নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৱল বিবাহৰ কাৰণে ধর্মান্তৰকৰণ গ্রহণযোগ্য নহয়ঃ এলাহাবাদ উচ্চ ন্যায়ালয়

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ ধর্মান্তৰকৰণক লৈ দেশজুৰি বিতর্ক চলি থকাৰ মাজতে কালি ধর্মান্তৰকৰণক লৈ গুৰুত্বপূর্ণ ৰায় দিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে৷ ২০১৪ বর্ষত ধর্মান্তৰকৰণক লৈ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ আধাৰতে একে ন্যায়ালয়ৰ ন্যায়াধীশ মহেশ চন্দ্র ত্রিপাঠীয়ে ধর্মান্তৰকৰণ সন্দর্ভত দিয়া আবেদন এখন খাৰিজ কৰে৷

আবেদনখন খাৰিজ কৰি ন্যায়াধীশ ত্রিপাঠীয়ে ৰায়ত কয় যে কেৱল বিবাহৰ কাৰণে ধর্মান্তৰকৰণ গ্রহণযোগ্য নহয়৷ উল্লেখ্য যে জন্মগতভাৱে মুছলিম মহিলা এগৰাকীয়ে বিবাহৰ এমাহ পূর্বে হিন্দু ধর্ম গ্রহণ কৰি বিবাহপাশত আবদ্ধ হয়৷ বিবাহপাশত আবদ্ধ হোৱাৰ পাছত মহিলাগৰাকীৰ পৰিয়ালে বৈবাহিক জীৱনত হাৰাশাস্তি কৰি থকাৰ বাবে মহিলাগৰাকীয়ে আদালতত এই সন্দর্ভত ন্যায় বিচাৰি আবেদন জনায়৷

আবেদনত উল্লেখ কৰা মতে, ৩১–০৭–২০২০ চনৰ বিবাহ সম্পন্ন হোৱা মহিলাগৰাকী ২৯–৬–২০২০ত নিজ ধর্ম সলনি কৰি আন ধর্ম গ্রহণ কৰে৷ ন্যায়াধীশগৰাকীয়ে এই তথ্যৰ আধাৰতে কেৱল বিবাহৰ বাবে মহিলাগৰাকীয়ে ধর্মান্তৰকৰণ হোৱা বুলি নিশ্চিত হয় আৰু এনে ধর্মান্তৰকৰণ গ্রহণযোগ্য নহয় বুলি ৰায় দিয়ে৷

উল্লেখ্য যে ২০১৪ চনত নুৰজাহান বেগম নামৰ মহিলাগৰাকীয়ে ধর্মান্তৰকৰণেৰে বিবাহপাশত আবদ্ধ হোৱাৰ আবেদন এলাহাবাদ উচ্চ ন্যায়ালয়ে খাৰিজ কৰি এনে ধর্মান্তৰকৰণ গ্রহণযোগ্য নহয় বুলি ৰায় দিছিল৷ এই ৰায়টোকে পুনৰ বাহাল ৰাখে উচ্চ ন্যায়ালয়খনে৷

You might also like