৰ বাবে খেলপথাৰ উন্নয়ন কৰি লয় তেন্তে ভাল হ’ব। আমি দেখিছোঁ- ক্ৰিকেট আৰু ফুটবল একেখন খেলপথাৰতে অনুষ্ঠিত হয় । ভৱিষ্যতে যদি অসম ক্ৰিকেট সন্থাই নিজাববীয়াকৈ Exclusive ক্ৰিকেট গ্ৰাউণ্ড বনাই লয় তেতিয়াহ’লে যিখন খেলপথাৰত দুখন খেল হৈছিল তাৰে এখন স্বতঃস্ফূৰ্তভাৱেই ফুটবল গ্ৰাউণ্ড হৈ যাব। আমাৰ ক্ৰীড়া সংগঠকসকলৰ জৰিয়তে আমি যদি ফুটবল খেল আগুৱাই লৈ যাওঁ আমাৰ ভৱিষ্যৎ বহুত উজ্জ্বল ৷ কাৰণ কিছু বছৰ আগলৈকে ফুটবলৰ ক্ষেত্ৰত অসম উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত ১ নম্বৰ আছিল ৷ আজি যদি চাওঁ- মিজোৰাম, নাগালেণ্ড, মণিপুৰ বহুত আগবাঢ়ি গ’ল ৷ কিন্তু অসমৰ পৰ্যায় বহুত তললৈ নামি গ’ল ৷ যদিও আমি দুবছৰ আগতে সন্তোষ ট্ৰফীৰ ছেমি ফাইনেল খেল খেলিছোঁ । সেই এখন-দুখন খেলত সফল হ’লে তাৰ অৰ্থ এইটো নহয় যে ফুটবলৰ কিবা উন্নতি হৈ আছে । আজিৰ তাৰিখত অসমৰ যিকেইজন ফুটবলাৰ ওলাইছে, পাৰ্থিৱ গগৈকে আৰম্ভ কৰি প্ৰাঞ্জল ভূমিজলৈকে সকলোৱে নিজৰ প্ৰচেষ্টাত আগবাঢ়ি গৈ আছে ৷ ফুটবল এচ’ছিয়েছনে যদি ফুটবলক ষ্ট্ৰাকচাৰ হিচাপে আগবঢ়াই লৈ যায় অসমৰ বাবে সোণালী দিন আহিব বুলি মন্তব্য কৰে বিচিচিআইৰ সচিবপ্ৰধানগৰাকীয়ে ৷
আজি অনুষ্ঠিত চূড়ান্ত খেলখনত শোণিতপুৰ জিলাই ওদালগুৰি জিলাক ৪-১ গ’লৰ ব্যৱধানত পৰাজিত কৰি বিজয়ী দলৰ সন্মান লাভ কৰাৰ লগতে ৰানাৰ্ছ আপ লাভ কৰে ওদালগুৰি জিলাই ৷ চূড়ান্ত খেলখন সমাপ্ত হোৱাৰ পিছতে ক্ৰীড়া সন্থাৰ খেলপথাৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাইৰ সভাপতিত্বত অনুষ্ঠিত হয় পুৰস্কাৰ প্ৰদানৰ সভাখন। সভাখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অশোক সিংহলৰ লগতে অসম ফুটবল এছ’চিয়েছনৰ কোষাধ্যক্ষ হীৰেন গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিজন বায়ন, আয়োজক সমিতিৰ সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ সভাপতি ৰাতুল নাথ, তেজপুৰ ক্ৰীড়া সন্থাৰ সভাপতি জিতেন বৰঠাকুৰ, পৰিষদৰ জ্যেষ্ঠ বিষয়ববীয়া মৃদুল শৰ্মা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল।