নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম বিধানসভাত বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ ফেব্ৰুৱাৰীঃ আজি অসম বিধানসভাৰ পৱিত্ৰ সদনত বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২৪-২৫ বৰ্ষৰ বাজেট দাখিল কৰে। মন্ত্ৰী নেওগে ১,৪৩,৬০৫.৫৬ কোটি টকাৰ বাজেট দাখিল কৰে বিত্তমন্ত্রী অজন্তা নেওগে। বৃহদাৰণ্যকৰ জনকল্যাণ শান্তি মন্ত্র উচ্চাৰণ কৰি সদনত বাজেট উত্থাপন কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰী নেওগে দাখিল কৰা থোৰতে বাজেটখন-
👉একত্রিত নিধিত মুঠ প্রাপ্তিঃ ১,৪৩,৬০৫.৫৬ কোটি টকা৷
👉ৰাজহ শিতানতঃ ১,১১,৯৪৩.৮৪ কোটি টকা৷
👉মূলধনী শিতানতঃ ৩১,৬৬১.৭৩ কোটি টকা৷
👉একত্রিত নিধিৰ পৰা সর্বমুঠ ব্যয়ঃ ১,৪৩,৮৯০.৬২ কোটি টকা৷
👉ৰাজহ শিতানতঃ ১,১০,০৯১.৮৬ কোটি টকা৷
👉মূলধনী শিতানতঃ ৩৩,৭৯৮.৭৬ কোটি টকা৷
👉বাজেট ঘাটিঃ ৭৭৪.৪৭ কোটি টকা৷
👉মুখ্যমন্ত্রী নিযুত মইনা আঁচনিৰ অধীনত ১০ লাখ ছাত্রীক নামভর্তিৰ ক্ষেত্রত উদগনি যোগাবলৈ বিত্তীয় অনুদান৷ একাদশ শ্রেণীত নামভর্তি কৰা প্রতিগৰাকী ছাত্রীলৈ ১০ হাজাৰ টকা৷ স্নাতক পাঠ্যক্রমত নামভর্তি কৰা ছাত্রীলৈ ১২,৫০০ টকা৷ স্নাতকোত্তৰত নামভর্তি কৰা প্রতিগৰাকী ছাত্রীলৈ ১৫,০০০ টকা৷
👉চর্ত সাপেক্ষে গ্রামাঞ্চলৰ আত্মসহায়ক গোটসমূহৰ ৩৯,৬৭,৭৪৩গৰাকী মহিলা সদস্যাক গাইপতি ১০ হাজাৰ টকাকৈ উদ্যমিতা পুঁজি৷ নগৰ অঞ্চলতো ‘মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান–নগৰীয়া’ নামেৰে ৰূপায়ণ হ’ব আঁচনিখন৷
👉অৰুণোদয়–২.০ৰ অধীনত ৰাজ্যৰ ২.৫ লাখ অতিৰিক্ত হিতাধিকাৰীক সামৰি লোৱাৰ সিদ্ধান্ত৷
👉অসম মাইক্র’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত ২৫,০০১ টকাৰ পৰা ৫০,০০০ টকাপর্যন্ত মূলধন আদায় দিবলৈ বাকী থকা মহিলাক সাহার্য৷
👉চলিত বর্ষৰ জানুৱাৰী মাহলৈ ৯৪,৫০৬ চাকৰি প্রত্যাশীক নিযুক্তি৷ তদুপৰি ইতিমধ্যে প্রকাশ পাইছে ৩৫,৯১০টা পদৰ বিজ্ঞাপন৷ ইয়াৰ জৰিয়তে মুঠ ১,৩০,৪১৬টা চৰকাৰী চাকৰিৰ সুবিধা সৃষ্টি৷
👉চৰকাৰী বা ৰাজহুৱা খণ্ডত এজনো চাকৰিয়াল নথকা প্রার্থীয়ে মুঠ প্রাপ্ত নম্বৰৰ সৈতে পাঁচ শতাংশ অতিৰিক্ত নম্বৰ লাভ কৰিব৷
