নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিঞা মিউজিয়ামৰ পাছত আন এক বিতর্ক মিঞা পাব্লিক স্কুল

গুৰুজনাৰ জন্মস্থান বটদ্রৱাত স্থাপন ৫খন

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ জগতগুৰু শ্রীমন্ত শংকৰদেৱৰ অস্তিত্বৰ প্রতি এতিয়া নিজৰ জন্মভূমিতে প্রত্যাহ্বান সৃষ্টি হৈছে৷ বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত মিঞা মিউজিয়াম স্থাপন কৰিব লাগে বুলি দাবী উত্থাপন কৰাৰ সময়তে পোহৰলৈ আহিছে আন এক উদ্বেগজনক বিষয়৷

গুৰুজনাৰ পৱিত্র জন্মস্থান বটদ্রৱা থানৰ সমীপৱর্তী মুছলমান বসতিপ্রধান অঞ্চল হাইডুবী–বাটমাৰী, লালুংগাঁও, চমকা আদি অঞ্চলসমূহত সংগোপনে চলি আছে মিঞা পাব্লিক স্কুল৷ এখন নহয়, দুখন নহয়, বৃহত্তৰ অঞ্চলটোত মুঠ ৫খন মিঞা পাব্লিক স্কুল স্থাপন কৰি মুছলমান লোকৰ সন্তানক সাম্প্রতিক সময়ত বিশেষ ধর্মীয় পাঠদান কৰি আহিছে৷

বটদ্রৱাৰ দৰে এখন ঐতিহাসিক পীঠস্থানত অতি গোপনীয়তাৰে মিঞা পাব্লিক স্কুল নামেৰে বিদ্যালয় চলি থকাৰ বিষয়ে সম্প্রতি একাংশ লোকে সামাজিক মাধ্যমত চর্চালৈ অনাৰ পাছত বৃহত্তৰ অঞ্চলটোত ব্যাপক প্রতিক্রিয়া সৃষ্টি হৈছে৷

উল্লেখ্য যে বটদ্রৱাৰ বৃহত্তৰ অঞ্চলটোৰ শান্তিজান জলপৃষ্ঠত মীনপালনৰ নামত বেদখল কৰা, বটদ্রৱা থানৰ বৰহিছা গ্রেজিং ৰিজার্ভ, বটদ্রৱাৰ চৰকাৰী কৃষি বীজ পাম, ভোমোৰাগুৰি গাঁও পঞ্চায়তৰ কাষৰ চৰকাৰী গ্রেজিং ৰিজার্ভত জামাইবস্তি স্থাপনেৰে অসামাজিক কাম–কাজ চলোৱা, ভোমোৰাগুৰিৰে লালুংগাঁও অঞ্চলত প্রাক্তন সৈনিকৰ নামত আবণ্টিত ভূমিত বেদখলকাৰীয়ে ৰাজত্ব চলাই অহাৰ বিষয়ে ইতিপূর্বে ‘নিয়মীয়াবার্তা’ত বিতং তথ্যসহ বেদখলৰ প্রতিবেদন প্রকাশ পাইছিল৷

উল্লেখ্য যে ২০১৮ চনত ৰাজ্য জোকাৰি যোৱা বটদ্রৱা ধর্ষণ কাণ্ডৰ দৰে অপৰাধৰ ঘটনা এই অঞ্চলতে সংঘটিত হৈছিল৷ তদুপৰি বেদখলৰ বাতৰি লিখাৰ বাবে সাংবাদিকক ভাবুকি দিয়া, সত্রাধিকাৰলৈ ভাবুকি পত্র প্রেৰণ কৰা আৰু শান্তিজান জলপৃষ্ঠত ৰাজহ বিভাগৰ ভূমি জৰীপ চলোৱা মণ্ডল–কাননগোৰ ওপৰত আক্রমণ চলোৱা ইত্যাদি বহু কু–কর্মৰে একাংশ লোকে অঞ্চলটোৰ সাংস্কৃতিক চেতনাত কালিমা সানি অহাৰ দৰে ঘটনা ঘটিছে৷

মিঞা পাব্লিক স্কুলৰ নামত এইবাৰ সমাজবিৰোধী চক্রই নতুন বিতর্ক সৃষ্টি কৰিছে৷ কালি এখন সংবাদ মেলত বটদ্রৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শ্রীশ্রীনৰোৱা সত্রৰ সত্রাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে নিজৰ প্রতিক্রিয়া ব্যক্ত কৰি কয়– ‘সম্প্রতি মিঞা মিউজিয়াম, মিঞা পাব্লিক স্কুলৰ দৰে বিষয়সমূহে গুৰুজনাৰ অৱদানেৰে সমৃদ্ধ অসমীয়া মহাজাতিৰ বাবে ভাবুকি কঢ়িয়াই আনিছে৷

বিধায়ক শ্বেৰমান আলীকে আদি কৰি লোকসকলক এই বিষয়সমূহৰ দ্বাৰা অসমবাসীৰ অসূয়া–শান্তি সৃষ্টি নকৰি অসমীয়া ভাষা–সংস্কৃতি গ্রহণ কৰি নিজকে বৰ অসমৰ অসমীয়া বুলি পৰিচয় দিয়াৰ কামত মনোনিৱেশ কৰিবলৈ আহ্বান জনাইছেছা৷’ লগতে বেদখলৰ মাজেৰে জগতগুৰুৰ জন্মস্থানৰ ঐতিহ্য ভূ–লুণ্ঠনকাৰী বেদখলকাৰীসকলক কঠোৰতম শাস্তি প্রদান কৰক বুলিও সত্রাধিকাৰগৰাকীয়ে কয়৷

এই বিষয়ে বটদ্রৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্রমোহন বৰুৱাই কয় যে গুৰুজনাৰ সাংস্কৃতিক অৱদানৰ প্রতি ভাবুকি কঢ়িয়াই অনা অপশক্তিয়ে বিভিন্ন সময়ত অঞ্চলটোৰ গৰিমা ম্লান কৰি আহিছে৷ বটদ্রৱাৰ ৯৬২ বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰি অঞ্চলটোক সাংবিধানিক ৰক্ষাকৱচ প্রদান নকৰিলে অদূৰ ভৱিষ্যতেও বটদ্রৱাৰ প্রতি অধিক সংকট নামি আহিব বুলি বটদ্রৱা থান পৰিচালনা সমিতিয়ে আশংকা ব্যক্ত কৰে৷

আনহাতে, অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ হৈ হাতীচোং শাখাৰ সম্পাদক মাধুর্যপ্রতিম শইকীয়াই কয় যে বটদ্রৱাৰ আশে–পাশে গঢ়ি উঠা মিঞা পাব্লিক স্কুল নামৰ স্কুলসমূহে সমাজত বিভেদ সৃষ্টি কৰিছে৷ বটদ্রৱা আঞ্চলিক ছাত্র সন্থায়ো ধিং ৰাজহ চক্র বিষয়াৰ কার্যালয়ত মিঞা পাব্লিক স্কুলৰ বিষয় সন্দর্ভত চৰকাৰে তদন্ত কৰাৰ লগতে এই বিদ্যালয়সমূহ বন্ধ কৰাৰ দাবীত এখন স্মাৰক–পত্র প্রদান কৰে৷

মিঞা পাব্লিক স্কুল স্থাপন সন্দর্ভত চৰকাৰৰ হস্তক্ষেপ আৰু তদন্ত দাবী কৰি অসমীয়া সমাজ জীৱনৰ মণিকূটস্বৰূপ বটদ্রৱা থানখনৰ অস্তিত্ব সুৰক্ষাৰ বাবে সাংবিধানিক ৰক্ষাকৱচ প্রদানৰ দাবী উত্থাপন কৰে বটদ্রৱা থান পৰিচালনা সমিতি, আলিপুখুৰী শাখা সাহিত্য সভা, বটদ্রৱা প্রেছ ক্লাব, অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ নগাঁও জিলা সমিতি, হিন্দু যুৱ–ছাত্র পৰিষদৰ নগাঁও জিলা সমিতি, বটদ্রৱা আঞ্চলিক ছাত্র সন্থাকে আদি কৰি কেইবাটাও দল–সংগঠনে৷

You might also like