নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এয়া এক বেদনাদায়ক ঘটনা, দোষীক ৰেহাই দিয়া নহ’বঃ ওড়িশাৰ ৰে’ল দুৰ্ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী

বিশেষ বাৰ্তা, ৩ জুনঃ ওড়িশাৰ বালাচোৰত তিনিখন ৰে’লৰ ভয়াৱহ সংঘৰ্ষৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। তেওঁ কয় যে সমগ্ৰ দেশৰ সহানুভূতি এই সময়ত আপোনজনক হেৰুৱাই শোকসাগৰত পৰা পৰিয়ালসমূহৰ প্ৰতি আছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়- “ওড়িশাৰ ট্ৰেজেডীৰ স্থান পৰিদৰ্শন কৰিলোঁ। এই দুখ শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।” তেওঁ আৰু কয় যে বহু ৰাজ্যৰ যাত্ৰীসকলে এই যাত্ৰাত কিবা নহয় কিবা হেৰুৱাইছে। এইটো এটা অতি বেদনাদায়ক ঘটনা, যিয়ে মন বিচলিত কৰে। এই ঘটনাৰ তদন্ত হ’ব, কোনো দোষী সাব্যস্ত হ’লে ৰেহাই দিয়া নহ’ব। ইয়াৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মোদীয়ে আহতসকলক সহায় কৰাসকলকো ধন্যবাদ জ্ঞাপন কৰে। তদুপৰি ৰে’লৱেই ৰে’লপথ পুনৰুদ্ধাৰৰ দিশত কাম কৰি আছে বুলি কয়।

You might also like