👉অসম ৰোড নেটৱর্ক মাষ্টাৰ প্লেনৰ ওপৰত ভিত্তি কৰি ৪৩টা অগ্রাধিকাৰ পথ চিনাক্ত৷ ২০২৪ চনৰ মার্চ মাহত অসমমালা ২.০ৰ কাম আৰম্ভ৷
👉মুখ্যমন্ত্রী আবাস যোজনা (গ্রামীণ)ৰ ১০ শতাংশ গৃহ চাহ জনজাতি সম্প্রদায়ৰ যোগ্য হিতাধিকাৰীক প্রদান৷
👉আৰক্ষী–কর্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে অনাগত পাঁচ বছৰত এক হাজাৰ বর্গফুটৰ দুটা শোৱনি কোঠাযুক্ত ১০ হাজাৰ নতুন গৃহ নির্মাণৰ পৰিকল্পনা৷
👉পৌৰসভা আৰু নগৰ সমিতি এলেকাত পর্যায়ক্রমে চাফাই কর্মচাৰীসকলক গৃহ প্রদানৰ বাবে আঁচনি ঘোষণা৷
👉বানপানীৰ দিশ সলনিৰ বাবে ব্রহ্মপুত্রৰ সৈতে জলাশয়সমূহৰ সংলগ্ণকৰণৰ উদ্ভাৱনমূলক পদক্ষেপ৷
👉চলিত বর্ষত তিনি কোটি গছপুলি ৰোপণ৷
👉১২০ মেগাৱাট ক্ষমতাসম্পন্ন নামনি কপিলী জলবিদ্যুৎ প্রকল্পৰ কাম চলিত বর্ষৰ শেষভাগত সম্পূর্ণ হ’ব৷
👉২০২৪–২৫ বিত্তীয় বর্ষত গুৱাহাটীত আন ১০০খন বিদ্যুৎচালিত বাহনৰ চলাচল৷
👉ৰাজ্যখনত নতুনকৈ নির্মাণ হ’বলগা ব্যক্তিগত আৰু চৰকাৰী সকলো ভৱনৰ চাদত সৌৰশক্তি ব্যৱস্থাৰ সুবিধা বাধ্যতামূলক৷
👉মিছন বসুন্ধৰা ৩.০ৰ অধীনত চাহ জনজাতি আৰু কেতবোৰ খিলঞ্জীয়া সম্প্রদায়ৰ লোকক ভূমিৰ অধিকাৰ দিবলৈ বসবাসৰ প্রমাণ–পত্রৰ প্রয়োজনীয়তাৰ ক্ষেত্রত শিথিলতা প্রদর্শন কৰা হ’ব৷
👉বৰপেটা, মাজুলী, বটদ্রৱা আৰু নাৰায়ণপুৰৰ আইকনিক–ঐতিহ্যমণ্ডিত স্থানসমূহৰ চৌপাশৰ ভূমি কেৱল খিলঞ্জীয়া লোক–প্রতিষ্ঠানসমূহ্ হস্তান্তৰিত হয় সেয়া নিশ্চিত কৰিবলৈ উপযুক্ত বিধেয়ক উত্থাপন৷
👉ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা আৰু বিষ্ণুপ্রসাদ ৰাভাৰ সোঁৱৰণত তিনিটা সাংস্কৃতিক সন্ধিয়া৷
👉পূর্ণ দৈর্ঘ্যৰ অসমীয়া বোলছবিৰ বাবে ১০ লাখ টকাকৈ অনুদান৷
👉অটল পেন্সন যোজনাৰ অধীনলৈ অনাৰ জৰিয়তে অসমীয়া চলচ্চিত্র আৰু ভ্রাম্যমাণ থিয়েটাৰৰ লগত জড়িত শিল্পী তথা কলা–কুশলীসকলক সাহার্য প্রদানৰ প্রস্তাৱ৷
👉বেচৰকাৰী সংগঠন, সাংস্কৃতিক সংগঠন আৰু ব্যক্তিগত খণ্ডই প্রস্তাৱ দিয়া প্রতিটো নতুন চলচ্চিত্র গৃহত ৫০ লাখ টকাৰ অংশীদাৰী মূলধন–অনুদান–নম্ ঋণ হিচাপে বিনিয়োগৰ প্রস্তাৱ৷
👉বিহু সমিতিসমূহলৈ আগবঢ়োৱা উদগনি অব্যাহত থাকিব৷ নতুন দিল্লীত এক অভিলেখ সৃষ্টিকাৰী পর্যায়ত ব’হাগ বিহু উদযাপনৰ প্রস্তাৱ৷
👉যোৰহাটৰ চুকাফা সমন্বয় ক্ষেত্রলৈ আগন্তুক তিনি বছৰৰ সময়ছোৱাত ১০০ কোটি টকাৰ অনুদানৰ প্রস্তাৱ৷
