নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বেয়াৰ বজাৰত খহনীয়া অব্যাহত, ছেনছেক্স ১০০০ পইণ্ট নিম্নগামীঃ এলআইচিৰ শ্বেয়াৰত পতন

নিয়মীয়া বাৰ্তা, ১১ জুনঃ দেশীয় শ্বেয়াৰ বজাৰত পতন অব্যাহত আছে৷ বিএছই ছেনছেক্স আৰু এনএছই নিফ্টিৰ শ্বেয়াৰ বজাৰ বিগত তিনি দিন ধৰি নিম্নগামী হৈ আছে৷ আজিও বজাৰ আৰম্ভ হোৱাৰ লগে লগে ছেনছেক্স আৰু নিফ্টিৰ বজাৰ নিম্নগামী হ’বলৈ ধৰে৷ বিএছই ছেনছেক্স ১০১৬ পইণ্ট তথা ১.৮৪ শতাংশ নিম্নগামী হৈ ৫৪৩০৩ত বজাৰ সামৰণি পৰে৷ ঠিক তেনেদৰে এনএছই নিফ্টি ২৭৬ পইণ্ট তথা ১.৬ শতাংশ নিম্নগামী হৈ ১৬,২০১ত বজাৰ সামৰণি পৰে৷ আজি বিএছই ছেনছেক্সত লোকচানৰ সন্মুখীন হৈছে আইটি, টেকন’ল’জী, বেংক, বিত্ত, তেল আৰু গেছ৷ এইকেইটা খণ্ডত আজি শ্বেয়াৰ বজাৰত ২.০৯ শতাংশ লোকচান হৈছে৷ অৱশ্যে টেলিকমৰ সামান্য বজাৰ উন্নত হৈছে৷ ছেনছেক্সৰ লোকচানৰ সন্মুখীন হোৱা বেংকিং খণ্ডৰ ভিতৰত প্রায় ৪ শতাংশ লোকচানৰ সন্মুখীন হৈছে কোটাক বেংক৷ ইয়াৰ পাছতেই বাজাজ ফাইনেঞ্চ, এইচডিএফচি, ৰিলায়েঞ্চ ইণ্ডাষ্ট্রিজ, উইপ্র’, ইনফ’চিচ, টেক মহিন্দ্র, টাটা ষ্টীল আৰু টিএইচএছ৷ আনপিনে, এছিয়ান বেংক, আল্ট্রা টেক চিমেণ্ট, ড০ ৰেড্ডিজ, টাইটান আৰু ইণ্ডাছইণ্ড বেংক লাভৱান্বিত হৈছে৷ লক্ষণীয় যে শ্বেয়াৰ বজাৰত প্রৱেশৰ এমাহ নৌহওঁতেই ভাৰতীয় জীৱন বীমা নিগম, চমুকৈ এলআইচিয়ে বিগত ৯ দিন ধৰি শ্বেয়াৰ বজাৰত লোকচানৰ সন্মুখীন হৈ আছে৷ কালি এলআইচিৰ শ্বেয়াৰৰ সর্বাধিক পতন ঘটাৰ পাছত আজি পুনৰ এলআইচিৰ শ্বেয়াৰৰ পতন হয়৷ তথ্য মতে, এলআইচিৰ প্রতিটো শ্বেয়াৰৰ মূল্য ৭১০ টকালৈ নিম্নগামী হোৱাত এলআইচিৰ ষ্টক ১.৬২ শতাংশলৈ হ্রাস পাইছে৷ বিগত ৯ দিন ধৰি একেৰাহে এলআইচিৰ শ্বেয়াৰৰ মূল্য নিম্নগামী হৈ থকাত এলআইচিৰ শ্বেয়াৰ বজাৰলৈ অহাৰ মাহৰ ভিতৰতে ৩৪ শতাংশ নির্ধাৰিত মূল্যতকৈ শ্বেয়াৰৰ মূল্য হ্রাস পাইছে৷ আৰম্ভণিতে এলআইচিৰ শ্বেয়াৰৰ মূল্য ৯৪৯ টকা নির্ধাৰিত কৰা হৈছিল আৰু এলআইচিৰ বজাৰ মূল্য ৬ লাখ কোটি টকা হৈছিল৷ বিগত ৯ দিন ধৰি শ্বেয়াৰৰ পতন ঘটাত এতিয়া এলআইচিৰ বজাৰ মূল্য হৈছে ৪.৫২ কোটি টকা৷ তথ্য মতে, এলআইচিৰ বিনিয়োগকাৰীয়ে ১.৪৩ লাখ কোটি টকা লোকচানৰ সন্মুখীন হৈছে৷ উল্লেখ্য যে যোৱা ১৭ মে’ত এলআইচিৰ শ্বেয়াৰ বিএছই আৰু এনএছইত তালিকাভুক্ত কৰি ক্রমে ৮ শতাংশ ৰেহাইৰে উচ্চ মূল্য ৯৪৯ টকা নির্ধাৰণ কৰাৰ লগতে এনএছইত ৮৭২ টকা নির্ধাৰণ কৰা হৈছিল৷ কিন্তু বজাৰত প্রৱেশৰ দিনা বিএছইত এলআইচিৰ শ্বেয়াৰ ৮৬৭ টকাত বিক্রী হৈছিল৷ প্রথম অৱস্থাত এই শ্বেয়াৰ ঊর্ধ্বগামী হৈছিল যদিও পাছলৈ পতন আৰম্ভ হয়৷ অর্থাৎ প্রাৰম্ভিক নির্ধাৰিত ৯৪৯ টকাৰ বিপৰীতে এতিয়া এলআইচিৰ আইপি’ৰ মূল্য ৭১০ টকা৷ ইপিনে, মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্যৰ নিম্নগামিতা অব্যাহত আছে৷ কালি মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্যই নতুন অভিলেখেৰে সর্বাধিক সর্বনিম্ন হোৱাৰ পাছত আজি টকাৰ মূল্য হ্রাসৰ নতুন অভিলেখ হয়৷ প্রতি মার্কিন ডলাৰৰ বিপৰীতে আজি ভাৰতীয় মুদ্রাৰ মূল্য ৭৭.৮৫ টকা হৈছে৷ অর্থাৎ কালিৰ তুলনাত ১ ডলাৰৰ ভাৰতীয় মুদ্রাৰ মূল্য ১১ পইচা নিম্নগামী হৈছে৷

You might also like