নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাক প্রত্যাহ্বান বিত্তমন্ত্রীৰ

বাজেটৰ ৯০ শতাংশ প্রতিশ্রুতিয়ে ৰূপায়ণ হৈছে

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই  এখন সংবাদ মেলযোগে বর্তমানৰ বিজেপি চৰকাৰৰ আমোলত বাজেট ৰূপায়ণ হোৱা নাই বুলি কৰা মন্তব্যক প্রত্যাহ্বান জনাইছে ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কালি এখন সংবাদ মেলত মন্ত্রী ড০ শর্মাই কয় যে বর্তমানৰ চৰকাৰে প্রতিবছৰে বাজেটত দিয়া প্রতিশ্রুতিৰ ৯০ শতাংশ ৰূপায়ণ কৰিছে৷

এতিয়ালৈ ৰাজ্যখনত ২৭টা কোষাগাৰ স্থাপনৰ যি ঘোষণা কৰিছিল, তাৰে ২০টাৰেই নির্মাণৰ কাম চলি আছে৷ এতিয়ালৈ চাৰিটা কোষাগাৰ তেওঁ নিজে উদ্বোধন কৰিছে৷ বাজেট ৰূপায়ণ সম্পর্কত কংগ্রেছে এটা প্রতিনিধি দল তেওঁৰ ওচৰলৈ পঠিয়ালে বা ৰিপুণ বৰা, দেৱব্রত শইকীয়া, ৰূপজ্যোতি কুর্মী বা কংগ্রেছৰ কোনো বিধায়কৰ ঘৰত তেওঁক মাতি পঠিয়ালে নির্ধাৰিত দিনত তেওঁ নিজেই উপস্থিত হৈ যোৱা পাঁচটা বছৰত বাজেটত দিয়া প্রতিশ্রুতিৰ কিমান ৰূপায়ণ হ’ল আৰু পূর্বৰ তৰুণ গগৈ চৰকাৰৰ পাঁচ বছৰত কিমান প্রতিশ্রুতি ৰূপায়ণ হৈছিল, সেই খতিয়ান তেওঁ বিস্তৃতভাৱে ফঁহিয়াই দেখুৱাব৷

আচলতে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা এতিয়া মাটিত নাই৷ আজমলক লৈ ব্যস্ত হৈ থকা বাবেই তেওঁ তেনেদৰে অভিযোগ কৰিছে৷ সেইদৰে ৰিপুণ বৰাই অৰুণোদয় আঁচনিক লৈ কৰা সমালোচনাত প্রতিক্রিয়া ব্যক্ত কৰি মন্ত্রী ড০ শর্মাই কয় যে ৰিপুণ বৰাই ঠেক মানসিকতা, বিকৃত মানসিকতাৰ বাবেই অৰুণোদয় আঁচনিক সমালোচনা কৰিব পাৰিছে৷

অৰুণোদয় আঁচনিখনক সমালোচনা কৰা মানেই দৰিদ্র মানুহখিনিক ভেঙুচালি কৰা৷ কংগ্রেছৰ আমোলত ধুতী–লুঙি ক্রয়ত কমিছন চলিছিল৷ কিন্তু অৰুণোদয়ত একাউণ্টযোগে ২০ লাখ লোকক মাহে ৮৩০ টকাকৈ যি যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে, তাত কোনো ক্রয়ৰ কথা নাই৷ তদুপৰি ৮৩০ টকাৰ চাৰিশ টকা দৰব ক্রয়ৰ বাবে দিয়া হৈছে৷

দাইল, চেনিৰ ৫০ শতাংশ মূল্য আদায় দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ দৰিদ্র নাৰায়ণৰ পূজাৰীসকলক কংগ্রেছে হিতাধিকাৰী বুলি কৈছে৷ ৰিপুণ বৰাৰ এনেয়ে বেয়া দিন চলি থকাৰ কথা উল্লেখ কৰি তেওঁ আৰু কয় যে ২০ লাখ পৰিয়ালৰ তেওঁ কিয় অভিশাপ বিচাৰিছে? ২০ লাখ পৰিয়ালৰ জনসংখ্যা ৫জনকৈ ধৰিলেও এক কোটি হ’ব৷ এক কোটি মানুহৰ অভিশাপ পালে ৰিপুণ বৰাৰ কি হ’ব?এক্সিডেণ্ট হৈ যাব পাৰে৷

আচলতে আশীর্বাদৰ বাবেহে কাম কৰিব লাগে৷ মন্ত্রী ড০ শর্মাই আৰু কয় যে অৰুণোদয় আঁচনিৰ সুবিধা বাঘবৰ, জনিয়া, জলেশ্বৰ, দক্ষিণ শালমাৰাৰ জনসাধাৰণেও পাইছে৷ তেওঁলোকে বিজেপিক ভোট দিব নেকি? আমিও তাত ভোট খুজিব নাযাওঁ৷ জনিয়া সমষ্টিতেই বিগত সময়ছোৱাত ১০ হাজাৰ ছাত্র–ছাত্রীয়ে বিনামূলীয়া নামভর্তিৰ সুযোগ পাইছে৷

সেই ১০ হাজাৰ ছাত্র–ছাত্রীৰ পৰিয়ালৰ পৰা ৫টাকৈ ভোট আহিলেও জনিয়াত বিজেপিয়ে ৫০ হাজাৰ ভোট পাব লাগিছিল৷ বিজেপিয়ে ভোটৰ অংকত নহয়, দৰিদ্র নাৰায়ণৰ সেৱাৰ বাবেহে আঁচনি গ্রহণ কৰিছে৷

You might also like