👉শ্বহীদ কনকলতা বৰুৱা সংগ্রহালয়ৰ বাবে ৫ কোটি টকা ধার্য৷
👉প্রতিখন ভাওনা সমিতিলৈ ২৫ হাজাৰ টকাৰ এককালীন অনুদান৷ তদুপৰি যিবোৰ ভাওনা সমিতিয়ে ৰাম বিজয় অংকীয়া নাট পৰিৱেশন কৰিব, তেওঁলোকক অতিৰিক্তভাৱে ৫ হাজাৰ টকাকৈ আগবঢ়োৱা হ’ব৷
👉শ্রীশ্রী বটদ্রৱা থানত তৃতীয় পর্যায়ৰ অধীনত প্রায় ৫০ কোটি টকা ব্যয়ৰে সৌন্দর্যবর্ধনৰ কাম আৰম্ভ হ’ব৷
👉বৰপেটাৰ শ্রীশ্রী পাটবাউসী সত্রৰ উন্নয়ন আৰু সংবর্ধনৰ বাবে প্রথম পর্যায়ত ১৫ কোটি টকা ধার্য৷ তদুপৰি তিতাবৰস্থিত শ্রীশ্রী কমলাবাৰী সত্রৰ সংৰক্ষণৰ বাবে ৫ কোটি আৰু ওদালগুৰি জিলাৰ বৰঙাজুলিস্থিত শ্রীমন্ত শংকৰদেৱ সত্রৰ বাবে ২ কোটি টকা আবণ্টন৷
👉তাৰালাংছ’ মহোৎসৱ উদযাপনৰ বাবে তিনি কোটি টকা ধার্য৷
👉পূণ্য তীর্থ যোজনাৰ অধীনত ২৫ কোটি টকা বাজেট ব্যৱস্থাপনাৰে ২৫ হাজাৰ তীর্থযাত্রীক অযোধ্যাৰ ৰাম মন্দিৰলৈ তীর্থ যাত্রা কৰাৰ সুবিধা৷
👉১,২৫০ কোটি টকা ব্যয়ৰে আন ৫ হাজাৰটা আদর্শ অংগনৱাড়ী কেন্দ্র নির্মাণ৷
👉২,৩৬৯.৮৬ কোটি টকা ব্যয়ৰে ৰাজ্যৰ ৩২২খন বিদ্যালয়ৰ আন্তঃগাঁথনি ৰূপান্তৰ৷
👉চাহ বাগিচা অঞ্চলত আন ১০০খন নতুন আদর্শ বিদ্যালয় স্থাপন৷
👉ডিব্রুগড় বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানৰ ছাত্র–ছাত্রীসকলৰ বাবে ৫০ শতাংশ পাঠ্যক্রম মাচুল জলপানি হিচাপে আগবঢ়োৱা হ’ব৷ অহা তিনি বছৰৰ সময়ছোৱাত ডিব্রুগড় বিশ্ববিদ্যালয়ত অত্যাধুনিক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰিবলৈ ১০০ কোটি টকাৰ অনুদান৷ কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়লৈ ২০ কোটি টকা৷
👉প্রতিটো বিধানসভা সমষ্টিতে এটাকৈ যুৱ সংঘ স্থাপন৷ প্রতিটো যুৱ সংঘৰ সৰু–সুৰা মেৰামতি আৰু খেলৰ সামগ্রীৰ ভঁৰালৰ বাবে ১৫ লাখকৈ টকা আবণ্টন৷
👉২৮.৩০ কোটি টকা ব্যয়ৰে কোকৰাঝাৰত এটা উচ্চ কার্যক্ষম ক্রীড়া কেন্দ্র স্থাপন৷
👉২০২৪ বর্ষৰ নৱেম্বৰ মাহত এখন গোলকীয় বিনিয়োগকাৰী সন্মিলন৷
👉গুৱাহাটীত এটা অত্যাধুনিক মুখ্যমন্ত্রী সংগ্রহালয় নির্মাণৰ লক্ষ্য৷
👉যোগ্য অগ্নিবীৰসকলৰ বাবে অসম আৰক্ষীত ১০ শতাংশ পদ সংৰক্ষণ৷
👉ৰাজ্যত দুগ্ধ উৎপাদন বৃদ্ধিৰ উদ্দেশ্যেৰে প্রত্যক্ষভাৱে সহায় কৰা গোপালকসকলক ৰাজসাহার্য হিচাপে আগবঢ়োৱা হ’ব ২৫ কোটি টকা৷
