নিয়মীয়া বার্তা, কমলপুৰ, ২৭ নৱেম্বৰ : কামৰূপ জিলাৰ কমলপুৰৰ এগৰাকী অসমীয়া যুৱকৰ সোণসেৰীয়া যাত্রাই বছৰটোৰ শেষভাগত অসমীয়া জাতিক গৌৰৱান্বিত কৰি তুলিছে৷ দুখনকৈ ৰে’ল ক্রয় কৰাৰ সকলো যাৱতীয় কার্য সম্পাদন কৰি কমলপুৰৰ যুৱ ব্যৱসায়ী কনক ডেকাই চমক সৃষ্টি কৰিছে ৷ সমান্তৰালভাৱে যুৱ ব্যৱসায়ীগৰাকীয়ে নিজ ব্যৱসায়িক ক্ষেত্রলৈ ৰে’ল কৰিড’ৰ নির্মাণ কৰিছে৷ ব্যক্তিগত ব্যৱসায়িক ক্ষেত্রলৈ ৰে’ল কৰিড’ৰ নির্মাণ কৰা এয়া উত্তৰ–পূবৰ ভিতৰতে প্রথম বুলি চিহ্ণিত হৈছে৷ ইতিমধ্যে ভাৰতীয় ৰে’ল মানচিত্রত কনক ডেকাৰ ব্যক্তিগত ৰে’লৱে ষ্টেচনৰ নাম সংযোজন হৈছে৷ ৰে’ল মানচিত্রত বিআৰজিবি নামেৰে ষ্টেচন কোড লাভ কৰিছে যুৱ ব্যৱসায়ীগৰাকীয়ে৷
উল্লেখ্য যে প্রধানমন্ত্রী গতিশক্তি আঁচনিৰ অধীনত এই প্রকল্প নির্মাণ কৰা হৈছে৷ তিনিশ বিঘা ভূমিত নির্মাণ কৰা এই প্রকল্পত প্রায় এহেজাৰ যুৱক-যুৱতীয়ে কর্মসংস্থাপন লাভ কৰিব বুলি কনক ডেকাই সদৰী কৰে৷ ২৪৫ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰা এই প্রকল্পত টাটা, মহেন্দ্রা, সোনালিকা, হিন্দুস্তান ইউনিলিভাৰকে ধৰি ভালেসংখ্যক বহুজাতিক প্রতিষ্ঠানে ল’জিষ্টিক সেৱা গ্রহণ কৰিব৷ বহিঃৰাজ্যৰ পৰা গাড়ীকে ধৰি অন্যান্য সামগ্রী ৰে’লযোগে আহি কনক ডেকাৰ এই ৰে’ল টার্মিনেলত আনলোডিং হোৱাৰ লগতে এই প্রকল্পস্থলীতে থকা ৱেৰ হাউছত মজুত কৰাৰ সুযোগ লাভ কৰিব৷ এডভাণ্টেজ অসম ২.০ত স্বাক্ষৰিত কৰা প্রায় ৫০০ কোটি টকাৰ চুক্তিমর্মে অসমীয়া যুৱ ব্যৱসায়ী কনক ডেকাই এহ প্রকল্প স্থাপন কৰে৷
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আধাৰশিলা স্থাপন কৰা প্রকল্পটোৰ নির্মাণকার্য সম্পূর্ণ হৈ উঠিছে৷ শীঘ্রেই মুখ্যমন্ত্রীগৰাকীয়ে ব্যৱসায়িক হাবটো মুকলি কৰিব বুলি কনক ডেকাই জানিবলৈ দিয়ে৷