👉ক্ষুদ্র চাহ খেতিয়কসকলৰ উৎকর্ষ সাধনৰ বাবে ১৫ কোটি টকা ধার্য৷
👉গুৱাহাটীৰ অসম আভিযান্ত্রিক মহাবিদ্যালয় আৰু যোৰহাট আভিযান্ত্রিক মহাবিদ্যালয়ত ৫ কোটি টকা পুঁজিৰে দুটা নতুন ষ্টার্টআপ হাব স্থাপন৷
👉পদ্মশ্রী হেমপ্রভা চুতীয়াৰ বাসগৃহত এটা হস্ততাঁত প্রশিক্ষণ কেন্দ্র স্থাপনৰ পৰিকল্পনা৷ লগতে ২০২৪-২৫ বিত্তীয় বর্ষত শিপিনীসকলৰ মাজত ১০০০খন তাঁতশাল বিতৰণ৷
👉২০২৪–২৫ বিত্তীয় বর্ষত কৃষকসকলৰ মাজত ২০০০খন পাৱাৰটিলাৰ, ৭০খন ট্রেক্টৰ, ২০০খন থ্রেচাৰ, ২০০টা ৰীপাৰ, ১০টা পেডি ট্রেন্সলেটৰ আদি বিতৰণৰ পৰিকল্পনা৷ লগতে ১০.৯৩ কোটি টকাৰে সমূহীয়া সেৱা কেন্দ্র আৰু ৮.৪ কোটি টকাৰে কাষ্টম হায়াৰিং চেণ্টাৰ৷
👉আগন্তুক বিত্তীয় বর্ষত ১০খন আদর্শ জলবায়ু স্থিতিস্থাপক গাঁও গঢ়ি তোলাৰ পদক্ষেপ৷
👉এক হাজাৰ একৰ এলেকাত প্রস্তাৱিত অমৃত-গুৱাহাটী সংহত গোলকীয় মহানগৰ গঢ়ি তোলাৰ পূর্ণ পৰিকল্পনা৷
👉মুখ্যমন্ত্রীৰ আয়ুস্মান অসমৰ অধীনত ৰাজ্যৰ এমবিবিএছ ছাত্র–ছাত্রীৰ বাবে গাঁও আৰু সম্প্রদায় সৌর্হাদ্যমূলক কার্যসূচী৷
👉ডিজিটেল ৰূপান্তৰ আৰু কৃত্রিম বুদ্ধিমত্তাৰ উৎকর্ষ সাধন৷
👉অব্যাহত থাকিব কর্মচাৰীৰ বাবে ‘আপোন ঘৰ’ আৰু ‘আপোন বাহন’ আঁচনি৷
👉অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান, সর্বশিক্ষা অভিযান, ৰাষ্ট্রীয় স্বাস্থ্য অভিযান আদিৰ দৰে সংস্থাসমূহৰ দুর্ভাগ্যজনকভাৱে মৃত্যু হোৱা কর্মচাৰীলৈ এককালীন সাহার্য ৫ লাখ টকাৰ পৰা ৭.৫ টকালৈ বৃদ্ধি৷
👉বাকী থকা জীৱিকা সখীসকলকো স্কুটী প্রদান৷
👉সীমামূৰীয়া বনাঞ্চলত সেৱা আগবঢ়োৱা গাঁও প্রধানসকললৈ মাহেকীয়া পাৰিতোষিক প্রদান৷
👉নবীকৰণযোগ্য শক্তিৰ প্রথমটো প্রকল্প ২৫ মেগাৱাটৰ শক্তি সামর্থ্যৰ নামৰূপ সৌৰ প্রকল্পৰ কাম ২০২৪-২৫ বিত্তীয় বর্ষত ৪৯ কোটি টকা আবণ্টনেৰে সম্পূর্ণ কৰা হ’ব৷
👉২০২৪-২৫ বিত্তীয় বর্ষত ৪৫ লাখ টকা আবণ্টনেৰে ৰাষ্ট্রীয় শিশু বিজ্ঞান কংগ্রেছ গঠন কৰা হ’ব৷
👉মিছন বসুন্ধৰা ৩.০ৰ অধীনত সকলো ভূমি প্রশাসন সংস্থাক ভূমিলেখ্য তথ্য খণ্ডৰ সৈতে সংহত কৰিবৰ বাবে গঢ়ি তোলা হ’ব এটা উপযুক্ত ব্যৱস্থা৷
👉ৰাজ্যখনত স্থাপন কৰা হ’ব ১২৬খন গাড়ী চালনাৰ প্রশিক্ষণ বিদ্যালয়৷

You might also like